কৰোণাকলৈ কুসুমপুৰত উত্তপ্ত পৰিৱেশ

কৰোণাকলৈ কুসুমপুৰত উত্তপ্ত পৰিৱেশ

ডিজিটেল সংবাদ, বাইহাটাঃ মহামাৰী কোৰোণাকলৈ সকলো আতংকিত হৈ থকাৰ সময়তে দেওবাৰে কমলপুৰ থানাৰ অন্তৰ্গত কুসুমপুৰত সৃষ্টি হয় এক উত্তেজনাময় পৰিৱেশ।

জানিবপৰামতে কুসুমপুৰ নিৱাসী বিকাশ শইকীয়া নামৰ যুৱকজনে কোৰোনাৰ খবৰ দিবলৈ বুলি ৰাজহ চক্ৰ বিষয়া গৰাকীক ফোনযোগে যোগাযোগ কৰিছিল।সেই কথাতে খৰ্গহস্ত হৈ বাটত ধৰি অবিনাশ শৰ্মা,মিতুল শৰ্মা,বিজিত শৰ্মা আৰু পুলিন শৰ্মা নামৰ চাৰি যুৱকে প্ৰহাৰ কৰে বিকাশক।

ফলত গুৰুতৰভাৱে আহত হয় বিকাশ শইকীয়া।ঘটনা সন্দৰ্ভত কমলপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে বিকাশে। বিকাশ শইকীয়াৰ মাতৃৰ স্বাস্থ্য ডাঃ হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ দূষিক উচিত শাস্তিৰ প্ৰদাণৰ লগতে লগতে বিকাশক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in