বৈঠালাংছʼত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগ বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ ওপৰত সজাগতা অনুষ্ঠান…

বৈঠালাংছʼত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগ বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ ওপৰত সজাগতা অনুষ্ঠান…

ডিজিটেল সংবাদ, হামৰেণঃ বৰ্তমান সময়ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই ব্যৱহাৰিক জীৱনত যথেষ্ট অৰিহণা যোগাই আহিছে । বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অবিহনে দৈনন্দিন জীৱনত কোনো ধৰণৰ কাৰ্য্যই পূৰ্ণাংগ ৰূপ লʼব নোৱাৰে ।

কিন্তু সৰ্বসাধাৰণ ৰাইজে প্ৰতি মুহূৰ্তত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত জীৱন অতিবাহিত কৰি আহিছে যদিও এই বিষয়টো অনুধাৱন কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া দেখা নাযায় । যাৰ ফলত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সুফল আৰু কুফল নিৰ্ণয় কৰাৰ ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হʼবলগা হয় । সেয়েহে ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ শিক্ষা প্ৰদান কৰাৰ ওপৰত বিশেষ ভাৱে গুৰুত্ব প্ৰদান কৰিছে অসমশ্ন বিজ্ঞান সমিতিৰ সহযোগত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰই ।

পশ্চিম কাৰ্বি আংলং জিলাৰ চিন্ঠং শিক্ষা খণ্ডৰ অন্তৰ্গত বৈঠালাংছʼত দেওবাৰে এই সন্দৰ্ভত ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক বিজ্ঞান সম্পৰ্কীয় কৰ্মশালা আৰু সজাগতা সভা অনুষ্ঠিত কৰা হয় । উক্ত অনুষ্ঠানত শিক্ষাবিদ, সমাজসেৱক অনন্ত কুমাৰ বৰা, কাছাৰ জিলাৰ লক্ষীপুৰ বিপিএইচচিৰ বহুমূখী বিজ্ঞান কৰ্মী কূলেন কলিতা প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

বিজ্ঞান কৰ্মী জনে ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞান সম্পৰ্কীয় বিভিন্ন দিশৰ ওপৰত বিশেষ বক্তৃতা আগবঢ়ায় । উক্ত অনুষ্ঠানত কেইবাগৰাকী ছাত্ৰ ছাত্ৰীয়ে নিজৰ ধাৰণাৰে প্ৰস্তূত কৰা বিজ্ঞান সম্পৰ্কীয় মডেল প্ৰদৰ্শন কৰে ।

বিশেষকৈ ভোট এৰা গছৰ পৰা কিদৰে মʼম তৈয়াৰ কৰিব পাৰি, বৰষুণৰ পানী কেনেকৈ সংৰক্ষণ কৰিব পৰা যায়, ইয়াৰ বাবে এক মʼডেল প্ৰস্তুত কৰি ছাত্ৰ ছাত্ৰীসকলে উক্ত অনুষ্ঠানত প্ৰদৰ্শন কৰে ।উল্লেখযোগ্য যে, চিন্ঠং শিক্ষা খণ্ডৰ অন্তৰ্গত প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক উক্ত বিষয়ৰ ওপৰত শিক্ষা দিয়াৰ বাবে কেন্দ্ৰটোৱে ব্যৱস্থা গ্ৰহণ কৰিছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in