বকোত গেলামাল দোকানীক হত্যা : ৩ গ্ৰেপ্তাৰ

বকোত গেলামাল দোকানীক হত্যা : ৩ গ্ৰেপ্তাৰ


ডিজিটেল সংবাদ, বকোঃ ৰঙালী বিহুৰ আনন্দৰ মাজতে কামৰূপ জিলাৰ বকোত এক লোমহৰ্ষ হত্যাকাণ্ডৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।ঘটনাৰ বিৱৰণী মতে বকো থানাৰ অন্তৰ্গত ২নং মাকেলী গাঁৱৰ বিশ্বজিৎ বিশ্বাস (২৮) নামৰ গেলামাল দোকানী এগৰাকীৰ মৃতদেহ পহিলা ব'হাগৰ ৰাতিপুৱা খৰখৰী আৰু বকো নদীৰ সংযোগস্হলীৰ পানীত ওপঙি থকা অৱস্হাত স্হানীয় ৰাইজে প্ৰত্যক্ষ কৰে ।

ইয়াৰ কিছু সময় আগতে অৱশ্যে দোকানীগৰাকীয়ে ব্যৱহাৰ কৰা চেণ্ডেল আৰু চাইকেখন নৈৰ পাৰৰ দলং এখনৰ তলত উদ্ধাৰ হৈছিল । লগে লগে ৰাইজৰ মাজত হুৱা-দুৱা লাগে । জানিব পৰা মতে, বুধবাৰে নিশা বিশ্বজিৎ বিশ্বাসে লগৰে শোলামুখগাঁৱৰ হাৰ্ডৱেৰ দোকানী সঞ্জয় ৰাভা , বৰালীমাৰা গাঁৱৰ গেলামাল দোকানী ধনঞ্জয় দাস আৰু ২নং মাকেলী গাঁৱৰ হৰকান্ত দাসৰ সৈতে একেলগে ভোজন কৰিছিল।

ইয়াৰে হৰকান্ত দাসে ছমৰীয়া পহৰা চকীৰ গাড়ী চালক । ছমৰীয়া পহৰা চকীৰ আৰক্ষীয়ে মৃতদেহটো নদীৰ পানীৰ পৰা তুলিবলৈ সেইঠাইত লগে লগে উপস্হিত হয় যদিও ৰাইজ উত্তেজিত হৈ পৰে আৰু দোষী চিনাক্ত কৰি শাস্তিৰ দাবীত শ্লোগান পৰ্যন্ত দি আকাশ-বতাহ কঁপাই পৰিবেশ উত্তাল কৰি তোলে । আনকি আৰক্ষীৰ ভূমিকাকো ক্ষুদ্ধ ৰাইজে চোকা সমালোচনা কৰি ছমৰীয়া পহৰা চকীৰ আৰক্ষীৰ দলক ঘূৰাই পঠিয়ায় ।

অৱশ্যে ছমৰীয়া পহৰা চকীৰ আৰক্ষীৰ সলনি বকো আৰক্ষীৰ দলে ঘটনাস্হলীত উপস্হিত হৈ ক্ষোভিত ৰাইজক বুজাই বঢ়াই শান্ত কৰিবলৈ সক্ষম হয় আৰু মৃতদেহটো পানীৰ পৰা তুলি মৰোনোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । নিশা বিশ্বজিৎ বিশ্বাসৰ মৃতদেহ ২নং মাকেলী গাঁৱলৈ আনি অন্ত:ষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ।

ৰাইজে দাবী কৰা মতে বিশ্বজিৎ বিশ্বাসৰ কাণ এখন ছিঙি যোৱাৰ উপৰিও মুৰত হনাৰ লগতে মুখমণ্ডলত আঘাতৰ চিন স্পষ্টহৈ আছিল । আনহাতে কলিয়ে ধনঞ্জয় দাস, সঞ্জয় ৰাভা আৰু হৰকান্ত দাসক আটক কৰি সম্প্ৰতি তিনিয়োকে বকো থানাত ৰাখিছে।আজিও গাঁৱখনৰ একাংশ ৰাইজে বকো থানালৈ আহি হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষীৰ পৰা জানিব বিচাৰে ।

আৰক্ষীয়ে ওলোটাই ৰাইজৰ মাজৰ পৰা বিশ্বজিৎ বিশ্বাসৰ সৈতে মিলামিছা থকা তিনিগৰাকী লোকৰ পৰা হত্যাকাণ্ড সন্দৰ্ভত বিভিন্ন তথ্য সংগ্ৰহ কৰাৰ বাবে সোধা পোছা অব্যাহত ৰাখিছে । বিশেষ সূত্ৰ এটাই প্ৰকাশ কৰা মতে, বিশ্বজিৎ বিশ্বাসৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সঞ্জয় ৰাভা, ধনঞ্জয় দাস আৰু হৰকান্ত দাসে কয়লা ব্যৱসায় কৰিবলৈ পাঁচ লাখ টকা সূতত লৈছিল । সেই ধনক কেন্দ্ৰ কৰিয়ে হত্যাকাণ্ড সংঘটিত কৰা বুলি সূত্ৰটোৱে সন্দেহ কৰিছে ।

ইয়াৰ উপৰিও হত্যাকাণ্ড সংঘটিত কৰাৰ সময়ত আৰু অইন তিনিজন লোক থকা বুলি সূত্ৰটোৱে দাবী কৰিছে । অৱশ্যে এই সন্দেহ আৰু দাবী কিমান দূৰ সত্য সেয়া আৰক্ষীৰ তদন্ততহে ওলাই পৰিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in