মন্ত্ৰিত্বৰ দ্বায়িত্ব লৈয়ে বাক্সাত কোভিড পৰিস্থিতিৰ বুজ ল’লে উৰ্খা গৌৰা ব্ৰহ্মই…

মন্ত্ৰিত্বৰ দ্বায়িত্ব লৈয়ে বাক্সাত কোভিড পৰিস্থিতিৰ বুজ ল’লে উৰ্খা গৌৰা ব্ৰহ্মই…

ডিজিটেল সংবাদ, বাক্সা: মন্ত্ৰিত্বৰ দ্বায়িত্ব লৈয়ে ৰাজ্যৰ হস্ততাত, বস্ত্ৰ আৰু ভূমি সংৰক্ষণ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই বাক্সা জিলাৰ কোভিড পৰিস্থিতিৰ বুজ লোৱাৰ বাবে বুধবাৰে বাক্সা জিলাৰ মুছলপুৰত উপস্থিত হয়৷ পাছত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভা গৃহত এক গুৰুত্বপূৰ্ণ সভাত মিলিত হয়৷ বাক্সা জিলা উপায়ুক্ত ৰঞ্জন শৰ্মাৰ সঞ্চালনাত উক্ত সভাত সাম্প্ৰতিক কোভিড পৰিস্থিতি সম্পৰ্কে আলোচনা কৰে৷

সভাৰ অন্তত মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰে হোৱা এক সাক্ষাতকাৰত ৰাজ্যৰ অন্যান্য ঠাইৰ তুলনাত বাক্সা জিলাত কভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যথেষ্ট সুবিধাজনক স্থিতিত থকা বুলি উল্লেখ কৰে৷ মন্ত্ৰী গৰাকীয়ে জিলাখনৰ তামুলপুৰ অঞ্চলত কোভিডৰ প্ৰকোপ বেছি বুলি উল্লেখ কৰি কোভিড নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰে ৷

আনহাতে, জিলা সদৰস্থ মুছলপুৰ ডা: ৰবি বড়ো চিকিৎসালয়ত আই চি ইউ এতিয়াও কাৰ্যক্ষম হৈ নুঠা বুলি সাংবাদিকে কৰা প্ৰশ্ন উত্তৰত তেওঁ শীঘ্ৰে ইয়াৰ যথা যথ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে ৷ বিশিষ্ট সাহিত্যক তথা বুদ্ধিজীৱী হোমেন বৰগোহাঞিৰ মৃত্যুত মন্ত্ৰী ব্ৰহ্মই গভীৰ শোক প্ৰকাশ কৰে ৷ তেওঁ প্ৰয়াত হোমেন বৰগোহাঞিয়ি চিন্তা আৰু অৱদান অসমবাসীৰ বুকুৰ মাজত সদায় জীয়াই ৰাখিবলৈ আহ্বান জনায় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in