তৰুণ গগৈৰ খবৰ ল’বলৈ আহি জিএমচিএইচত উচুপি উঠিল এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমল…VIDEO

তৰুণ গগৈৰ খবৰ ল’বলৈ আহি জিএমচিএইচত উচুপি উঠিল এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমল…VIDEO

ডিজিটেল ডেস্কঃ তৰুণ গগৈৰ খবৰ ল'বলৈ আহি জিএমচিএইচত উপস্থিত এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমল। ৰাজনৈতিক ক্ষেত্ৰত শত্ৰুতা থাকিলেও গগৈৰ খবৰ ল'বলৈ আহি গাড়ীৰ পৰা নামিয়েই উচুপি উঠিল আজমল। তেওঁ কয়- বহু স্মৃতি জড়িত হৈ আছে তৰুণ গগৈৰ সৈতে।

এমাহৰ আগতে তেওঁৰ স্বাস্থ্যৰ খবৰ লোৱা বুলিও জানিবলৈ দিয়ে আজমলে। লগতে তেওঁ কয়- তেওঁৰ পৰিয়ালৰ সৈতে আছিল তেওঁৰ সুসম্পৰ্ক। বাহনৰ পৰা নামি বদৰুদ্দিন আজমলে কয় যে- 'তেখেত বহুত ভাল মানুহ আছিল। তেখেতৰ কাৰণে আমি বহুত লাভ পাইছো বিভিন্ন স্থানত। আমি এতিয়ালৈ আশাবাদী। তেওঁ ভাল হ'ব আৰু ভাল হৈ আমাৰ মাজত আহিব…।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in