বাক্সাৰ কৃষি বিভাগত হঠাৎ ওলালগৈ বিটিচিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাস

বাক্সাৰ কৃষি বিভাগত হঠাৎ ওলালগৈ বিটিচিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাস

বাক্সাৰ কৃষি বিভাগত হঠাৎ ওলালগৈ বিটিচিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাস 

ডিজিটেল ডেস্ক,বাক্সা: ৰাজ্যৰ প্ৰতি খন জিলাৰ কৃষি বিভাগৰ সমান্তৰালকৈ বহু সমস্যাৰে জৰ্জিত হৈ আছে বাক্সা কৃষি বিভাগ। বছৰ বছৰ ধৰি চলি থকা সমস্যাৰ মাজেৰে কাম কৰি আহিছে বাক্সা জিলাৰ কৃষি বিষয়া তথা কৰ্মচাৰী সকলে। বৃহস্পতিবাৰে বিটিচিৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে মুছলপুৰত থকা জিলা কৃষি বিভাগৰ কাৰ্যালয়ত আকস্মিক পৰিদৰ্শন কৰিছিল আৰু বিভাগীয় কৰ্তৃপক্ষৰ লগত কথা পাতাৰ পাছত এই কথা স্বীকাৰ কৰে ঘনশ্যাম দাসে।

তেখেতে সময়ে সময়ে এই বিষয়ে তথ্য লাভ কৰাৰ পিছত হঠাৎ কাৰ্যালয়ত উপস্থিত হৈ বহু সমস্যাৰ বিষয়ে অৱগত হোৱাৰ লগতে খেতিয়ক সকলক সহায় কৰাৰ বাবে কৃষি বিষয়া সকল পথাৰলৈ গৈ  সমস্যাৰ বুজ লয় নে নলয় সেই বিষয়েও আলোচনা কৰে। আলোচনাৰ কালত বিষয়া তথা কৰ্মচাৰী সকলৰ বহিবলৈ ঠাইৰ অভাৱ হোৱাৰ লগতে কৃষকৰ বাবে আৱন্টিত হ'ব লগা বীজ সমুহ বিতৰণ কৰাৰ বাবেও প্ৰয়োজনীয় ঠাই নাই বুলি মন্তব্য কৰে কৰ্মচাৰী সকলে । এই সকলোবোৰ সমস্যা সমাধান কৰাৰ বাবে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও আশ্বাস  প্ৰদান কৰে বিটিচিৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in