আজি ৰামৰ বনবাস শেষ হৈছেঃ যোগগুৰু ৰামদেