‘বাবা কা ধাবা’ত তলা

‘বাবা কা ধাবা’ত তলা

বাবা কা ধাবা'ত তলা

ডিজিটেল ডেস্ক: হঠাৎ ভাৰতলৈ অহা মহামাৰী কোভিডৰ বাবে সমগ্ৰ দেশ এক ভয়ংকৰ সমস্যাৰ সন্মূখীন হৈছে। বিশেষকৈ সাধাৰণ ভাৱে জীৱন যাপন কৰি থকা শ্ৰেণীটো আৰ্থিক ভাৱে সংকটত পৰা দেখা গৈছে। প্ৰথম অৱস্থাত সংক্ৰমণ ৰোধিবৰ বাবে অপৰিকল্পিত ভাৱে চৰকাৰে লকডাউন দিছিল আৰু যাৰ ফলত সৰু সৰু ব্যৱসায়ী সকলৰ ব্যৱসায়ত যথেষ্ঠ ক্ষতি হোৱা দেখা গৈছিল। এতিয়াও পৰিস্থিতি একেই আছে যদিও ২ টা বছৰে পৰিস্থিতিৰ সৈতে সহবাস কৰিবলৈ শিকিছে সাধাৰন জনতাই। কোৰোনাৰ প্ৰথম লহৰত যেতিয়া সমগ্ৰ দেশত বন্ধ ঘোষণা কৰা হৈছিল তেতিয়াই বহু দৰিদ্ৰ পৰিয়ালৰ কৰুণগাঁথা সামাজিক মাধ্যমত ব্যাপক ৰূপত চৰ্চা হোৱা আমি সকলোৱে দেখিছিলো। তাৰ মাজতেই ভাইৰেল হৈছিল দিল্লীস্থিত  "বাবা কা ধাবা" নামৰ  এখন ধাবাৰ মালিকৰ দুৰ্বিসহ জীৱনৰ কথাৰে গৌৰৱ বাচান নামৰ যুৱক এজনে নিজৰ ইউটিউব চেনেলত শ্বেয়াৰ কৰা এটা ভিডিঅ'।

ভিডিঅ' ত বাবা কা ধাবা নামৰ ধাবাৰ মালিক কান্তা প্ৰসাদে সেই সময়চোৱাত সন্মুখীন হোৱা সমস্যা সমূহৰ বৰ্ণনা কৰি ৰাইজৰ পৰা সহায় ভিক্ষা কৰিছিল । সেই ভিডিঅ'টোৱে বহুতৰে হৃদয় চুই গৈছিল আৰু বহু হৃদয়বান লোকে কান্তা প্ৰসাদক আৰ্থিক ভাৱে সহায় কৰিছিল। কান্তা প্ৰসাদৰ একাউন্টত লাখ লাখ টকা জমা হৈছিল কেইদিন মানৰ ভিতৰতে কান্তা প্ৰসাদ লাখপতি হৈ উঠিছিল।কান্তা প্ৰসাদৰ একাউন্টতত প্ৰায় ৪৫ লাখ জমা হৈছিল। সেই সময়তে কান্তা প্ৰসাদ অহংকাৰী হৈ উঠিছিল আৰু যিজন গৌৰৱ বাচানে তেওঁক সমাজৰ আগলৈ উলিয়াই আনি সহায় কৰিছিল সেইজন যুৱক জনৰ বিৰুদ্ধে ধন আত্মসাৎ কৰাৰ দৰে অভিযোগ তুলি সামাজিক মাধ্যমত চৰ্চালৈ আহিছিল। ভাৰতত কোৰোনাৰ পৰিস্থিতি ভালৰ ফালে গতি কৰা সময়তে কান্তা প্ৰসাদে ৫ লাখ টকা খৰচ কৰি নিজাকৈ এখন ৰেষ্টুৰেন্ট খুলি ব্যৱসায় আৰম্ভ কৰিছিল। কিন্তু শেহতিয়াকৈ কান্তাৰ এই ব্যৱসায়ে বেয়াৰ ফালে গতি কৰিলে।

ৰেষ্টুৰেন্ট খনৰ ভাড়াৰ নামত ১ লাখ, কৰ্মচাৰীৰ দৰমহাৰ নামত ৩৫ হাজাৰ, পানী আৰু বিজুলীৰ নামৰ ১৫ হাজাৰ ব্যয় কৰিব লগা হৈছিল কান্তা প্ৰসাদে। প্ৰথম অৱস্থাত গ্ৰাহকৰ ভিৰ আছিল যদিও লাহে লাহে গ্ৰাহক নাইকীয়া হবলৈ আৰম্ভ কৰিছিল অৱশেষত ফেব্ৰুৱাৰী মাহত সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছিল বাবা কা ধাবা । সাহাৰ্য্য ৰূপে কান্তা প্ৰসাদে লাভ কৰা ৪৫ লাখ টকাৰ ব্যয়ৰ কথাও উল্লেখ কৰিছে তেওঁ সাহায্যৰ টকাৰে ঘৰ মেৰামতি কৰা, ঋণ পৰিশোধ কৰা, পৰিয়ালৰ বাবে স্মাৰ্ট ফোন ক্ৰয় কৰা আদি কাম কৰিছিল এই সকলো কাম কৰি কান্তাৰ হাতত বৰ্তমান ১৯ লাখ টকা আছে এই টকা তেওঁ ভবিষ্যতৰ বাবে সাচি ৰাখিব ।আৰু এতিয়া বিলাসী ৰেষ্টুৰেন্ট এৰি পুনৰ ৰস্তাৰ কাষত ধাবা দিয়াৰ কথা উল্লেখ কৰিছে কান্তা প্ৰসাদে। ৰাস্তাৰ কাষৰ ধাবাৰ পৰা বিলাসী ৰেষ্টুৰেন্ট, আৰু বিলাসী ৰেষ্টুৰেন্টৰ পৰা পুনৰ ৰাস্তাৰ কাষলৈ এই যাত্ৰাৰ কাৰণ কান্তা প্ৰসাদৰ অহংকাৰ বুলিও কব খোজে বহুতে।    

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in