চীনৰ সৈতে বন্ধুত্বৰ আশাৰে কাৰ্যালয় এৰিছিল বাজপেয়ীয়ে

চীনৰ সৈতে বন্ধুত্বৰ আশাৰে কাৰ্যালয় এৰিছিল বাজপেয়ীয়ে

২০০৪ চনৰ সাধাৰণ নিৰ্বাচনত এনডিএ পৰাস্ত হোৱাৰ পিছত ৰাষ্ট্ৰপতিক পদত্যাগ পত্ৰ দাখিল কৰি দেশবাসীক সম্বোধন জনাই ভাষণ প্ৰদান কৰিছিল অটল বিহাৰী বাজপেয়ীয়ে। সেই ভাষণৰ শেষৰ ফালে দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ লগতে চীনৰ সৈতে ভাৰতৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক কামনা কৰিছিল তেওঁ। কিন্তু দায়িত্বৰ পৰা অব্যাহতি লৈ দিয়া ভাষণত যি আশা কৰিছিল সেই আশা বুকুত বান্ধিয়ে গ'লগৈ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী। উল্লেখ্য যে ১৯৭৯ চনত বিদেশী মন্ত্ৰীৰ দায়িত্বত থকা সময়ত প্ৰথমবাৰৰ বাবে চীন ভ্ৰমণলৈ গৈছিল বাজপেয়ী। ইয়াৰ পিছত ২০০৩ চনত প্ৰধানমন্ত্ৰী হৈ থকা সময়ত পুনৰ চীন ভ্ৰমণ কৰিছিল বাজপেয়ীয়ে। তলত সেই ঐতিহাসিক ভাষণৰ লিখিত ৰূপ 'অসমীয়া প্ৰতিদিন'ৰ পঢ়ুৱৈসকললৈ আগবঢ়োৱা হ'ল।

মে' ১৩, ২০০৪
নতুন দিল্লী

মৰমৰ দেশবাসী,

চতুৰ্দশ লোকসভা নিৰ্বাচনৰ অন্ত পৰিল। জনতা জনাৰ্দনে তেওঁলোকৰ ৰায় দিলে। মই সেই ৰায় মানি লৈছো। আজি সন্ধিয়া মই সন্মানীয় ৰাষ্ট্ৰপতিক পদত্যাগ পত্ৰ দাখিল কৰিছো।

ভাৰত হৈছে বিশ্বৰ সৰ্ববৃহত গণতন্ত্ৰ। ৰাইজ যিয়ে চৰকাৰ গঠন কৰে আৰু পৰিৱৰ্তন কৰে তেওঁলোকৰ ইচ্ছাৰ বাবে এয়া সদায় অটুত থাকিব। গণতন্ত্ৰৰ এই শক্তি আমাৰ দেশৰ বাবে গৌৰৱস্বৰূপ, যাক লৈ আমি আনন্দ কৰিব পাৰো আৰু পৰৱৰ্তী সময়ত ইয়াক শক্তিশালী কৰিব পাৰো।
১৯৯৮ চনৰ পৰা মোক প্ৰধানমন্ত্ৰী হিচাপে দেশৰ সেৱা কৰিবলৈ সুযোগ দিয়াৰ বাবে মই আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোকৰ শুভেচ্ছা আৰু মৰমেই হৈছে মোৰ বাবে মহামূল্যৱান সম্পদ। আপোনালোকৰ সমৰ্থন আৰু আশ্বাস হৈছে মোৰ শক্তিৰ অন্যতম উৎস।

যেতিয়া আপোনালোকে আমাৰ পক্ষে জনমত দিছিল, তেতিয়া দেশখনে অস্থিৰতা, সু-প্ৰশাসন আৰু উন্নয়নক লৈ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল।এই সময়ছোৱাত আমি কিমান সফল হ'লো সেয়া বিচাৰৰ ভাৰ ইতিহাস আৰু আপোনালোকৰ হাতত এৰিলো।

