উইং কমাণ্ডাৰ অভিনন্দন বৰ্থমান আৰু স্কোৱাড্ৰন লীডাৰ মিনতি আগৰৱাললৈ বায়ু সেনাৰ এই সন্মান…

উইং কমাণ্ডাৰ অভিনন্দন বৰ্থমান আৰু স্কোৱাড্ৰন লীডাৰ মিনতি আগৰৱাললৈ বায়ু সেনাৰ এই সন্মান…

ডিজিটেল ডেস্কঃ বালাকোট এয়াৰ ষ্ট্ৰাইকৰ হিৰ' উইং কমাণ্ডাৰ অভিনন্দন বৰ্থমানে পাক যুঁজাৰু বিমান ধ্বংস কৰি দেখুওৱা সাহসিকতাৰ বাবে ভাৰতীয় বায়ু সেনাই তেওঁক প্ৰশস্তি পত্ৰ প্ৰদান কৰি সন্মানিত কৰিব। ৫১ স্কৱাড্ৰনৰ বৰ্তমানৰ বায়ুসেনা অধ্যক্ষ আৰ কে এছ ভদৌৰীয়াই এই কথা সদৰী কৰি কয় যে ২৭ ফ্ৰেব্ৰুৱাৰীত যিদৰে উইং কমাণ্ডাৰ অভিনন্দন বৰ্থমানে পাকিস্তানৰ এফ-১৬ বিমান ভূপতিত কৰিছিল, সেয়া তেওঁৰ অদম্য সাহসৰ বাবেই সম্ভৱ হৈছিল। অন্যহাতে বায়ু সেনাৰ তৰফৰ পৰা উইং কমাণ্ডাৰ অভিনন্দন বৰ্থমানক প্ৰদান কৰিবলগা সন্মান তেওঁৰ হৈ গ্ৰহণ কৰিব কমাণ্ডিক অফিছাৰ গ্ৰুপ কেপ্টেইন সতীশ পৱাৰে।

তদুপৰি মিৰাজ ২০০০ যুঁজাৰু বিমানেৰে ২৬ ফেব্ৰুৱাৰীত 'অপাৰেশ্যন বন্দৰ' অধীনত বালাকোট এয়াৰ ষ্ট্ৰাইক চলোৱা বায়ু সেনাৰ ৯ স্কৱাড্ৰনৰ কমাণ্ডাৰকো সন্মানিত কৰিব বায়ু সেনাই। ইয়াৰ লগতে বালাকোট এয়াৰ ষ্ট্ৰাইকত আগবঢ়োৱা অবদান আৰু ২৭ ফেব্ৰুৱাৰীত পাকিস্তানৰ আকাশী আক্ৰমণ বিফল কৰাত আগবঢ়োৱা সহযোগিতাৰ বাবে ৬০১ চিগনেল ইউনিটৰ কমাণ্ডাৰ মিনতি আগৰৱালকো প্ৰশস্তি পত্ৰ প্ৰদান কৰি সন্মানিত কৰিব বায়ু সেনাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in