বাজপেয়ীৰ স্বাস্থ্য LIVE UPDATE

ফাইল ফটো
ফাইল ফটো

১৬আগষ্টৰ বিয়লি ০৪.৫৬ বজাতঃ কিছুসময় পিছতে বাজপেয়ীৰ স্বাস্থ্যক লৈ বুলেটিন আগবঢ়াব এইমছ কৰ্তৃপক্ষই।

১৬আগষ্টৰ বিয়লি ০৪.১২ বজাতঃ নোবেল জয়ী কৈলাশ সত্যাৰ্থী এইমছত উপস্থিত।

১৬আগষ্টৰ বিয়লি ০৩.৫২ বজাতঃ এইমছত উপস্থিত কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী।

১৬আগষ্টৰ বিয়লি ০৩.৪৮ বজাতঃ এইমছৰ পৰা উভতিল বিজেপি সভাপতি অমিত শ্বাহ।

১৬আগষ্টৰ দিনৰ ০২.৪৯ বজাতঃ  এইমছৰ পৰা উভতিল প্ৰধানমন্ত্ৰী মোদী।

১৬আগষ্টৰ দিনৰ ০২.৪৫ বজাতঃ  বাজপেয়ীৰ স্বাস্থ্যৰ আৰু অধিক অৱনতি, জনালে গৃহমন্ত্ৰী ৰাজনাথ সিঙে।

১৬আগষ্টৰ দিনৰ ০২.৩০ বজাতঃ এইমছত কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু জিতেন্দ্ৰ সিং।

১৬আগষ্টৰ দিনৰ ০২.২০ বজাতঃ দিল্লীত উপস্থিত মমতা। সকলো কাম সামৰি থৈ বাজপেয়ীক দেখা কৰিবলৈ আহিছে বুলি সংবাদ মাধ্যমক জনালে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

১৬আগষ্টৰ দিনৰ ০২.০৫ বজাতঃ 

  • এইমছৰ সমুখত যান-বাহন নিয়ন্ত্ৰণ দিল্লী আৰক্ষীৰ।
  • এইমছৰ বাহিৰৰ পথত বন্ধ কৰিছে যান-বাহনৰ চলাচল।

১৬আগষ্টৰ দিনৰ ০২.০১ বজাতঃ 

  • অটল বিহাৰী বাজপেয়ীৰ স্বাস্থ্যৰ অধিক অৱনতি।
  • পুনৰ এইমছলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
  • মোদীৰ সৈতে আছে বিজেপি সভাপতি অমিত শ্বাহো।

১৬আগষ্টৰ দিনৰ ১২.৩৩ বজাতঃ বাজপেয়ীক দেখা কৰিলে ৰামবিলাস পাছোৱানে। উমা ভাৰতীয়ো উপস্থিত এইমছত।

১৬আগষ্টৰ দিনৰ ১২.৩১ বজাতঃ আমি সকলোৱে তেওঁৰ আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনা জনাব লাগে। তেওঁ দেশক শক্তিশালী কৰি গঢ় দিব বিচাৰিছিল। তেওঁক আমি পাহৰি যোৱা উচিত নহয়। ক'লে নেশ্যনেল কনফাৰন্সৰ নেতা ফাৰুক আব্দুল্লাই।

১৬আগষ্টৰ দিনৰ ১২.২০ বজাতঃ বাজেপেয়ীক দেখা কৰিবলৈ দিল্লীলৈ ৰাওনা ওড়িষাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰো যাব বাজপেয়ীক দেখা কৰিবলৈ।

১৬আগষ্টৰ দিনৰ ১২.১০ বজাতঃ এইমছত গৈ উপস্থিত হৈছে দিল্লীৰ উপমুখ্যমন্ত্ৰী মনিষ ছিছ'ডিয়া।

১৬আগষ্টৰ দিনৰ ১২.০০ বজাতঃ বাজপেয়ীৰ আশুআৰোগ্য কামনাৰে এন ভি কনভেণ্ট পাব্লিক স্কুলত প্ৰাৰ্থনা।

১৬আগষ্টৰ পুৱা ১১.৪০ বজাতঃ তেখেত  আছিল আমাৰ বাবে আদৰ্শ। তেওঁৰ উপস্থিতিত আমি প্ৰেৰণা পাইছিলো। তেখেতৰ আশুআৰোগ্য কামনা কৰিলোঃ শিৱৰাজ সিং চৌহান, মুখ্যমন্ত্ৰী, মধ্যপ্ৰদেশ।

