কিয় ব্যতিক্ৰম আছিল বাজপেয়ী?

কিয় ব্যতিক্ৰম আছিল বাজপেয়ী?

বাজপেয়ীয়েই হৈছে এনে এজন নেতা যিয়ে ব্যক্তিত্ব, সততা আৰু ৰাজনৈতিক দূৰদৰ্শিতাৰে চৰকাৰ গঠন কৰিবলৈ সমৰ্থ হৈছিল। সেইগৰাকী প্ৰধানমন্ত্ৰীৰ কেইটামান বিশেষ কথাঃ

  • দীনদয়াল উপাধ্যয়ে বাজপেয়ীক নিজৰ কনিষ্ঠ ভাতৃ জ্ঞান কৰিছিল।
  • বাজপেয়ী আছিল সংঘৰ প্ৰচাৰক। মাধৱ সদাশিৱ ৰাও গোৱালকাৰৰ অতি ঘনিষ্ঠ আছিল বাজপেয়ী।
  • বাজপেয়ীক দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱহাৰলাল নেহৰুৱেও ভূয়সী প্ৰশংসা কৰিছিল। এদিন যে বাজপেয়ী দেশৰ প্ৰধানমন্ত্ৰী হ'ব সেই ভৱিষ্যতবাণীও কৰিছিল নেহৰুৱে।
  • বাজপেয়ীৰ সমৰ্থনৰ বাবেই প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'বলৈ সমৰ্থ হৈছিল মোৰাৰজী দেশাই।
  • বাজপেয়ীয়ে পাকিস্তানৰ সৈতে ভাৰতৰ সু-সম্পৰ্ক গঢ়ি উঠাটো বিচাৰিছিল। সেয়ে তেওঁ প্ৰধানমন্ত্ৰী হৈ থকা সময়তে দিল্লীৰ পৰা লাহোৰলৈকে বাছ সেৱা আৰম্ভ কৰিছিল।
  • বাজপেয়ীৰ কাৰ্যকালতে পোখৰাণত সম্পন্ন হৈছিল পাৰমাণৱিক পৰীক্ষা।
  • কাৰগিলৰ যুদ্ধত ভাৰতৰ জয়ো আছিল বাজপেয়ীৰ কাৰ্যকালৰ এক উল্লেখনীয় সফলতা।
  • পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰাৰ পিছত আমেৰিকাই ভাৰতৰ বিৰুদ্ধে উঠি-পৰি লাগিছিল। আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত একাধিক নিষেধাজ্ঞা আৰোপ কৰিছিল আমেৰিকাই। কিন্তু প্ৰধানমন্ত্ৰীৰ দায়িত্বত থকা বাজপেয়ীয়ে সেই সকলো প্ৰত্যাহ্বানৰ সাহসেৰে সন্মুখীন হৈ ৰাষ্ট্ৰসংঘত ভাৰতৰ দৃঢ় স্থিতি প্ৰদৰ্শন কৰিছিল।
  • চীনৰ সৈতেও সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক গঢ় লৈ উঠাতো বিচাৰিছিল বাজেপয়ীয়ে।
  • প্ৰধানমন্ত্ৰী হৈ থকা সময়ত কংগ্ৰেছ চৰকাৰে তেওঁলোকৰ শাসনকালত কৰি যোৱা ভাল কামবোৰৰ মুকলি প্ৰশংসা কৰিছিল বাজপেয়ীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in