বাজপেয়ীৰ অন্তিম যাত্ৰা আৰম্ভ

বাজপেয়ীৰ অন্তিম যাত্ৰা আৰম্ভ

ডিজিটেল ডেস্কঃ দিল্লীস্থিত বাজপেয়ীৰ বাসগৃহৰ পৰা তেওঁৰ নশ্বৰ দেহ বিজেপিৰ মুখ্যকাৰ্যালয়লৈ নিয়া সময়ত লক্ষাধিক লোকে অংশ লয় এই সমদলত।অটল বিহাৰী বাজপেয়ী অমৰ হওঁক, বন্দে মাতৰম ধ্বনি দি আগবাঢ়িছে তেওঁৰ অন্তিম যাত্ৰা।

আবেলি ৪ বজালৈকে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত থাকিব প্ৰাক্তন প্রধানমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ। তাৰ পাছত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ'ব তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া। দিল্লীত ইতিমধ্যে ব্যাপক যান-জঁটৰ সৃষ্টি হৈছে।

সাধাৰণ লোকৰ লগতে ভি ভি আই পি নেতা-মন্ত্ৰী আদিয়েও অংশ লৈছে এই সমদলত। বাজপেয়ীৰ এই অন্তিম যাত্ৰা তদাৰক কৰিছে খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in