শেহতীয়া খবৰ
অনানুষ্ঠানিক শিক্ষা আৰম্ভ কৰাৰ উদ্দেশ্যে চৰকাৰৰ গাইডলাইন প্ৰকাশ...  •  লেবেননৰ ৰাজধানী বেইৰুটত দুটাকৈ ভয়ংকৰ বিস্ফোৰণৰ ঘটনা...VIDEO  •  পুনৰ ২৮৮৬জনৰ দেহত কোভিড-১৯ঃ ৫৫০জন কামৰূপ মেট্ৰৰ, ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৪৮,১৬১লৈ বৃদ্ধি...  •  গোৱালপাৰাত ৫ শতাধিকৰ ঘৰ অতিক্ৰম কৰিলে কোভিড-১৯ত আক্ৰান্ত ৰোগীয়ে, অদ্যাপি ৩২০ গৰাকী ৰোগী কোৰোনামুক্ত...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ৬জনৰ মৃত্যু...  •  পানীখাইতিত পঞ্চ আৰু চয়াবিন ফেক্টৰীত ভয়ানক অগ্নিকাণ্ড...VIDEO  •  আলাবৈ ৰণৰ ৩৫১ বছৰঃ বুধবাৰে ১০ হাজাৰ বীৰ ছহিদলৈ সামৰিক শ্ৰদ্ধাঞ্জলি...  •  আৰণ্যকৰ মাতৃ লীনা শৰ্মা অত্যন্ত সুখী, কিন্তু...  •  কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দেহত কোভিড-১৯ পজিটিভ...  •  দিল্লী আৰক্ষীৰ কণিষ্টবল ইউ পি এছ চি পৰীক্ষাত ৬৪৫ নম্বৰ স্থানত উত্তীৰ্ণ...

কেজৰিৱালৰ শপতগ্ৰহণ অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব ‘দ্য বেবি মাফলাৰ মেন’

639

ডিজিটেল ডেস্কঃ দেওবাৰে শপতগ্ৰহণ কৰিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। এই উপলক্ষ্যে দিল্লীৰ ৰামলীলা মৈদানত আয়োজন কৰা হৈছে এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ। তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কেজৰিৱালে শপত ল’ব লগা অনুষ্ঠানটোলৈ নিমন্ত্ৰণ লাভ কৰিছে এগৰাকী বিশেষ অতিথিয়ে। যিগৰাকী অতিথিয়ে নিৰ্বাচনৰ ভোটগণনা দিনৰ পৰা ছ’চিয়েল মিডিয়াত সকলোৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

এই বিশেষ অতিথি গৰাকী আন কোনো নহয়, এটি এবছীয়া শিশু। যাক বৰ্তমান সময়ত সকলোৱে ‘বেবি মাফলাৰমেন’ নামেৰে নামাকৰণ কৰিছে। ৭০খন বিধানসভা সমষ্টি থকা দিল্লীত ৬২খন আসন লাভ কৰিবলৈ সক্ষম হৈছে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টীয়ে। আপৰ এই বিজয়ক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে দেশৰ ভিন্ন প্ৰান্তৰ অগণন লোকে।

মঙলবাৰৰ ভোটগণনাৰ দিনাৰ পুৱাৰ পৰা মাফলাৰৰ সৈতে দিল্লীৰ ৰাজপথত ঘূৰি চৰ্চিত হোৱা শিশুটিৰ নাম অভ্যান তমাৰ। তেওঁ এগৰাকী আপ কৰ্মীৰ সন্তান। মাত্ৰ কেজৰিৱালৰ বিজয়ৰ সময়ত ছ’চিয়েল মিডিয়াত চৰ্চিত হোৱাই নহয়, এইগৰাকী শিশুৱে সেইদিনাই বিয়লিৰ ভাগত কেজৰিৱালৰ ঘৰত আন লোকসকলৰ সৈতে মিঠাই খাই আনন্দ কৰাও দেখিবলৈ পোৱা গৈছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি