শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

বাক্সাত তৰমুজৰ খেতি পৰিদৰ্শন বি টি আৰৰ কাৰ্যবাহী সদস্যৰ…

ডিজিটেল সংবাদ বাক্সাঃ বাক্সাৰ মুছলপুৰত তৰমুজ খেতিৰে স্বাৱলম্বী ৰকি মোছাহাৰী। সুদীৰ্ঘ বছৰ ধৰি তৰমুজ খেতিৰে স্বাৱলম্বী হোৱা বাক্সাৰ মুছলপুৰৰ ৰকি মোছাহাৰীৰ কৃষিডৰা পৰিদৰ্শন কৰে বিটিআৰৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে। বৃহস্পতিবাৰে বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী বাথৌফুৰিত ৰকি মোছাহাৰীৰ তৰমুজৰ খেতি পৰিদৰ্শন কৰি বিটিআৰৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে কয় যে, ৰকি মোছাহাৰীয়ে সম্প্ৰতি ২০ বিঘা মাটিত তৰমুজ খেতি কৰিছে। উৎপাদন কৰা এই তৰমুজসমুহ গাঁৱে-গাঁৱে বিক্ৰী কৰাৰ সুবিধা হোৱাকৈ তেওঁক এখন গাড়ীৰো ব্যৱস্থা কৰা হ’ব বুলি প্ৰকাশ কৰে বিটিআৰৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে। কাৰ্যবাহী সদস্য জনৰ এই পৰিদৰ্শনত আনন্দিত তৰমুজ কৃষক ৰকি মোছাহাৰী।