পৰস্ত্ৰীৰ অশ্লীল ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল কৰি ৰঙাঘৰত সোমাল বদৰপুৰৰ সেনা জোৱান

পৰস্ত্ৰীৰ অশ্লীল ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল কৰি ৰঙাঘৰত সোমাল বদৰপুৰৰ সেনা জোৱান

ডিজিটেল সংবাদ, শিলচৰঃ পৰস্ত্ৰীৰ অশ্লীল ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি ৰঙাঘৰৰ ভাত খাব লগীয়া হ'ল এজন সেনা জোৱান৷ ঝাৰখণ্ডত এছএছবিত কৰ্মৰত এ ৰাজেশ সিংহ নামৰ জোৱান জন মঙলবাৰে শিলচৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পিচতে আদালতে জোৱানজনক জে'ল হাজোতলৈ প্ৰেৰণ কৰে৷

আৰক্ষী সূত্ৰে জানিব পৰা মতে, মিৰাটত কৰ্মৰত জনৈক সেনা বিষয়াৰ সন্তান আৰু অভিযুক্ত এছএছবি জোৱানজনৰ সন্তান শিলচৰৰ কলেজিয়েট স্কুলৰ সহপাঠী৷ সেই সুত্ৰে চিনাকী হয় দুয়ো সন্তানৰ পিতৃমাতৃৰ। তদুপৰি দুয়োটা পৰিয়াল শিলচৰ লিংকৰোডত ওচৰা ওচৰিকৈ ভাড়া থাকে৷ সেই সূত্ৰে সেনা বিষয়া জনৰ পত্নীৰ সৈতে প্ৰায়ে মোবাইলত ভিডিঅ' কলিং কৰি কথা পাতে এছএছবিৰ জোৱান ৰাজেশে৷

এদিন কেঁচুৱাক দুগ্ধপান কৰি থকা অৱস্হাত সেনা বিষয়াৰ পত্নীক ভিডিঅ' কলিং কৰে এছএছবিৰ জোৱান ৰাজেশে৷ চেগ বুজি এটা সময়ত পাশণ্ড ৰাজেশে কেঁচুৱাক দুগ্ধপান কৰোৱা সেনা পত্নী স্ক্ৰীণশ্বট মোবাইলত ধৰি ৰাখে৷ তাৰ পিছতে সেই ফটোসমূহ সেনা বিষয়াৰ পত্নীক বিভিন্ন সময়ত হোৱাটছ এপত প্ৰেৰণ কৰি ব্লেক মেইলিং কৰা আৰম্ভ কৰে৷ এই ফটোবোৰ ছ'চিয়েল মিডিয়াত ভাইৰেল কৰাৰ ভয় দেখুৱাই লম্পট জোৱান জনে প্ৰায়ে কু প্ৰস্তাৱ দিয়ে সেনা পত্নী গৰাকীক৷

এইদৰে সেনা পত্নীক ভীতি প্ৰদৰ্শন কৰি ভিডিঅ' কলিঙৰ জৰিয়তে প্ৰায়ে তেওঁৰ অশ্লীল ফটো আৰু ভিডিও ৰেকৰ্ডিং কৰে এছএছবিৰ জোৱান জনে৷ পিচত ছ'চিয়েল মিডিয়াত ভুৱা একাউন্ট খুলি এই ফটো আৰু ভিডিঅ'সমূহ ভাইৰেল কৰে জোৱান জনে৷ এটা সময়ত অসহ্য হৈ বিষয়টো স্বামীক অৱগত কৰোৱায় সেনা বিষয়াৰ পত্নী গৰাকীয়ে৷

শেষত স্বামীৰ পৰামৰ্শ মতে, সেনা পত্নী গৰাকীয়ে শিলচৰ সদৰ থানাত লম্পট ৰাজেশ সিংহৰ বিৰুদ্ধে আই টি এক্টৰ অধীনত এটি গোচৰ ৰুজু কৰে৷ এই গোচৰৰ ভিত্তিতে শিলচৰ আৰক্ষীয়ে সোমবাৰে বিবেকানন্দ ৰোডৰ ভাড়াঘৰৰ পৰা ৰাজেশক গ্ৰেপ্তাৰ কৰে৷ অভিযুক্ত ৰাজেশক মঙলবাৰে আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁক জেললৈ প্ৰেৰণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in