অৱহেলা অনিয়মৰ গ্ৰাসত শিৱ সিংহৰ দিনত প্ৰতিষ্ঠিত শ্ৰীশ্ৰী বালিকুছি সত্ৰঃ অসম দৰ্পনৰ পুঁজি অপ-ব্যৱহাৰৰ অভিযোগ

অৱহেলা অনিয়মৰ গ্ৰাসত শিৱ সিংহৰ দিনত প্ৰতিষ্ঠিত  শ্ৰীশ্ৰী বালিকুছি সত্ৰঃ অসম দৰ্পনৰ পুঁজি অপ-ব্যৱহাৰৰ অভিযোগ

ডিজিটেল সংবাদ,বাইহাটা চাৰিআলিঃ আহোম স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্ব কালত অৰ্থাৎ ১৭৪১ খ্ৰীষ্টাব্দত স্থাপন হোৱা উত্তৰ কামৰূপৰ অন্যতম সত্ৰখন ইতিহাস বিজৰিত এখন সৰ্বজনবিদিত সত্ৰ ৷ কামৰূপ জিলাৰ উত্তৰ অঞ্চলৰ পাতিদৰং মৌজাৰ আওঁতাত পৰা এই সত্ৰখন জিলাখনৰ পুৱ প্ৰান্তৰ বৰনদীৰ পাৰত অৱস্থিত ৷

এই সত্ৰখনৰ লগত সংগতি ৰাখি বছৰটোৰ প্ৰতিটো মাঘ মাহৰ অমৱস্যা তিথিত তিনি-চাৰিদিন ধৰি বৰ্নাঢ্য কাৰ্যসূচীৰে "বালিকুছি সভা" অনুস্থিত হৈ আহিছে যুগ যুগ ধৰি ৷ দীৰ্ঘদিনৰে পৰা মুল সত্ৰখন পৰিচালনা কৰাৰ বাবে আছে এখন পৰিচালনা সমিটি য'ত সভাপতি-সম্পাদক তথা কাৰ্যকৰী সদস্যৰ লগতে সোতৰগৰাকী আজীৱন সদস্য আৰু অঞ্চলৰ বহু বিজ্ঞ লোক আছে সত্ৰখনৰ শুভাকাংক্ষী হিচাপে ৷ সত্ৰখনৰ সভাপতি সিদ্ধিৰাম ডেকা আৰু সম্পাদক ৰমেন ডেকাই আজি উত্থাপন কৰা অভিযোগ অনুসৰি, পূৰ্বতে সত্ৰখনৰ নামত এক ঢোল মাটি ( এক ঢোলত এশ বিশ বিঘা) আছিল যদিওঁ ইতিমধ্যে বে-দখলকাৰীৰ কবলত পৰি সত্ৰখনৰ মাটিৰ সিংহ ভাগেই নোহোৱা হৈ গৈ আজিৰ তাৰিখত মাত্ৰ ৩৩ বিঘাহে আছে ৷ তদুপৰি টিন পাতৰ চালি তথা ধালাই কৰা পোষ্টৰ দ্বাৰা একেবাৰে সাধাৰণ অৱস্থাত সত্ৰখনৰ মূলঘৰটো ঠিয় হৈ আছে বছৰৰ পিছত বছৰ ধৰি ৷

এখন ঐতিহ্যমন্দিত সত্ৰ হিচাবে সত্ৰখনৰ মূল গৃহটো নতুনকৈ নিৰ্মাণ কৰাটো অত্যন্ত জৰুৰী বুলিয়েই বিবেচনা কৰি চৰকাৰৰ ওচৰত আৰ্থিক সাহায্যৰ বাবে একাধিকবাৰ আবেদন কৰি অহা হৈছে যদিও কোনো এখন চৰকাৰে পূৰ্বতে সত্ৰখনৰ উন্নয়নৰ বাবে বিশেষ গুৰুত্ব দিয়া নাছিল বুলি প্ৰকাশ কৰে সত্ৰখনৰ বিষয়ববীয়াৰ ৷

শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ "অসম দৰ্শন" শিতানযোগে সত্ৰখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে দহ লাখ টকাৰ অনুমোদন দিয়া হৈছে যদিও উক্ত ধনৰাশি সত্ৰখনৰ মুলগৃহটোৰ উন্নয়নৰ বাবে ব্যয় কৰাৰ সলনি সত্ৰখনৰ লগত সংগতি ৰাখি প্ৰত্যেক বছৰে আয়োজন কৰি অহা 'বালিকুছি সভাৰ ৰভাঘৰ" এটাৰ নিৰ্মানৰ বাবেহে এটা চক্ৰই উঠি পৰি লাগিছে বুলি অভিযোগ উত্থাপন কৰিছে সত্ৰ পৰিচালনা সমিটিয়ে ৷

অভিযোগ অনুসৰি বালিকুছি সভা পৰিচালনা সমিটিয়ে সভাৰ মূলগৃহটো ভাগি-চিগি নতুনকৈ উক্ত গৃহ নিৰ্মানৰ বাবেহে উঠি পৰি লাগিছে ৷ প্ৰসঙ্গত উল্লেখ্য যে, সত্ৰখনৰ লগত সংগতি ৰাখি প্ৰত্যেক বছৰে মাঘ মাহত আয়োজন কৰা 'বালিকুছি সভা'খন পৰিচালনা কৰাৰ বাবে স্থানীয় ৰাইজৰ দ্বাৰা দুবছৰ বা তিনিবছৰৰ বাবে এখন পৰিচালনা সমিতি গঠন কৰি লোৱা হয় ৷

উক্ত পৰিচালনা সমিটিৰ দ্বাৰা সভাখনৰ সময়চোৱাত কি কি কাৰ্যসুচী গ্ৰহন কৰা হ'ব, আমন্ত্ৰিত অতিথি কিমানজন হ'ব , সভাখনৰ দিনকেইটাত কেনেকৈ বৰঙনি তোলা হ'ব উক্ত বিষয়বোৰ পৰিচালনা সমিটিয়ে নিৰ্ধাৰণ কৰে ৷ কিন্তু সত্ৰখনৰ মূল গৃহটো জহি-খহি যোৱাৰ বিষয়টো গুৰত্ব নিদি চৰকাৰে দিয়া বৃহৎ ধনৰাশিৰে সত্ৰখনৰ পৰা প্ৰায় ৫০০ফুট দুৰত্বত অৱস্থিত সভাখন অনুস্থিত হোৱা স্থানৰ 'ৰভাঘৰ' এটা নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা বিষয়টোত স্তম্ভিত পৰিছে সুধী সমাজ তথা সত্ৰ পৰিচালনা সমিটি ৷

জানিব পৰা মতে, বৰ্তমানৰ 'বালিকুছি সভা পৰিচালনা সমিটি'ৰ বৰ্তমানৰ সভাপতি হৰেশ্বৰ কলিতা আৰু সম্পাদক দিগন্ত ডেকাই সভাথলীত ইতিপুৰ্বে সুন্দৰকৈ কেইবা লক্ষ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা সুন্দৰ ৰভাগৃহটো ভাগি চিগি নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা বিষয়টোত ঘোৰ বিৰোধিতা কৰি আজি সত্ৰ পৰিচালনা সমিটিয়ে কামৰূপ জিলাৰ উপায়ুক্ত কৈলাস কাৰ্তিক তথা জিলা উন্নয়ন আয়ুক্ত টংকেশ্বৰ দাসৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে ৷

উক্ত ধনৰাশি যাতে সত্ৰখনৰ বাহিৰে অন্য কোনো কামতে ব্যাৱহাৰ কৰা নহয় তাৰ বাবে দাবী জনাইছে বিভাগীয় কৰ্তৃপক্ষক ৷ অসম সত্ৰ মহাসভাৰ অধীনত পঞ্জীয়নভুক্ত শ্ৰীশ্ৰী বালিকুছি সত্ৰখনৰ উন্নয়নত যাতে উক্ত ধনৰাশি ব্যাৱহাৰ কৰা হয় তাৰ বাবে এক তদন্ত কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহন কৰাৰ বাবে দাবী জনাইছে সচেতনমহলে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in