১৬আগষ্টৰ পুৱা ১১.৩৫ বজাতঃ বাজপেয়ীৰ আশুআৰোগ্য কামনাৰে তামিলনাডুৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ প্ৰাৰ্থনা।

১৬আগষ্টৰ পুৱা ১১.২৮ বজাতঃ কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী বাজপেয়ীৰ স্বাস্থ্যৰ বুজ ল'বলৈ উপস্থিত হৈছেগৈ এইমছত।

১৬আগষ্টৰ পুৱা ১১ বজাতঃ বাজপেয়ীৰ স্বাস্থ্য সন্দৰ্ভত এইমছৰ বিবৃতি জাৰি। অপৰিৱৰ্তীত হৈ আছে প্ৰাক্তন প্ৰধামন্ত্ৰীগৰাকীৰ স্বাস্থ্য। এতিয়াও বাজপেয়ীৰ স্বাস্থ্য অতি সংকটজনক।

১৬আগষ্টৰ পুৱা ১০.৪৫ বজাতঃ এইমছত গৈ উপস্থিত হৈছে বিদেশ মন্ত্ৰী সুষমা স্বৰাজ, কৃষি মন্ত্ৰী ৰাধা মোহন সিং।

১৬আগষ্টৰ পুৱা ১০.৪০ বজাতঃ বাজপেয়ীৰ স্বাস্থ্যৰ খবৰ পোৱাৰ পাছতেই উদ্বিগ্ন হৈ পৰিছে সকলো। 'তেওঁ আমাৰ অনুপ্ৰেৰণা উৎস্য আছিল আছিল বুলি কয় উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দীনেশ শৰ্মাই। সংবাদ মাধ্যমৰ সন্মুখতে চকুপানী তুকিলে  প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

১৬আগষ্টৰ পুৱা ১০.২৫ বজাতঃ এইমছৰ সন্মুখত দিল্লী আৰক্ষীৰ অতিৰিক্ত যান-বাহন শাখাৰ কনিষ্টবল-বিষয়া মোতায়েন।

১৬আগষ্টৰ পুৱা ১০.১৪ বজাতঃ চিকিৎসকে পৰীক্ষা কৰিছে বাজপেয়ীৰ স্বাস্থ্য। এইমছৰ সঞ্চালকে চিকিৎসকৰ প্ৰতিবেদন পোৱাৰ পাছতে এই বিষয়ে জনাব প্ৰধানমন্ত্ৰী কাৰ্যালয়ত।

১৬আগষ্টৰ পুৱা ১০.১২ বজাতঃ বিজেপিৰ জ্যেষ্ঠ নেতা লাল কৃষ্ণ আদৱানী গৈ উপস্থিত হৈছে এইমছত।

১৬আগষ্টৰ পুৱা ১০.১০ বজাতঃ এইমছত উপস্থিত ৰাজনাথ সিং।

১৬আগষ্টৰ পুৱা ১০.০৮ বজাতঃ বাজপেয়ীৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা পৰিয়ালৰ। বাজপেয়ীৰ ভতিজাক ক্ৰান্তি মিশ্ৰৰ মন্তব্য- 'তেওঁ আকৌ সুস্থ হওঁক। মই তেওঁক আকৌ এবাৰ বক্তৃতা দিয়া চাব খোজো'।

১৬আগষ্টৰ পুৱা ১০.০৭ বজাতঃ বিজয় গোৱেল গৈ উপস্থিত হৈছে এইমছত। আন  কেবাজনো সাংসদে বুজ লৈছে বাজপেয়ীৰ স্বাস্থ্য।

১৬আগষ্টৰ পুৱা ৯.৫০ বজাতঃ কেবাজনো কেন্দ্ৰীয় গৈ উপস্থিত হৈছে এইমছত। কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষৱধনৰ মন্তব্য- তেওঁৰ স্বাস্থ্য সঁচাকৈ অতি সংকটজনক।

১৬আগষ্টৰ পুৱা ৯.৩৫ বজাতঃ বাজপেয়ীৰ স্বাস্থ্যৰ বুজ ল'বলৈ এইমছলৈ আহিব কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী।

১৬আগষ্টৰ পুৱা ৯.৩০ বজাতঃ দেশজুৰি বাজপেয়ীৰ আশুআৰোগ্য কামনাৰে প্ৰাৰ্থনা।

১৬আগষ্টৰ পুৱা ৯.১২ বজাতঃ ১০ বজাত আই চি ইউত বাজপেয়ীৰ স্বাস্থ্য পুনৰ পৰীক্ষা কৰিব চিকিৎসকে।

