বাক্সাৰ শালবাৰীৰ কচুগাঁওত নৃশংস হত্যাকাণ্ড…

বাক্সাৰ শালবাৰীৰ কচুগাঁওত নৃশংস হত্যাকাণ্ড…

ডিজিটেল সংবাদ, শালবাৰীঃ বাক্সা জিলাৰ শালবাৰীৰ আনন্দ বজাৰ আৰক্ষী চকীৰ অন্তৰ্গত কচুগাঁওত আজি সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড৷ স্বামীয়ে ডেগাৰেৰে ডিঙি কাটি হত্যা কৰিলে পত্নীক ৷ হত্যাকাৰী স্বামীৰ নাম চানিদুল আলী ৷ ইতিমধ্যে হত্যাকাণ্ড সংঘটিত কৰিয়ে আনন্দ বজাৰ আৰক্ষী চকীত আত্মসমৰ্পণ কৰিছে হত্যাকাৰী চানিদুল আলীয়ে ৷ পাৰিবাৰিক সংঘাতৰ ফলতেই এই ঘটনা সংঘটিত হোৱা বুলি জনা গৈছে৷

জানিব পৰা মতে নিজৰেই খুড়াক ছাহজাহান আলীৰ কন্যা ছাহজাদা খাতুনক পাঁচমাহ পূৰ্বে বিয়া কৰাইছিল কচুগাঁওৰ গিয়াচ উদ্দিনৰ পুত্ৰ চানিদুলে ৷ বিয়া পতাৰ পোন্ধৰ দিন পাছতে পত্নীক ঘৰত এৰি জীৱিকাৰ বাবে হাৰিয়ানাত গুছি গৈছিল চানিদুল আলী ৷ যোৱা মাহৰ ১৮ তাৰিখে হাৰিয়ানাৰ পৰা উভতি আহি আজি পুৱাৰ ভাগত চানিদুলে সংঘটিত কৰে এই হত্যাকাণ্ড ৷

নিহত ছাহজাদা খাতুনৰ পৰিয়ালৰ অভিযোগ অনুসৰি চানিদুলে পত্নী ছাহজাদা খাতুনক যৌতুকৰ দাবী দি আহিছিল বিয়াৰ পিছৰে পৰাই আৰু যৌতুক আনিব নোৱাৰাৰ ফলতে আজি এনেদৰে হত্যা কৰে পত্নীক ৷ অভিযোগ অনুসৰি চানিদুলৰ পৰিয়ালৰ লোকো জড়িত আছে এই হত্যাকাণ্ডত৷আৰু তাৰ সন্দেহতেই আৰক্ষীয়ে 68/19, US 120B/302/34 IPC নম্বৰত গোচৰ ৰুজু কৰি আটক কৰিছে চানিদুলৰ পিতৃ গিয়াছ উদ্দিন আৰু ভাতৃ আজমত আলীকো৷

আনফালে হত্যাকাৰী চানিদুলৰ স্বীকাৰোক্তি অনুসৰি ছাহজাদা খাতুনক জোৰ-জোৱৰদস্তি কৰি বিয়া পাতি দিছিল গাঁৱৰে মাতব্বৰে চানিদুলৰ সৈতে আৰু পাৰিবাৰিক দিশত সুখী নোহোৱাৰ বাবে পত্নীক তালাক দিবলৈ বিচাৰিছিল চানিদুলে৷ অৱশ্যে আৰক্ষীৰ তদন্ততহে ওলাব কোন সঁচা কোন মিছা ৷ ইতিমধ্যে নিহত ছাহজাদা খাতুনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in