শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

শ্ৰীলংকাৰ পৰা ভাৰতলৈ সাঁতোৰিবলৈ সাজু অসমৰ দুই গুৰু-শিষ্যঃ সৃষ্টি হ’ব ইতিহাস….

ডিজিটেল ডেস্কঃ ইতিহাস গঢ়াৰ দিশে অসমৰ দুই গুৰু শিষ্য। শ্ৰীলংকাৰ পৰা ভাৰতলৈ ভাৰত মহাসাগৰেদি এক দুঃসাহসকি অভিযানত অংশল’ব এই দুই গুৰু শিষ্যই। ক্ৰীড়া প্ৰাধিকৰণ অসমৰ প্ৰশিক্ষক বাবুল গুৰুঙ আৰু তেওঁৰ প্ৰশিক্ষণ প্ৰদান কৰা কস্তুৰী গগৈয়ে গীনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্তৰ বাবে এই দুঃসাহসিক অভিযান আৰম্ভ কৰিব।

২৯ মাৰ্চ, মঙ্গলবাৰে সন্ধিয়া শ্ৰীলংকাৰ কলম্বোৰ পৰা বাবুল আৰু কস্তুৰীয়ে এই দুঃসাহসিক অভিযান আৰম্ভ কৰিব। কলম্বোৰ পৰা ভাৰত মহাসাগৰৰ মাজেৰে প্ৰায় ১১০ কিলোমিটাৰ সাঁতোৰি দুয়ো ৩০ মাৰ্চ বুধবাৰে সন্ধিয়া তামিলনাডুত আহি উপস্থিত হ’ব।

দুয়োৰে এই দুঃসাহসিক অভিযানৰ সময়ত ভাৰতীয় নৌসেনা আৰু শ্ৰীলংকাৰ নৌসেনাই সহযোগিতা আগবঢ়াব। ইয়াৰ উপৰিও দুয়ো সন্তৰনবিদক সৰ্বভাৰতীয় ছুইমিং ফেডাৰেচনেও সহযোগিতা আগবঢ়াব। উল্লেখ্যে যে এইদৰে শ্ৰীলংকাৰ পৰা ভাৰতলৈ ভাৰত মহাসাগাৰ সাঁতোৰা বাবুল আৰু কস্তুৰীয়েই উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম সন্তৰনবিদ।

ক্ৰীড়া প্ৰাধিকৰণ অসমৰ প্ৰশিক্ষক বাবুল গুৰুঙ আৰু তেওঁৰ শিষ্য কস্তুৰী গগৈৰ এই দুঃসাহসিক অভিযানৰ বাবে অসম সাঁতোৰ সন্থাৰ লগতে অসম চৰকাৰৰ ক্ৰীড়া বিভাগে সহযোগিতা আগবঢ়াইছে। দুয়োগৰাকীৰ এই অভিযানৰ সফলতা কামনা কৰিছে অসম সাঁতোৰ সন্থাৰ সভাপতি, সম্পাদককে প্ৰমুখ্য কৰি সন্থাৰ বিষয়ববীয়াসকলে।