অতি সংকটজনক প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীৰ স্বাস্থ্য

অতি সংকটজনক প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীৰ স্বাস্থ্য

ডিজিটেল ডেস্কঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ স্বাস্থ্য অতি সংকটজনক। তিনিদিনৰ ধৰি ভেণ্টিলেটৰত আছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী।

১১জুনত এইমছত ভৰ্তি কৰোৱা হৈছিল বাজপেয়ীক। বুধবাৰে এইমছৰ এটা চিকিৎসকৰ দলে বাজপেয়ীৰ স্বাস্থ্য সন্দৰ্ভত এক বৈঠকত মিলিত হয়।

তাৰপিছতে সংবাদমাধ্যমক জনাই যে, তেওঁৰ স্বাস্থ্য অতি সংকটজনক। বুধবাৰৰ নিশা এই  খবৰ পোৱাৰ পাছতেই সন্ধ্যা এইমছত গৈ উপস্থিত হৈ গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

প্ৰায় ১০ মিনিট সময়ত তেওঁ এইমছত কটাই চিকিৎসকৰ পৰা বাজপেয়ীৰ স্বাস্থ্যৰ বুজ লয়। এইমছৰ পৰা জাৰি কৰা বাৰ্তাত কোৱা হৈছে- যোৱা ২৪ঘণ্টাত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছে আৰু বৰ্তমান তেওঁক ভেণ্টিলেটৰত ৰখা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in