বালাজান তিনালী ব্যৱসায়িক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন…

বালাজান তিনালী ব্যৱসায়িক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন…

ডিজিটেল সংবাদ, কোকৰাঝাৰ: কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ বালাজান তিনালীত দেওবাৰে বালাজান তিনালী ব্যৱসায়িক সন্থাৰ প্ৰথম প্ৰতিষ্ঠা দিৱস অনুষ্টুপীয়াকৈ পালন কৰা হয় । সম্পূৰ্ণ কোভিড প্ৰট'ক'ল মানি লৈ বালাজান তিনালীত ৰাতিপুৱা ৮:৩০ বজাত সন্থাৰ পতাকা উত্তোলন কৰে বালাজান তিনালী ব্যৱসায়িক সন্থাৰ সভাপতি ধনঞ্জয় নাথে ।

মাথোঁ পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ আনুষ্ঠানিকতা সম্পন্ন কৰা উক্ত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰি সন্থাৰ সভাপতি ধনঞ্জয় নাথে ব্যৱসায়ীসকলে বৰ্তমানে ভূগি অহা বিভিন্ন সমস্যাৰ বিষয়ে আলোকপাত কৰি কোভিডত্তোৰ কাল শেষ হোৱাৰ পিছতে ব্যৱসায়ীসকল সাময়িক সকাহ পাব বুলি আশা প্ৰকাশ কৰে ।

চৰকাৰে ব্যৱসায়ীসকলৰ সমস্যাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰি সকাহ দিয়াৰ ব্যৱস্থা কৰিবলৈও চৰকাৰৰ প্ৰতি আহ্বান জনাইছে । বালাজান ব্যৱসায়িক সন্থাৰ সাধাৰণ সম্পাদক দৰবিন্দ্ৰ বসুমতাৰীয়ে আঁত ধৰা প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত সন্থাৰ উপদেষ্ঠাক্ৰমে সুকুৰাম দৈমাৰী , দধিৰাম নাৰ্জাৰীকে ধৰি বালাজান তিনালীৰ ব্যৱসায়ীসকলে অংশগ্ৰহণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in