১৬আগষ্টৰ পুৱা ৯.১১ বজাতঃ অমিত শ্বাহ গৈ উপস্থিত হৈছে এইমছত। বাজপেয়ীৰ স্বাস্থ্যৰ বুজ লৈছে শ্বাহে। ১০.৩০ বজাত এইমছলৈ যাব গৃহমন্ত্ৰী ৰাজনাথ সিং।

১৬আগষ্টৰ পুৱা ৯.১০ বজাতঃ বাজপেয়ীৰ স্বাস্থ্যৰ বুজ ল'বলৈ দিল্লীলৈ যাব কলকাতাৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।

১৬আগষ্টৰ পুৱা ৮.৩৯ বজাতঃ বাজপেয়ীৰ স্বাস্থ্যৰ বুজ ল'বলৈ এইমছত উপস্থিত হয়গৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।

১৬আগষ্টৰ পুৱা ৭ বজাতঃ বাজপেয়ীৰ স্বাস্থ্য পুনৰ বুজ ল'লে এইমছৰ এটা চিকিৎসকৰ দলে।

১৫আগষ্টৰ সন্ধ্যা ৭.৫৫ বজাতঃ বাজপেয়ীৰ স্বাস্থ্য সন্দৰ্ভত আৰু এখন বুলেটি প্ৰকাশ কৰাৰ কথা সদৰি কৰিলে এইমছে।

১৫আগষ্টৰ সন্ধ্যা ৭.৫০ বজাতঃ বাজপেয়ীৰ আশুআৰোগ্য কামনাৰে দিল্লীৰ মুখ্যমন্ত্ৰীৰ টুইট।

১৫আগষ্টৰ সন্ধ্যা ৭.৪৪ বজাতঃ উপৰাষ্ট্ৰপতি ভেনকায়া নাইডুৱে গৈ বুজ ল'লে বাজপেয়ীৰ স্বাস্থ্য।

১৫আগষ্টৰ সন্ধ্যা ৭.৪১ বজাতঃ বাজপেয়ীৰ স্বাস্থ্য সন্দৰ্ভত দেশবাসী উদ্বিগ্ন আৰু দেশবাসীৰ টুইট।

১৫আগষ্টৰ সন্ধ্যা ৭.৩৯ বজাতঃ বাজপেয়ীৰ স্বাস্থ্য সন্দৰ্ভত এইমছৰ বিবৃতি প্ৰদান।

১৫আগষ্টৰ সন্ধ্যা ৭.৩৬ বজাতঃ স্বাস্থ্যৰ অৱস্থা আৰু অতি সংকটজনক হোৱাত লাইফ  ছাপৰ্ট ছিষ্টেম দিয়া  হয় বাজপেয়ীক।

১৫আগষ্টৰ সন্ধ্যা ৭.২৭ বজাতঃ বাজপেয়ীৰ স্বাস্থ্যৰ বুজ লয় এইমছ এৰে প্ৰধানমন্ত্ৰীয়ে।

১৫আগষ্টৰ সন্ধ্যা ৭.২৪ বজাতঃ বাজপেয়ীৰ স্বাস্থ্যৰ সন্দৰ্ভত সুৰেশ প্ৰভুৰ টুইট।

১৫আগষ্টৰ সন্ধ্যা ৭.২০ বজাতঃ বিজেপিৰ আন নেতা তথা কেন্দ্ৰীয় মন্ত্ৰীসকল উপস্থিত হৈছিল গৈ এইমছত। তাৰ ভিতৰত পীযুষ গোৱেল, সুৰেশ প্ৰভু, জিতেন্দ্ৰ সিং আছিল অন্যতম। কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীয়েও বুজ লয় বাজপেয়ীৰ স্বাস্থ্য।

১৫আগষ্টৰ সন্ধ্যা ৭.১৯ বজাতঃ বাজপেয়ীৰ স্বাস্থ্যৰ বুজ ল'বলৈ এইমছত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

১৫আগষ্টৰ সন্ধ্যা ৭.১৮ বজাতঃ ভেণ্টিলেটৰত ৰখা হৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক।

১৫আগষ্টৰ সন্ধ্যা ৭.১৭ বজাতঃ বাজপেয়ীৰ স্বাস্থ্য অপৰিৱৰ্তীত বুলি চিকিৎসকৰ সূত্ৰত প্ৰকাশ। অহা ২৪ ঘণ্টা অধিক চিন্তনীয় হ'ব বুলি চিকিৎসকে প্ৰকাশ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in