শেহতীয়া খবৰ
গাৰ্লছ হোষ্টেলত প্ৰৱেশ কৰি কি কৰিলে... চাওঁক VIDEO  •  নলবাৰী জাতীয় বিদ্যালয়ৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস উদযাপন...  •  খেল’ ইণ্ডিয়া-২০২০ঃ পদকৰ তালিকাত শীৰ্ষত মহাৰাষ্ট্ৰ, দশম স্থানত অসম...  •  খেল’ ইণ্ডিয়া-২০২০ঃ পদকৰ তালিকাত শীৰ্ষত মহাৰাষ্ট্ৰ, দশম স্থানত অসম...  •  ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত হাৰ্দিক পেটেলক গ্ৰেপ্তাৰ...  •  ‘পঢ়ক আৰু ডাঙৰকৈ হাঁহক’- উপ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিনো ক’লে?  •  মঙলানগৰ সাহিত্য সভাৰ ৰূপালী জয়ন্তীঃ ২০ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপনৰ লগতে ৩২ খনকৈ গ্ৰন্থ উন্মোচন...  •  কঢ়িয়াই আনিলে গৌৰৱ, এছিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিবিষ্ট হ’ল ধনশিৰিৰ যুৱক প্ৰশান্ত কুমাৰ দাসৰ...  •  গুৱাহাটীত ৰহস্যজনকভাৱে মৃত্যু তামুলপুৰৰ এগৰাকী যুৱতীৰ... VIDEO  •  গোৱালপাৰাত দুষ্প্ৰাপ্য বনৰৌসহ ৪ চোৰাং ব্যৱসায়ীক আটক...

চিন্তিত আয়ুষ্মান খুৰানা! অনলাইনত উপলব্ধ হ’ল ‘বালা’…

619

ডিজিটেল ডেস্কঃ বহু বিতৰ্কৰ আৰু অভিযোগৰ পাছত অৱশেষত বলিউডৰ জনপ্ৰিয় অভিনেতা আয়ুষ্মান খুৰানাৰ ছবি ‘বালা’ই মুক্তি লাভ কৰিলে ছবিগৃহত। এই ছবিখনৰ ট্ৰেইলাৰ মুকলি পোৱাৰ পাছৰে পৰা সকলোৱে অপেক্ষা কৰিছিল ছবিখন চাবলৈ। প্ৰায়ে  সামাজিক বিষয়ক লৈ নিৰ্মাণ কৰা ছবিত অভিনয় কৰা আয়ুষ্মান খুৰানাৰ বালা শীৰ্ষক ছবিখনেও জয় কৰিছে দৰ্শকৰ হৃদয়। কিন্তু ছবি মুক্তি লাভ কৰাৰ পাছতেই আন এক কাৰণত চিন্তিত হৈ পৰিছে নিৰ্মাতাসকল।

আয়ুষ্মান খুৰানাই অভিনয় কৰা এই ছবিখন ছবিগৃহত মুক্তিৰ পাছতেই অনলাইনত উপলব্ধ হোৱা বুলি অভিযোগ উত্থাপন হৈছে। বলিউডত লাইফ ড’ট ক’মৰ খবৰ অনুসৰি, আয়ুষ্মান খুৰানাৰ ছবিখন অনলাইনযোগে পাইৰেচী কৰা হৈছে আৰু অবৈধভাৱে ডাউনল’ড কৰাৰ বাবে উপলব্ধ কৰোৱা হৈছে। আৰু এই ঘটনাৰ সৈতে তামিল ৰ’কৰ্ছ নামৰ ৱেবছাইটক অভিযোগ কৰিছে ছবিখনৰ নিৰ্মাতাসকলে।  

উল্লেখ্য যে, আয়ুষ্মান খুৰানা অভিনীত এই ছবিখনে মুক্তিৰ প্রথম দিনাই এক বৃহৎ পৰিমানৰ ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ‘বালা’ শীৰ্ষক ছবিখনে প্ৰথম দিনটোতেই ১০.১৫ কোটি টকা উপাৰ্জন কৰিছিল। এই ছবিখনত আয়ুষ্মান খুৰানাৰ উপৰিও, য়ামী গৌতম, ভূমি পেডনেকৰ, যাৱেদ জাফৰী, সৌৰভ শুকলাৰ দৰে অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি