নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বকলীয়াঘাটত কংগ্ৰেছৰ ধৰ্ণা…

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বকলীয়াঘাটত কংগ্ৰেছৰ ধৰ্ণা…

ডিজিটেল সংবাদ, বকলীয়াঘাটঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বৃহস্পতিবাৰে বকলীয়াঘাটস্থিত লাংছ'মেপী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছে। দলটোৰ লাংছ'মেপী ব্লক কংগ্ৰেছৰ সভাপতি লংকি ইংতি, কাৰ্বি আংলং জিলা কংগ্ৰেছৰ দলীয় অনুশাসন সমিতিৰ অধ্যক্ষ মহকান্ত হাজৰিকাৰ নেতৃত্বত দলটোৰ ভালেসংখ্যক কৰ্মীয়ে ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

প্ৰতিবাদকাৰীসকলে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী জনাই বিভিন্ন শ্ল'গান সম্বলিত প্লে' কাৰ্ড প্ৰদৰ্শন কৰাৰ লগতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি বিভিন্ন শ্ল'গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। জিলাখনৰ প্ৰতিটো উন্নয়ন খণ্ড এলেকাতে দলটোৱে বৃহস্পতিবাৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in