ব্যক্তিগত পাৰ্কিঙত পৰিণত হৈছে বাইহাটা চাৰিআলি ৰাজ্যিক পৰিবহন নিগমৰ আস্থান

ব্যক্তিগত পাৰ্কিঙত পৰিণত হৈছে বাইহাটা চাৰিআলি ৰাজ্যিক পৰিবহন নিগমৰ আস্থান

ডিজিটেল সংবাদ, বাইহাটা চাৰিআলিঃ ৰাজ্যখনৰ বিভিন্ন বিভাগ বোৰত চৰকাৰৰ সামান্য অমনোযোগিতাৰ বাবে কোটি কোটি টকাৰ সামগ্ৰী নষ্ট হৈ যোৱাতো নতুন কথা নহয়। কিয়নো ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত সৰু সুৰা যান্ত্ৰিক অসুবিধাৰ বাবে কম্পিউটাৰ চেট, জেৰস্ক মেচিন, জেনেৰেটৰ আদি অবাবতে নষ্ট হৈ গৈছে। যাৰ বাবে বিভাগসমূহে উক্ত সামগ্ৰীসমূহ সম্পূৰ্ণ মূল্যৰ বিনিময়ত ক্রয় কৰিবলগীয়া হোৱাত চৰকাৰৰ ৰাজকোষৰ পৰা কোট্ কোটে ধনৰ অপচয় হৈছে।

বিশেষকৈ অসম চৰকাৰৰ ৰাজ্যিক পৰিবহন নিগমৰ অন্তৰ্গত হেজাৰ হেজাৰ যাত্ৰীবাহী বাছ নিগমৰ আস্থান বোৰত পৰি থাকি পছি গৈছে। ফলত ৰাজ্য চৰকাৰৰ ৰাজকোষৰ পৰা বিপুল ধনৰাশিৰ অপচয় ঘটিছে। যি কাৰ্য্য আমাৰ অসমৰ দৰে ৰাজ্যখনৰ বাবে এক ভয়ানক সংকট ৰূপে দেখা দিছে।অথচ ৰাজ্যখনৰ অৰ্থ ক্ষতিৰ এই ভয়ানক বিষয়টোকে আজিকোপতি কোনো এখন ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান কৰা দেখা নগ'ল। বৰঞ্চ নিগমটোক নতুন ৰূপ দিয়াৰ বাবে বিভাগীয় মন্ত্ৰী সকলে কোটি কোটি টকাৰ শৰাধ পাতি অত্যাধুনিক গাড়ী মটৰ ক্রয় কৰাহে পৰিলক্ষিত হয়।

ঠিক তেনেকৈ ৰাজ্যখনৰ বিভিন্ন অঞ্চলত থকা পৰিবহন নিগমৰ আস্থান বোৰত অব্যৱহৃত হৈ থকা চৰকাৰী ভুমিৰ কিছু কিছু লোকে ব্যৱসায় বাণিজ্যৰ নামত নিজা ভুমিৰ দৰে ব্যৱহাৰ কৰি আহিছে। এই দুষ্কাৰ্য সমুহ দেখিও নেদেখাৰ ভাও ধৰে আস্হান বোৰৰ অধীক্ষক, উপ- অধীক্ষক সকলে। ঠিক তেনেকৈ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাইহাটা চাৰিআলি উপ-আস্থানটো হৈ পৰিছে ব্যক্তিগত মালিকানাৰ যান বাহনৰ পাৰ্কিঙ। বিশেষকৈ কেবাজনো ব্যৱসায়ি আৰু ভাড়াঘৰৰ মালিকৰ ভাৰতীয়া সকলৰ যানবাহনৰ সুৰক্ষিত পাৰ্কিঙ থলী হৈ পৰিছে আস্থানটো।

ফলত নিগমৰ যান বাহন ওলোৱা সোমোৱাত অসুবিধাৰ সন্মুখিন হ'বলগীয়া হৈছে। এই সন্দৰ্ভত যান বাহনৰ চালক কৰ্মচাৰীয়ে আস্হানটোৰ উপ অধীক্ষকক অবগত কৰিলে অধীক্ষক জনে বিষয় টোৰ পৰা গা এৰা দিয়া মনোভাব পোষন কৰা দেখিবলৈ পোৱা যায়। কি অজ্ঞাত কাৰণত অধীক্ষকজনে এই বিষয়ত গা এৰা দি চলি আছে সেয়া ৰহস্যৰ আবৰ্তত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in