এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ স্বাস্থ্যৰ অৱনতি, মুম্বাইৰ ছাইফী হাস্পতালত চিকিত্সাধীন

এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ স্বাস্থ্যৰ অৱনতি, মুম্বাইৰ ছাইফী হাস্পতালত চিকিত্সাধীন


ডিজিটেল ডেস্কঃ মহামাৰী কোৰোনাৰ প্ৰভাৱত সমগ্ৰ বিশ্ৱ আজি মহাকম্পিত। কোৰোনাৰ আগ্ৰাসনৰ পৰা মুক্ত হ'ব পৰা নাই বিশ্বৰ শীৰ্ষস্থানীয় দেশসমূহো। ভাৰততো কালাম্তক কোৰোনাই লৈছে মহামাৰীৰ ৰূপ। কোৰোনাত আক্ৰান্ত হৈছে দেশৰ ভালেকেইজন নামী-দামী লোক। ক'ৰোনাত আক্ৰান্ত হৈছে চলচিত্ৰজগতৰ মহাতাৰকা বিগ বি অমিতাভ বচ্চনৰ পৰা শীৰ্ষ ৰাজনৈতিক নেতালৈকে।

শেহতীয়াকৈ ককোৰোনাত আক্ৰান্ত হৈছে এ আই ডি ইউ এফ দলৰ প্ৰধান বদৰুদ্দিন আজমল। আজমলৰ লগতে ক'ৰোনাত আক্ৰান্ত হৈছে ভ্ৰাতৃ ছিৰাজউদ্দিন আজমলো। সম্প্ৰতি মুম্বাইৰ ছাইফী হাস্পতালত চিকিত্সাধীন অৱস্থাত আছে ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমল।

মধুমেহ ৰোগত আক্ৰান্ত বদৰুদ্দিন আজমলে শ্বাস-প্ৰস্বাসত কষ্ট পোৱাৰ বাবে ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় মুম্ছাবাইৰ ছাইফী হাস্পতালত। উল্লেখ্য যে কোৰোনাত আক্ৰান্ত হোৱাৰ পাছত আজমলে ঘৰতে চিকিত্সাৰ ব্যৱস্থা কৰি লৈছিল। চিকিত্সকৰ নিৰৱচ্ছিন্ন নিৰীক্ষণত থকা আজমলক বৰ্তমানে দিয়া হৈছে অক্সিজেন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in