বাইহাটা চাৰিআলিত ইটা ভৰ্তি বাহনে মাৰিলে মটৰ চাইকেলত খুন্দা, থিতাতে নিহত এজন…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, বাইহাটাঃ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ থানাৰ সমীপতে দেওবাৰে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত এক পথ দুৰ্ঘটনাত এজন মটৰ চাইকেল আৰোহী থিতাতে নিহত হয়। প্ৰাপ্ত বাতৰি অনুসৰি জয়ন্তীপুৰৰ পৰা বাইহাটা চাৰিআলি অভিমুখে নম্বৰ প্লেট বিহীন মটৰ চাইকেলেৰে আহি থকা অৱস্থাত বাইহাটা চাৰিআলি থানাৰ সমীপতে এছ ০১ ডি ডি ২১১৯ নম্বৰৰ এখন ইটা কঢ়িয়াই অনা গাড়ীয়ে মটৰ চাইকেল খনত খুন্দা মাৰে।

এই দুৰ্ঘটনাত মটৰ চাইকেল আৰোহী ৰণজিৎ ডেকা (৩২) থিতাতে নিহত হয়। ইফালে, আৰোহীজনৰ সৈতে মটৰ চাইকেলত লগত অহা ভৱেশ ডেকা নামৰ লোক জন আহত হয়। নিহত ব্যক্তি জনৰ ঘৰ একেখন থানাৰ অন্তৰ্গত শিঙাৰপাৰাৰ ওচৰৰ জয়ন্তীপুৰত বুলি জানিব পৰা গৈছে। মৃত্যুৰ সময়ত ৰণজিৎ ডেকাই নিজ মাতৃ, পত্নী আৰু একমাত্র পুত্ৰ সন্তান এৰি থৈ যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in