বাক্সাত এছএছবি আৰু বন বিভাগৰ যুটীয়া অভিযানত জব্দ দুই লাখ টকা মূল্যৰ মূল্যবান কাঠ

বাক্সাত এছএছবি আৰু বন বিভাগৰ যুটীয়া অভিযানত জব্দ দুই লাখ টকা মূল্যৰ মূল্যবান কাঠ

ডিজিটেল সংবাদ, শালবাৰীঃ বাক্সা জিলাৰ শালবাৰী মহকুমাৰ ১ নং ককলাবাৰীত হাউলীস্থিত এছএছবিৰ ২৭ "বি" বেটেলিয়নৰ কামাণ্ডেণ্ট অভিষেক আনন্দৰ নিৰ্দেশ মৰ্মে দেওবাৰে এছএছবিৰ "জি" আৰু "ডি" কোম্পানিয়ে বন বিভাগৰ সৈতে চলোৱা এক যুটীয়া অভিযানত প্ৰায় দুই লাখ টকা মূল্যৰ মূল্যবান কাঠ জব্দ কৰিবলৈ সক্ষম হয়।

১ নং ককলাবাৰীৰ পৰা কাঠসমূহ বন বিভাগৰ ট্ৰেক্টৰেৰে উঠাই আনি এছএছবিৰ অভিযানকাৰী দলটিয়ে বন বিভাগৰ দাওঁধাৰা বিট কাৰ্যালয়ত এছএছবিৰ ২৭ নং বেটেলিয়নৰ "ডি" কোম্পানিৰ ভাৰপ্ৰাপ্ত বিষয়া পৰিদৰ্শক পুনম দেৱীয়ে শালবাৰী বন সংমণ্ডল বিষয়া আলোক পাঠকক চমজাই দিয়ে। অভিযান কালত এছএছবিৰ সহকাৰী পৰিদৰ্শক শশীভূষণ গুপ্তা, কাঞ্চন দেৱ আদি কেবা গৰাকী বিষয়াই সংগ দিয়ে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in