ফাইল ফটো
ফাইল ফটো

দুভৰিৰ যাদু দেখুৱাবলৈ আহি আছে বাইচুং ভূটীয়া…

ডিজিটেল সংবাদ, গুৱাহাটীঃ বাইচুং ভূটীয়াৰ দুভৰিৰ যাদুত পুনৰ চমকি উঠিব গুৱাহাটী। ৰাজ্যৰ অগ্ৰণী ক্ৰীড়া সংগঠন ইউনাইটেড ব্ৰাদাৰ্ছ ক্লাৱে আয়োজন কৰা ষষ্ঠ আন্তৰ্জাতিক প্ৰবীণ ফুটবল প্ৰতিযোগিতাত ছিকিম একাদশৰ হৈ অংশ ল'ব ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়কজনে। অহা ৩০ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীৰ পৰা ছাই ফিল্ডত অনুষ্ঠিত হ'ব প্ৰতিযোগিতাখন।

সেই দিনাৰ ৪ বজাত অনুষ্ঠিত হ'ব লগা উদ্বোধনীৰ পিছতে তেওঁ খেলা ছিকিম একাদশে আয়োজক ইউনাইটেড ব্ৰাদাৰ্ছ ক্লাৱৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এইবাৰ এই খেলত মুঠ ১২ টা দলে অংশ ল'ব।

প্ৰতিযোগিতাত বিজয়ী দলে লাভ কৰিব কনক চন্দ্ৰ বৰুৱা সোঁৱৰণী ট্ৰফীৰ লগতে নগদ ৫০ হাজাৰ টকা। অহা ২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ফাইনেলৰ বঁটা বিতৰণী অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in