২০ আগষ্টলৈকে পল্লৱী শৰ্মাৰ জামিনৰ ম্যাদ বৃদ্ধি

২০ আগষ্টলৈকে পল্লৱী শৰ্মাৰ জামিনৰ ম্যাদ বৃদ্ধি

ডিজিটেল সংবাদ, গুৱাহাটীঃ এপিএছচি কেলেংকাৰী গোচৰত অভিযুক্ত হৈ গ্ৰেপ্তাৰ হোৱা সাংসদ আৰ পি শৰ্মাৰ কন্যা পল্লৱী শৰ্মাৰ অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ বৃদ্ধি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। পিতৃৰ অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি পল্লৱীৰ জামিনৰ ম্যাদ ২০ আগষ্টলৈকে বৃদ্ধি কৰে আদালতে।

উল্লেখ্য যে, কলকাতাৰ আৰ এন ঠাকুৰ হাস্পতালত বৃক্ক সংৰোপন কৰাৰ পিছত এতিয়াও হাস্পতালখনত চিকিৎসাধীন হৈ আছে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰাম প্ৰসাদ শৰ্মা।

ইফালে, ২০ আগষ্টত ন্যায়ালয়ত কেছ ডায়েৰী দাখিল কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে আদালতে। আৰ পি শৰ্মাৰ চিকিত্‍সা সম্পৰ্কীয় তথ্য দাখিলৰো নিৰ্দেশ দিছে ন্যায়ালয়ে। লগতে, কলকাতালৈ গৈ সাংসদগৰাকীৰ চিকিৎসা সংক্ৰান্তীয় তথ্য পাতি সংগ্ৰহ কৰিবলৈকো ন্যায়ালয়ে তদন্তকাৰী বিষয়াক নিৰ্দেশ প্ৰদান কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in