প্ৰেমৰ বাবেই শৰাইঘাটৰ পৰা ব্ৰহ্মপুত্ৰত জাপ, জীৱন্তে উদ্ধাৰ হ’ল যুৱক, VIDEO

প্ৰেমৰ বাবেই শৰাইঘাটৰ পৰা ব্ৰহ্মপুত্ৰত জাপ, জীৱন্তে উদ্ধাৰ হ’ল যুৱক, VIDEO

ডিজিটেল সংবাদ, চেঙাঃ "ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে "-এই আপ্তবাক্যশাৰীকেই প্ৰমাণিত কৰি ব্ৰহ্মপুত্ৰত জপিয়াই আত্মহত্যা কৰিবলৈ লোৱা যুৱক এজনক জীৱন্তে উদ্ধাৰ কৰে বৰপেটাৰ তাৰাবাৰী আৰক্ষীয়ে। প্ৰেমজনিত কাৰণত বুধবাৰে সন্ধিয়া প্ৰায় ৭ বজাত শৰাইঘাটৰ নতুন দলঙৰ পৰা আত্মহত্যা কৰাৰ উদ্দেশ্যে জাঁপ দিছিল যুৱকজনে। যুৱকজন বাক্সা জিলাৰ তামুলপুৰ থানাৰ অন্তৰ্গত ধুলাবৰী চালনপাৰা গাঁৱৰ প্ৰয়াত অক্ষয় স্বৰ্গীয়াৰীৰ পুত্ৰ লক্ষ্মণ স্বৰ্গীয়াৰী(৩১)বুলি জানিব পৰা গৈছে।

যুৱকজনে দলঙৰ ওপৰত বাইক, হেলমেট আৰু ম'বাইল থৈ জাঁপ দিছিল ব্ৰহ্মপুত্ৰত। জাঁপ দিয়াৰ পিছত কিছু সময় উটি আহি সৌভাগ্যক্ৰমে মেটেকা আৰু কলগছত লাগি ধৰে।

তাৰ পিছত প্ৰাণৰ মমতাত যুৱকজনে ধামাপাৰা চৰত এখন ভটভটি দেখি চিঞৰাৰ বাবে নাৱৰীয়া কালাচান আলীয়ে যুৱকজনক পানীৰ পৰা তুলি ভটভটিত বহৰিলৈ লৈ আহে।

খবৰ পোৱা মাত্ৰেই তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাসৰ তৎপৰতাত সহঃ উপ পৰিদৰ্শক অনিল কুমাৰ পাঠকে সংগীসহ গৈ বহৰি পাৰঘাটৰ পৰা যুৱকজনক উদ্ধাৰ কৰি ততাতয়াকৈ ১০৮ এম্বুলেঞ্চেৰে চিকিৎসালয়লৈ নিয়ে।

যুৱকজনৰ পৰিয়ালৰ লোকৰ স'তে তাৰাবাৰী আৰক্ষীয়ে যোগাযোগ কৰা বুলি জানিব পৰা গৈছে। বৰ্তমান যুৱকজন সংকটমুক্ত বুলি আৰক্ষীসূত্ৰত প্ৰকাশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in