পূজাৰ বতৰত ভেন্সাৰ স্কুলৰ শিক্ষকলৈ দুঃখবৰ…

পূজাৰ বতৰত ভেন্সাৰ স্কুলৰ শিক্ষকলৈ দুঃখবৰ…

ডিজিটেল সংবাদ, আন্ধেৰীঘাট: ৰাজ্যৰ কেইবা হেজাৰ ভেন্সাৰ স্কুলৰ শিক্ষকে নৱেম্বৰৰ আৰম্ভণিতে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ পৰা ভাল খবৰ পাব বুলি গভীৰ আশাৰে অপেক্ষা কৰি আছিল। কিন্তু মধ্য ইংৰাজী বিদ্যালয় সমূহৰ প্ৰায় ষাঠি শতাংশ বিদ্যালয়ৰ শিক্ষকৰ আশাত চেঁচা পানী ঢালি শিক্ষা বিভাগে শিক্ষকৰ নাম-তালিকা প্ৰকাশ কৰিবলৈ প্ৰস্তুতি চলোৱা খবৰ পোৱা গৈছে।

বিশেষ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি, আইনী মেৰপেছত প্ৰদেশীকৰণ প্ৰক্ৰিয়াৰ পৰা বাতিল হ'ব ৰাজ্যৰ প্ৰায় আঠ শতাধিক মধ্য ইংৰাজী বিদ্যালয়। ২০১৬-১৭ বৰ্ষত ছাত্ৰ ছাত্ৰী নূন্যতম ৩০ গৰাকী নথকা আঠশ খনতকৈও অধিক বিদ্যালয় চৰকাৰে ভাঙি দিয়াৰ পৰিকল্পনা কৰিছে। ফলত ২৮/৩০ বছৰ বিনা বেতনে শিক্ষকতা কৰি আশাত বন্দী শিক্ষকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

চৰকাৰী ষড়যন্ত্ৰৰ বলি হোৱাতো নিশ্চিত হোৱাৰ পিছত মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক সকলে নিজ নিজ সমষ্টিৰ বিধায়ক আৰু বিভাগীয় মন্ত্ৰীক এই দিশত মানৱীয় দৃষ্টিৰে বিবেচনা কৰি সকলোৰে পদ প্ৰাদেশিকীকৰণ কৰিবলৈ আবেদন নিবেদন কৰিছে। উল্লেখ্য যে, সোনোৱাল নেতৃত্বাধীন চৰকাৰে বিদ্যালয় সমূহ প্ৰাদেশিকীকৰণ কৰাতো অন্যতম প্ৰতিশ্ৰুতি আছিল। কিন্তু শাসনৰ গাদীত বহি পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পাহৰি গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in