বাক্সাৰ শালবাৰীৰ আনন্দ বজাৰত পুনৰ অগ্নিকাণ্ডৰ ঘটনা, ২ খনকৈ দোকান ভস্মীভূত…

বাক্সাৰ শালবাৰীৰ আনন্দ বজাৰত পুনৰ অগ্নিকাণ্ডৰ ঘটনা, ২ খনকৈ দোকান ভস্মীভূত…

ডিজিটেল সংবাদ, শালবাৰীঃ বাক্সা জিলাৰ শালবাৰী মহকুমাৰ আনন্দ বজাৰত আজি পুৱতিনিশা পুনৰ এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়৷ অগ্নিকাণ্ডৰ ফলত আম্ৰাট্টাৰীৰ সঞ্জীৱ তালুকদাৰ (মিঠু)ৰ ওৱাইন শ্ব'প আৰু নিৰঞ্জন পালৰ জুৱেলাৰীৰ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়৷

সঞ্জীৱ তালুকদাৰৰ ওৱাইন শ্বোপখনৰ পৰা চৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সুত্ৰপাত হয় বুলি সন্দেহ কৰা হৈছে৷ পুৱতি নিশা প্ৰায় ৩ বজাত সংঘটিত এই অগ্নিকাণ্ড বজাৰৰ আন আন দোকানলৈ বিয়পি পৰাৰ আগেয়ে স্থানীয় আনন্দ বজাৰ আৰক্ষী আৰু ৰাইজৰ সহযোগত জুই নিৰ্বাপিত কৰা হয়৷

অগ্নিকাণ্ডৰ ফলত সঞ্জীৱ তালুকদাৰৰ ওৱাইন শ্ব'পখনৰ প্ৰায় আঢ়ৈ লাখ টকাৰ আৰু নিৰঞ্জন পালৰ জুয়েলাৰী দোকানৰ প্ৰায় পাঁচ লাখ টকাৰ গহনা- পাতি জুইত জাহ যায়৷ উল্লেখ্য যে, একেখন বজাৰতে ৯ জুনৰ নিশাও সংঘটিত হৈছিল এক অগ্নিকাণ্ডৰ ঘটনা৷ জাঁহ গৈছিল গোবিন্দ ঘোষৰ দোকান আৰু বাসগৃহ৷লগতে ক্ষতি হৈছিল সুৰেশ তালুকদাৰৰ ফাৰ্ণিচাৰৰ দোকান৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in