বাক্সাৰ শালবাৰী মহকুমাৰ বিভিন্ন স্থানত ধুমুহাৰ ফলত বিস্তৰ ক্ষতি…

বাক্সাৰ শালবাৰী মহকুমাৰ বিভিন্ন স্থানত ধুমুহাৰ ফলত বিস্তৰ ক্ষতি…

ডিজিটেল সংবাদ, শালবাৰীঃ সোমবাৰে সন্ধিয়াৰ ভাগত অহা এজাক ধুমুহা-বৰষুণে বাক্সাৰ শালবাৰী মহকুমাৰ বিভিন্ন ঠাইত ক্ষতিসাধন কৰে ৷ মহকুমাটোৰ অন্তৰ্গত টকুৰাকুছি কীৰ্তনঘৰৰ দেৱালত বৃহদাকাৰ গছ উভালি পৰি ক্ষতিসাধন কৰে ৷

তদুপৰি গাঁওখনৰ কেবাটাও পৰিয়ালৰ গৃহ চৌহদত একেদৰে গছ ভাঙি ক্ষতিসাধন কৰা বুলি জানিব পৰা গৈছে ৷ ইফালে জিলাখনৰ শিমলাত ধুমুহাত উভালি পৰা বাঁহগছত খুন্দিয়াই পাঠশালাৰ দিশৰ পৰা যাত্ৰী কঢ়িয়াই নিয়া অটো এখন দুৰ্ঘটনাগ্ৰস্ত হয় ৷ দূৰ্ঘটনাত অটোখনত থকা পাঁচগৰাকী যাত্ৰী আহত হয় ৷ আহতসকলক ইতিমধ্যে জালাহ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in