বাক্সাত এছ এছ বিৰ ‘বেটী বচাও বেটী পঢ়াও’ কাৰ্যসূচী ৰূপায়ন…

বাক্সাত এছ এছ বিৰ ‘বেটী বচাও বেটী পঢ়াও’ কাৰ্যসূচী ৰূপায়ন…

ডিজিটেল সংবাদ, বাক্সাঃ বাক্সা জিলাৰ শিমলাত বুধবাৰে এছ এছ বিৰ ২৭ নম্বৰ বেটেলিয়ন ই-কোম্পানীৰ লক্ষীবজাৰ কেম্পৰ উদ্যোগত আৰু ককলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত "বেটী বচাও বেটী পঢ়াও" এক কাৰ্যসূচী ৰূপায়ন কৰে।

ভাৰত চৰকাৰৰ গৃহমন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে এক ভাৰত শ্ৰেষ্ঠ ভাৰত কাৰ্যসূচীৰ অংশ হিচাপে বুধবাৰে এছ এছ বিয়ে "বেটী বচাও বেটী পঢ়াও" কাৰ্যসূচী ৰূপায়ন কৰাৰ বুলি উল্লেখ কৰি এছ এছ বি ৰ লক্ষীবজাৰ কেম্পৰ ভাৰপ্ৰাপ্ত বিষয়া উমা শংকৰ পাটলে কয়- "প্ৰতি মাহে এছ এছ বিয়ে এক ভাৰত শ্ৰেষ্ঠ ভাৰত কাৰ্যসূচী ৰূপায়ন কৰি আহিছে। একেদৰে আজিৰ এই বেটী বচাও বেটী পঢ়াও কাৰ্যসূচী ৰ জৰিয়তে সমাজৰ মাজত এই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছো যে ল'ৰা বা ছোৱালী দুয়ো সমান। সেয়েহে ল'ৰাৰ সমান মৰ্যাদাৰে ছোৱালী সকলক শিক্ষা প্ৰদান কৰি উপযুক্ত কৰি তুলিব লাগে।"

বিদ্যালয়ৰ ছাত্ৰী সকলৰ সহিতে অনুষ্ঠানত এছ এছ বিৰ পৰিদৰ্শক কে চি মজুমদাৰ, কাঞ্চন দেব, ককলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিক্ৰম কলিতাকে ধৰি কেবাগৰাকী শিক্ষক, সমাজ কৰ্মী আৰু এছ এছ বিৰ বিষয়াই অংশগ্রহণ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in