মই অৱশ্যে সন্তুষ্ট যে আমাৰ দেশ এতিয়া আপোনালোকে মোৰ হাতত দায়িত্ব প্ৰদান কৰাৰ সময়তকৈ শক্তিশালী আৰু অধিক সমৃদ্ধিশালী। যোৱা কেইটামান বছৰত হোৱা সামাজিক আৰু অৰ্থনৈতিক উন্নয়নে দেখুৱাই যে ভাৰত শীঘ্ৰেই উন্নত ৰাষ্ট্ৰত পৰিণত হ'ব। মোৰ দল আৰু মিত্ৰজোঁটে পৰাজয় বৰণ কৰিব পাৰে, কিন্তু দেশে জয়লাভ কৰিছে।

দক্ষিণ এছিয়া, চীন আৰু বিশ্বৰ অন্যান্য দেশসমূহৰ সৈতে এক বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ নতুন অধ্যায় প্ৰত্যক্ষ কৰাৰ হেপাহ মোৰ আজীৱন আছে।

বন্ধুসকল, আমি হৈছো অনেক ধৰ্ম, অনেক ভাষা আৰু অনেক জনগোষ্ঠীৰ দেশ। এনে বৈচিত্ৰ্যৰ মাজতো, আমাৰ ৰাষ্ট্ৰীয় সংস্কৃতি তাহানিৰে পৰা একতাৰ ডোলেৰে কটকটীয়াকৈ বান্ধি থোৱা সদৃশ। আমাৰ মিত্ৰজোঁটৰ চৰকাৰ চলাওতেই আমি এই অনৈক্যৰ মাজত ঐক্যৰ ধাৰাটোক ধৰি ৰাখিবলৈ চেষ্টা কৰিছিলো। মিত্ৰজোঁটৰ চৰকাৰো যে সুস্থিৰ হ'ব পাৰে সেয়া প্ৰমাণ কৰি আমি ভাৰতীয় গণতন্ত্ৰক অধিক শক্তিশালী কৰিছো আৰু ৰাষ্ট্ৰৰ সমুখত দেখা দিয়া প্ৰত্যাহ্বানসমূহৰো সফলতাৰে সন্মুখীন হৈছো।

আমি ৰাষ্ট্ৰীয় ঐক্য আৰু সামাজিক বন্ধনো অধিক মজবুত কৰিছো। আমি আলোচনাৰ মাধ্যমৰে শান্তি আৰু সদ্ভাৱনাময় পৰিৱেশত বিবাদিত বিষয়সমূহ সমাধানৰ চেষ্টা চলাইছিলো।

আজি, গণতন্ত্ৰত বিশ্বাস ৰখা বাবে আৰু সন্ত্ৰাসবাদী শক্তিক এসেকা দিয়া বাবে মই আকৌ এবাৰ জম্মু আৰু কাশ্মীৰৰ জনতাক বিশেষভাৱে ধন্যবাদ জনাইছো। ভাৰতে সীমান্তৰ সন্ত্ৰাসবাদী সমস্যা সমাধানৰ ক্ষেত্ৰত সদায়ে আগভাগ লৈ আহিছে। চুবুৰীয়া দেশসমূহৰ সৈতেও ঐতিহাসিক শান্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে ভাৰতে। দক্ষিণ এছিয়া, চীন আৰু বিশ্বৰ অন্যান্য দেশসমূহৰ সৈতে এক বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ নতুন অধ্যায় প্ৰত্যক্ষ কৰাৰ হেপাহ মোৰ আজীৱন আছে।

প্ৰিয় দেশবাসী, আমি কাৰ্যালয়হে এৰিছো, কিন্তু দেশক সেৱা কৰাৰ দায়িত্ব এৰি দিয়া নাই। আমি এটা নিৰ্বাচনত পৰাস্ত হৈছো, কিন্তু লক্ষ্যপথৰ পৰা নহয়। জয় আৰু পৰাজয় জীৱনৰে অংশ, দুয়োটাকে সমদৃষ্টিৰ চাব লাগিব।

আমি নতুন চৰকাৰখনক আমাৰ সাধ্যানুযায়ী দেশ আৰু জনতাৰ স্বাৰ্থত সদায়েই সহায়ৰ হাত আগবঢ়াই যাম।
আপোনালোকৰ সহায়-সহযোগিতাৰ বাবে পুনৰ ধন্যবাদ জনাইছো।

ধন্যবাদ।

জয়হিন্দ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in