বাক্সাৰ কালপানীত তিনিদিনীয়া কাৰ্যসূচীৰে শংকৰদেৱৰ জন্মোৎসৱ পালন

বাক্সাৰ কালপানীত তিনিদিনীয়া কাৰ্যসূচীৰে শংকৰদেৱৰ জন্মোৎসৱ পালন

ডিজিটেল সংবাদ, শালবাৰীঃ বুধবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাক্সা জিলাৰ শালবাৰী মহকুমাৰ কালপানীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০ সংখ্যক জন্মোৎসৱ পালন কৰে৷ ঐক্য, শান্তি আৰু সমন্বয়ৰ বাণী লৈ গোৱৰ্ধনা মৌজা কালপানী শংকৰ সংঘৰ সৌজন্যত কালপানী বজাৰত আয়োজন কৰে শংকৰদেৱৰ জন্মোৎসৱৰ কাৰ্যসূচী।

প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে ৰাতিপুৱা উষা প্ৰসংগ, ভাগৱত পাঠ, বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা, সাংস্কৃতিক শোভাযাত্ৰাৰ ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে জি এল চি কলেজৰ অধ্যক্ষ জগন্নাথ বৰ্মনে৷

শোভাযাত্ৰাত হিন্দু-মুছলমান সকলোৱে একেলগে অংশগ্ৰহণ কৰে৷ আবেলি বৰঢুলীয়া প্ৰদৰ্শন আৰু সন্ধিয়া বন্তি প্ৰজ্বলন কৰে৷ উল্লেখ্য যে, বৃহস্পতিবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা উষা প্ৰসংগ, ভাগৱত পাঠ,বৃক্ষৰোপন,দুপৰীয়া ঘোষানাম প্ৰতিযোগিতা, আবেলি বীৰ নাম প্ৰদৰ্শন, সন্ধিয়া বন্তি প্ৰজ্বলন আৰু নিশাৰ ভাগলৈ বৰ নাম প্ৰদৰ্শন কৰা হ'ব৷

আনহাতে, শুকুৰবাৰে অৰ্থাৎ অন্তিম দিনা ৰাতিপুৱা উষা প্ৰসংগ, ভাগৱত পাঠ,স্বচ্ছ ভাৰত অভিযান আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হ'ব৷শংকৰ জন্মোৎসৱৰ প্ৰতিটো কাৰ্যসূচীতে ভক্তপ্ৰাণ ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে উৎসৱ উদযাপন সমিতিৰ সভাপতি চবেন নাথ, সম্পাদকদ্বয় কংকণ শইকীয়া আৰু হৰকুমাৰ নাথে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in