দিল্লীত কেইবাগৰাকীও ধৰ্মগুৰুৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক অজিত ডোভালৰ

দিল্লীত কেইবাগৰাকীও ধৰ্মগুৰুৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক অজিত ডোভালৰ

ডিজিটেল ডেস্কঃ অযোধ্যাৰ দীৰ্ঘদিনীয়া ভূমি বিবাদ গোচৰৰ ৰায়দান শনিবাৰে সম্পূৰ্ণ হোৱাৰ পিছত দেওবাৰে দিল্লীত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পৰামৰ্শদাতা অজিত ডোভালৰ বাসগৃহত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত যোগগুৰু ৰামদেৱৰ লগতে স্বামী পৰমাত্মানন্দ, স্বামী অৱধেশনন্দ, চিয়া ধৰ্মগুৰু মৌলানা কলৱে জৱাদৰ লগতে কেইবাগৰাকীও ধৰ্মগুৰু উপস্থিত থাকে। জানিব পৰা মতে, এই বৈঠকত দেশৰ শান্তি ব্যৱস্থাক লৈ আলোচনা হয়।

উল্লেখ্য যে, শনিবাৰে উচ্চতম ন্যায়ালয়ে অযোধ্যা বিবাদিত গোচৰৰ ৰায়দান কৰাৰ পিছতো ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পৰামৰ্শদাতা অজিত ডোভালে স্বামী অৱধেশানন্দ, স্বামী পৰমাত্মানন্দ আৰু বাবা ৰামদেৱক নিজ বাসগৃহত সাক্ষাৎ কৰিছিল। প্ৰায় এঘন্টাজোৰা এই বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি স্বামী অৱধেশানন্দই কয় যে উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছত দেশৰ স্থিতি সন্দৰ্ভত বৈঠকত আলোচনা হয়। দেশত কেনেদৰে শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিব পাৰি, সেই সন্দৰ্ভতো আলোচনা হয় বুলি জানিবলৈ দিয়ে ধৰ্মগুৰু গৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in