কেবিনেট মন্ত্ৰী অতুল বৰাৰ সমষ্টিত কোটিটকীয়া পথৰ দুৰৱস্থা…

কেবিনেট মন্ত্ৰী অতুল বৰাৰ সমষ্টিত কোটিটকীয়া পথৰ দুৰৱস্থা…

ডিজিটেল সংবাদ,বোকাখাতঃ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা চৰকাৰৰ দিনতই  কেবিনেট মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিৰ কমাৰগাঁৱত এটা পথ নিৰ্মাণত ঠিকাদাৰৰ ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে দুটাকৈ জাতীয় সংগঠণে। বোকাখাত বিধান সভা সমষ্টিৰ অন্তৰ্গত কমাৰগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মহুৰামুখ সংযোগী ৫ কিলোমিটাৰ দৈৰ্ঘৰ ঐতিহাসিক মহুৰা আলি পথটো নিৰ্মাণত ঠিকাদাৰে ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে মহুৰামুখ আঞ্চলিক ছাত্ৰ সন্থা আৰু কমাৰগাঁও আঞ্চলিক টাই আহোম ছাত্ৰ সন্থাই ।

উল্লেখযোগ্য যে, অসমৰ প্ৰথম গৰাকী মহিলা ঠিকাদাৰ তথা শিল্পী মোহন ৰাজকুমাৰীয়ে নিৰ্মাণ কৰা এছিয়া মহাদেশৰ ভিতৰত পোন পথ হিচাপে চিহ্নিত মহুৰা আলি পথ।  ২০২০ বৰ্ষত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিবেশনৰ সময়তে ৰাজ্যৰ গড়কাপ্তানী বিভাগৰ ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নীতকৰণ শিতানত ২০১৯ -২০ বৰ্ষৰ অধীনত প্ৰায় ৭ কোটি টকা ব্যয় সাপেক্ষ নিৰ্মাণ কৰিবলৈ বোকাখাতৰ "এম পি এ কনষ্ট্ৰাকছন কোম্পানী"য়ে নিবিদা লাভ কৰিছিল ।

 কিন্তু সেই সময়ত সঙ্ঘৰ অধিবেশনৰ দিন চমু চাপি অহাত খৰতকীয়াকৈ পথ নিৰ্মাণকাৰী সংস্থাটোৱে প্ৰায় দুই কিলোমিটাৰ পথ পকীকৰণৰ কৰিছিল। ৰাজ্যৰ কেবিনেট মন্ত্ৰী তথা সমষ্টিটোৰ বিধায়ক অতুল বৰাৰ যোগেদি ২০২০ চনৰ ৪ ফেব্ৰুৱাৰীত শুভ উদ্বোধন কৰিছিল। ইফালে অধিবেশনৰ পাছত পথ নিৰ্মাণ সংস্থাটোৱে বাকী থকা পথচোৱাৰ পকীকৰণৰ কাম সম্পূৰ্ণ কৰে।

 কিন্তু ডেৰটা বছৰ পাছতেই প্ৰায় ৭ কোটি টকা ব্যয় সাপেক্ষ নিৰ্মাণ কৰা পথটো  বৰ্তমান বিভিন্ন স্থানত বখলা বখলে  এৰাই যাবলৈ  ধৰাৰ লগতে  বহু স্থানত বহি যোৱাৰ উপৰিও পকী পথটো ফাটি যোৱা পৰিলক্ষিত হৈছে ।

ইফালে বুধবাৰে উক্ত ঐতিহাসিক পথটো মহুৰামুখ আঞ্চলিক ছাত্ৰ সন্থা আৰু টাই আহোম ছাত্ৰ সন্থা কমাৰগাঁও আঞ্চলিকৰ এটি সজাতি দলে  পৰিদৰ্শন কৰি পথটো ঠিকাদাৰ ,অভিযন্তা আৰু বিভাগীয় বিষয়া কৰ্মচাৰীৰ মিতিৰালি আৰু নিম্নমানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলতেই বখলা বখলে এৰাই যাবলৈ আৰম্ভ কৰিছে বুলি অভিযোগ উত্থাপন কৰে।

বুধবাৰে সজাতি দলটোৱে পথটি পৰিদৰ্শন কৰি ৰাজ্যৰ গড়কাপ্তানী বিভাগক তীব্ৰ সমালোচনা কৰাৰ লগতে কৃষিমন্ত্ৰীৰ গৃহ সমষ্টিত ৰাজ্যৰ এগৰাকী আগশাৰী ঠিকাদাৰে নিৰ্মাণ কৰা পথটো অতি কম সময়তে জৰাজীৰ্ণ ৰূপ লোৱাত উদ্বেগ প্ৰকাশ কৰে। লগতে বিজ্ঞানসন্মতভাৱে ঐতিহাসিক পথটো পুনৰ  নিৰ্মাণ কৰিবলৈ দাবী জনাই ।"শিল্পী মোহিনী ৰাজকুমাৰী পথ" হিচাপে নামাকৰণ কৰিবলৈ সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে মহুৰামুখ আঞ্চলিক ছাত্ৰ সন্থাই ।  

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in