হিমন্ত বিশ্বই মাদ্ৰাছা বন্ধ কৰিছে, আমি ক্ষমতালৈ আহিলে খুলি দিমঃ বদৰুদ্দিন আজমল

হিমন্ত বিশ্বই মাদ্ৰাছা বন্ধ কৰিছে, আমি ক্ষমতালৈ আহিলে খুলি দিমঃ বদৰুদ্দিন আজমল

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ হিমন্ত বিশ্ব শৰ্মা মাদ্ৰাছা শিক্ষা বন্ধ কৰিছে, আমি ক্ষমতালৈ আহিলে পুনৰ মাদ্ৰাছা শিক্ষা মুকলি কৰি দিম, কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাৰ কথা শুনি হিমন্ত-সৰ্বানোন্দ সোনোৱালৰ নিদ্ৰা হৰণ হৈছে। ফলত হিমন্ত বিশ্ব শৰ্মা এতিয়া মিঞা, মাদ্ৰাছা, মোগলৰ ৰাজনীতি আৰম্ভ কৰিছে। আজমলক হিমন্ত ভয় কৰে। ভয়ত কেবল আজমলৰ নাম লয় হিমন্ত। এটাৰ পাছত আন এক বিস্ফোৰক মন্তব্যৰে মানকাচৰত ধুবুৰীৰ সাংসদ তথা এআইইউডিএফৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল বিস্ফোৰণ ঘটায়।

উল্লেখযোগ্য যে যোৱা দুদিন পূৰ্বে মানকাচৰৰ খোপাতীয়া হাইস্কুল খেল পথাৰত অনুষ্ঠিত কৰ্মী সভাত মৌলানা বদৰুদ্দিন আজমল এনে বিস্ফোৰণ ঘটোৱাৰ পাছত আজি পুনৰ মানকাচৰত অনুষ্ঠিত আন এক কৰ্মী সভাত সাংসদ গৰাকীয়ে একে মন্তব্য কৰে। দক্ষিণ শালমাৰা-মানকাচৰ জিলা এআইইউডিএফৰ সভাপতি নজমুল আৰপিনৰ সভাপতিত্বত অনুষ্ঠিত জিলাভিত্তিক কৰ্মী সভাখনত দলৰ মুৰব্বী তথা সাংসদ আজমল মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে বিলাসীপাৰা বিধায়ক তথা দলৰ সাধাৰণ সম্পাদক বছিৰ উদ্দীন কাছিমী, ধুবুৰীৰ বিধায়ক নজৰুল ইছলাম, দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক তথা মানকাচৰ সমষ্টিৰ আশাবাদী প্ৰাৰ্থী আমিনুল ইছলাম সহ কেবা জনো জেষ্ঠ নেতা উপস্থিত থাকে।

কোনো ধৰণৰ কোভিড-১৯ ৰ প্ৰটকলৰ নীতি নিয়ম নামানি অনুষ্ঠিত সভাখনত ৰাইজৰ মাজত দেখা পোৱা নগল সামাজিক দৰত্ব, কোনেই যেন নিপিন্ধিলে মাক্স। মন কৰিবলগীয়া বিষয় এয়া যে যোৱা দুদিন পূৰ্বে সাংসদ আজমল মানকাচৰত উপস্থিত হৈ হাটশিঙিমাৰী আৱৰ্ত ভৱনত আশ্ৰয় লয়। পৰহি দিনা সাংসদ গৰাকী জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ ভাবুকি কঢ়িয়াই অনা মালিৰ আলগা গাওঁ পঞ্চায়তৰ গৰাখহনীয়া পৰিদৰ্শন কৰি আল্লাহৰ ওচৰত নদী গৰাখহনীয়া নহবলৈ দোৱা কৰাৰ পাছত উক্ত দিনা সন্ধিয়া খোপাতীয়া হাই স্কুল খেল পথাৰত এক কৰ্মী সভাত উপস্থিত আছিল।

নিশা আবৰ্ত ভৱনত নৈশ যাপন কৰাৰ পাছত সাংসদ গৰাকী যোৱা কালি জিলা উপায়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসনৰ সৈতে জিলাৰ উন্নয়নক লৈ হোৱা বৈঠকত উপস্থিত আছিল। ইয়াৰ পাছত আজি মানকাচৰত অনুষ্ঠিত হোৱা জিলা ভিত্তীক কৰ্মী সভাত উপস্থিত থকাৰ পাছত সাংসদ গৰাকী আজিও নিশা আৱৰ্ত ভৱনত কঠোৱাৰ পাছত ধুবুৰীলৈ ৰওনা হব বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in