বাক্সাৰ বৰটাৰীত নৱ কুমাৰ শৰণীয়াৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ সভা…

বাক্সাৰ বৰটাৰীত নৱ কুমাৰ শৰণীয়াৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ সভা…

ডিজিটেল সংবাদ, শালবাৰীঃ অহা ২৩ এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন৷ দেওবাৰৰ অন্তিম দিনটোত ৪ সমষ্টিৰ প্ৰান্তে প্ৰান্তে নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত উঠিছে৷ ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সন্মিলিত জনগোষ্ঠীয় ঐক্যমঞ্চৰ এইবাৰৰ প্ৰক্ষেপিত প্ৰাৰ্থী সাংসদ নৱ কুমাৰ শৰণীয়াৰ সমৰ্থনত দেওবাৰে আবেলি বাক্সাৰ শালবাৰীৰ বৰটাৰীত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়৷

বৰটাৰীৰ স্থানীয় ৰাখল গোঁসাই থান প্ৰাংগণত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে উদীয়মান যুৱক জোন কলিতাই৷ অবড়ো নেতা জোন দাস, ২১ নং শালবাৰী পৰিষদীয় সমষ্টিৰ এমচিএলএ চক্ৰধৰ দাস,সংগ্ৰামী যুৱ ছাত্ৰ মঞ্চ অসমৰ নেতা গুণজিৎ পাটগিৰি,অঞ্জন তালুকদাৰ আদিয়ে সভাত অংশগ্ৰহণ কৰি বিপিএফ-ইউপিপিএলক তীব্ৰ ভাষাৰে সমালোচনা কৰি জাতি ৰক্ষাৰ স্বাৰ্থত অহা ২৩ এপ্ৰিলৰ নিৰ্বাচনত সন্মিলিত জনগোষ্ঠীয় ঐক্যমঞ্চৰ প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াৰ নিৰ্বাচনী প্ৰতীক চিহ্ন টৰ্চ লাইটৰ ছবিত ভোটদান কৰিবলৈ সকলোকে আহ্বান জনায়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in