বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে আনন্দ বজাৰ আৰক্ষীত এজাহাৰ দাখিল পপুলাৰ ফ্ৰ’ণ্ট অৱ ইণ্ডিয়াৰ

বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে আনন্দ বজাৰ আৰক্ষীত এজাহাৰ দাখিল পপুলাৰ ফ্ৰ’ণ্ট অৱ ইণ্ডিয়াৰ

ডিজিটেল সংবাদ, শালবাৰীঃ বিজেপি বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ উঠিছে ৰাজ্যৰ দল-সংগঠন। হোজাইৰ বিধায়কগৰাকীে বিভিন্ন সময়য়ত ধৰ্মীয় চেতনাত আঘাত হানি কৰা মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰি আছে। যাক লৈ প্ৰায়ে শিলাদিত্যৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আহিছে ৰাজ্যৰ দল-সংগঠনসমূহে।

১৪ অক্টোবৰত এইগৰাকী বিধায়কে মুছলমানে পালন কৰা ধৰ্মীয় উৎসৱ ঈদৰ সময়ত বৰপেটা, ধুবুৰী, গোৱালপাৰা আদিত বোমা বিস্ফোৰণ কৰিব লাগে বুলি আলফা নেতা পৰেশ বৰুৱাক মুকলিভাৱে আহ্বান জনাইছিল৷

বিধায়কগৰাকীৰ এই মন্তব্যৰ পিছতে বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়কগৰাকীৰ বিৰুদ্ধে উচটনিমূলক মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে আইনৰ ওচৰত বিধায়কজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল।

এনে ধৰণৰ সাম্প্ৰদায়িক মন্তব্য আগবঢ়োৱা কাৰ্যক বৃহস্পতিবাৰে পপুলাৰ ফ্ৰ'ণ্ট অৱ ইণ্ডিয়া চমুকৈ পিএফআই-ৰ বাক্সা জিলা সমিতিৰ নেতৃবৃন্দই তীব্ৰ ভাষাৰে গৰিহণা জনাই আনন্দ বজাৰ আৰক্ষী চকীত বিধায়ক শিলাদিত্যৰ উচটনিমূলক বক্তব্যৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in