বজালীৰ ভট্টদেৱ বিশ্ব বিদ্যালয়ৰ শিক্ষয়ত্ৰীৰ আজৱ কাণ্ড, সৰ্বত্ৰে ভাইৰেল ভিডিঅ’

বজালীৰ ভট্টদেৱ বিশ্ব বিদ্যালয়ৰ শিক্ষয়ত্ৰীৰ আজৱ কাণ্ড, সৰ্বত্ৰে ভাইৰেল ভিডিঅ’

ডিজিটেল ডেস্ক: ৰাজ্যজুৰি ভাইৰেল হৈ পৰিছে বজালী ভট্টদেৱ বিশ্ব বিদ্যালয়ৰ এগৰাকী শিক্ষয়ত্ৰীয়ে ছাত্ৰীক কৰা মানসিক নিৰ্যাতনৰ ঘটনা। সামাজিক মাধ্য়মত খলকনি তুলিছে এটা ভিডিঅ'ই।

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ভিডিঅ'টোত এগৰাকী ছাত্ৰীক কাণত ধৰাই উঠা বহা কৰাইছে এগৰাকী শিক্ষয়ত্ৰীয়ে। প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দৰে কাণত ধৰাই উঠা কৰোৱাৰ লগতে অনাগত দিনত শিক্ষকৰ বিৰুদ্ধে এনে মন্তব্য নকৰিবলৈ সকীয়াই দিছে শিক্ষয়ত্ৰী গৰাকীয়ে।

ঘটনাৰ বিৱৰণী অনুসৰি বিশ্ববিদ্যালয় খনৰ ছাত্ৰী সকলে হোৱাটচএপ গ্রুপত জয়শ্ৰী দাস নামৰ প্ৰবক্তা গৰাকীৰ বিষয়ে আলোচনা কৰিছিল আৰু সেই আলোচনাত ছাত্ৰী গৰাকীয়ে শিক্ষয়ত্ৰী গৰাকীক লৈ অশালীন মন্তব্য় কৰিছিল। সেই কথা কাণত পৰিছিল প্ৰবক্তা গৰাকীৰ। খবৰ অনুসৰি শিক্ষয়ত্ৰী গৰাকীৰ প্ৰয়াত পিতৃ গৰাকীৰ বিষয়েও কটু মন্তব্য কৰিছিল ছাত্ৰী গৰাকীয়ে।তাৰ পাছত শাস্তিৰ সম্মুখীন হয় ছাত্ৰী গৰাকী।

এই সমগ্ৰ ঘটনা ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতেই বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শিক্ষয়ত্ৰী গৰাকীৰ এনে কাণ্ডক গৰিহনা যোগাইছে একাংশই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in