বাক্সাৰ শালবাৰীত ঘৰৰ খিৰিকী ভাঙি চাৰিজনীয়া যুৱকৰ দ্বাৰা বোৱাৰী অপহৰণ, প্ৰায় এমাহে সন্ধান নাই ন বোৱাৰীৰ

বাক্সাৰ শালবাৰীত ঘৰৰ খিৰিকী ভাঙি চাৰিজনীয়া যুৱকৰ দ্বাৰা বোৱাৰী অপহৰণ, প্ৰায় এমাহে সন্ধান নাই ন বোৱাৰীৰ

ডিজিটেল সংবাদ, শালবাৰীঃ এক চাঞ্চল্যকৰ অপহৰণ কাণ্ড৷ ঘৰৰ খিৰিকী ভাঙি চাৰিজনীয়া যুৱকৰ দ্বাৰা ন বোৱাৰীক অপহৰণ৷ প্ৰায় এমাহ পূৰ্বে সংঘটিত এই অপহৰণ কাণ্ডত জড়িত বোৱাৰী গৰাকীৰ আজি পৰ্যন্ত সন্ধান নাই৷ তাৰ বিপৰীতে অপহৰণকাৰী চাৰি যুৱক আজিও মুক্ত আকাশৰ তলত টিঘিলঘিলাই ঘুৰি আছে৷ ঘটনাটো বাক্সাৰ শালবাৰীৰ৷

পৰিয়ালৰ লোকৰ অভিযোগ মতে বোৱাৰী গৰাকীক এই চাৰি যুৱকে হয় হত্যা কৰিছে নতুবা ক'ৰবাত দুষ্ট চক্ৰৰ হাতত বিক্ৰী কৰি আহিছে৷ আৰু এই সমষ্ট ঘটনাত আৰক্ষীয়ে অপহৰণকাৰী যুৱক কেইজনৰ লগত মোটা অংকৰ ধনৰ বিনিময় কৰাৰ চাঞ্চল্যকৰ অভিযোগ আনিছে ন বোৱাৰী গৰাকীৰ স্বামী পৰিয়ালৰ লগতে পিতৃ পৰিয়ালে৷ ঘটনাৰ বিৱৰণী মতে, বাক্সা জিলাৰ শালবাৰীৰ গোৱৰ্দ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত জেংৰেংপাৰা গাঁৱৰ চিআৰপিএফ বাহিনীত কৰ্মৰত যুৱক সুজিত নাথে আজিৰপৰা প্ৰায় দুবছৰ পূৰ্বে শালবাৰী থানাৰ অন্তৰ্গত মছলাবাৰী গাঁৱৰ মৃগেন দাসৰ কন্যা ৰিংকু দাস(২৫)ক আদালতত পঞ্জীয়ন যোগে বিবাহ কৰাইছিল৷

এই দুবছৰৰ প্ৰায়খিনি সময় স্বামী সুজিত নাথ চাকৰিসূত্ৰে ৰাজ্যৰ বাহিৰত থাকিবলগা হোৱাত বোৱাৰী ৰিংকুৱে বেছিভাগ সময় নিজ পিতৃগৃহত অতিবাহিত কৰি আহিছিল৷ কিন্তু প্ৰায় দেৰ মাহ পূৰ্বে ১৫ দিনৰ বাবে সুজিত নাথ ছুটিত ঘৰলৈ আহে আৰু ৰিংকুক নিজ গৃহলৈ লৈ যায়৷ পৰৱৰ্তী সময়ত ছুটি শেষ কৰি জন্মু কাশ্মীৰলৈ গুচি যায় সুজিত৷ তাৰ পিছতেই সংঘটিত হয় ঘটনাটো৷

যোৱা ২৫ মে'ৰ নিশা প্ৰায় ১২ বজাত ঘৰৰ খিৰিকী ভাঙি শালবাৰী থানাৰ অন্তৰ্গত আওঁহাটা গাঁৱৰ মানৱ বৰ্মন, নৱদ্বীপ নাথ, ধৰণী মেধি আৰু হৰে নাথ নামৰ যুৱক চাৰিজনে বলপূৰ্বক উঠাই লৈ যায় বোৱাৰী ৰিংকু দাসক৷ প্ৰায় এমাহ পূৰ্বে সংঘটিত এই চাঞ্চল্যকৰ ঘটনাটোত জড়িত যুৱক চাৰিজনৰ বিৰুদ্ধে দুই পৰিয়ালে ইতিমধ্যে গোৱৰ্দ্ধনা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আজিও আৰক্ষী তথা ৰাইজৰ সমুখত মুকলিমূৰীয়াকৈ ঘুৰি ফুৰিছে অপহৰণকাৰী যুৱক কেইজনে৷

অভিযোগ মতে গোৱৰ্দ্ধনা আৰক্ষীৰ লগত হোৱা মোটা অংকৰ ধনৰ বিনিময়ৰ বাবে পৰিয়ালৰ লোকে আজিও সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৰিংকুৰ৷ পৰিয়ালৰ অভিযোগ-এই যুৱককেইজনে মিলি দুষ্ট চক্ৰৰ হাতত বিক্ৰী কৰিছে কিম্বা হত্যা কৰিছে ৰিংকু দাসক৷ ঘটনাৰ প্ৰায় এমাহ কাল উকলি যোৱা স্বত্বেও গোৱৰ্দ্ধনা আৰক্ষীয়ে বোৱাৰী গৰাকীৰ সন্ধান উলিওৱাত ব্যৰ্থ হোৱাৰ লগতে অপহৰণকাৰী যুৱক কেইজনক মুকলিমূৰীয়াকৈ ঘুৰি থকা স্বত্বেও আটক নকৰা কাৰ্য্যত ক্ষোভ প্ৰকাশ কৰি অসম আৰক্ষীৰ শীৰ্ষ মহলক এইক্ষেত্ৰত উচিত ব্যৱস্থা ল'বলৈ পৰিয়ালৰ লোকে আহ্বান জনায়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in