মাতৃক অত্যাচাৰ চলাই পলাল গোলাঘাটৰ ৰূপান্তৰ

মাতৃক অত্যাচাৰ চলাই পলাল গোলাঘাটৰ ৰূপান্তৰ

ডিজিটেল সংবাদ, গোলাঘাটঃ জন্মদাত্ৰী মাতৃক দীৰ্ঘদিন ধৰি পুত্ৰই অত্যাচাৰ চলাই অহাৰ এক ঘটনা পোহৰলৈ আহিছে গোলাঘাটৰ ৰূপজোতি নগৰত। কুলাংগাৰ এই পুত্ৰজনৰ নাম ৰূপান্তৰ বৰা।

অভিযোগ অনুসৰি, ৰূপান্তৰে দীৰ্ঘদিন ধৰি নিজ মাতৃ অনুমাই বৰাক অকথ্য অত্যাচাৰ চলাই আহিছে। দৈনিক মাতাল হৈ আহি মাতৃ অনুমাইক অকাৰণতে মাৰ-ধৰ কৰা ৰূপান্তৰক স্থানীয় লোকসকলে তেনে নকৰিবলৈ সকীয়াই দি আহিছিল যদিও তালৈ কাণসাৰেই কৰা নাছিল ৰূপান্তৰে।

বাৰম্বাৰ সকীয়াই থকাৰ পিছতো কোনো পৰিৱৰ্তন নেদেখি শুকুৰবাৰে স্থানীয় লোকসকলে মাতৃক অত্যাচাৰ কৰি থকা সময়তে ৰূপান্তৰক আবদ্ধ কৰি ৰাখি আৰক্ষীক খবৰ দিয়ে। অৱশ্যে আৰক্ষী অহাৰ পূৰ্বেই ছেগ চাই পলায়ন কৰে কুলংগাৰ ৰূপান্তৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in