বালাকোটত এয়াৰ ষ্ট্ৰাইক চলোৱা ভাৰতীয় বায়ু সেনাৰ বৈমানিকে কি ক’লে…

বালাকোটত এয়াৰ ষ্ট্ৰাইক চলোৱা ভাৰতীয় বায়ু সেনাৰ বৈমানিকে কি ক’লে…

ডিজিটেল ডেস্কঃ ২০১৯ৰ ফেব্ৰুৱাৰীত পাকিস্তানৰ বালাকোটৰ সমীপত জেইছ-ই-মহম্মদৰ সন্ত্ৰাসাদী শিবিৰত এয়াৰ ষ্ট্ৰাইক চলোৱা ভাৰতীয় বায়ু সেনাৰ এজন বৈমানিকৰ এজনে সোমবাৰে কয় যে- 'আমি এয়াৰ ষ্ট্ৰাইকৰ পূৰ্বে বহুত চিগাৰেট হুপিছিলো।' ৰাষ্ট্ৰীয় সংবাদমাধ্যমত উল্লেখ কৰা অনুসৰি লগতে বৈমানিকগৰাকীয়ে কয়- 'আমাৰ মিছন সন্দৰ্ভত জানিবলৈ পোৱা পাছতেই মানসিকভাৱে নিজকে সাজু কৰিছিলো।'

ইফালে, মিৰাজ ২০০০ যুঁজাৰু বিমানৰ এজন বৈমানিকে ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ আগতএয়াৰ ষ্ট্ৰাইকত নিজৰ ভূমিকা সন্দৰ্ভত জনায়। ১৯৭১চনৰ যুদ্ধৰ পাছত পাকিস্তানৰসীমান্ত প্ৰৱেশ কৰি নিৰ্ধাৰিত লক্ষ্যত ভাৰতীয় বায়ু সেনাৰ এয়া প্ৰথম আক্ৰমণ আছিল।

জানিব পৰা মতে, অৱশ্যে বৈমানিকজনে নিজৰ পৰিচয় ৰাজহুৱা নকৰিবলৈ অনুৰোধ জনায়।লগতে আন এজন বৈমানিকে কয়- 'প্ৰায় আঢ়ৈ ঘণ্টা সময় এয়াৰ ষ্ট্ৰাইক চলিছিল।' লগতে জনায়যে, দুয়োগৰাকী বৈমানিকে এয়াৰ ষ্ট্ৰাইকৰ সময়ত স্পাইছ ২০০০ ছেটেলাইট গাইডেড বোমানিক্ষেপ কৰিছিল।

যোৱা ২৬ ফেব্ৰুৱাৰীত ভাৰতীয় বায়ু সেনাই ১২খন মিৰাজ ২০০০ যুঁজাৰু বিমানেৰে বায়ু সেনাই আক্ৰমণ চলাইছিল। স্পাইছ ২০০০ বোমাটো লক্ষ্যৰ ভিতৰলৈ সোমাই যাবলৈ সক্ষম। নিৰ্ধাৰিত লক্ষ্য ধ্বংস কৰাৰ পাছত তাৰ এক ভিডিঅ' পঠিয়াবলৈ সক্ষম এই বোমা। লগতে জানিবলৈ দিয়ে যে, ভাৰতীয় বায়ু সেনাই লাভ কৰিছে এটা ভিডিঅ'।

উল্লেখ্য যে, ১৪ ফেব্ৰুৱাৰীত পুলৱামাত সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণত চিআৰপিএফৰপ্ৰায় ৪০জনকৈ জোৱান শ্বহীদ হৈছিল। আৰু তাৰপাছতেই ভাৰতীয় বায়ু সেনাই চলাইছিলপাকিস্তানত থকা জেইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদী শিবিৰত এয়াৰ ষ্ট্ৰাইক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in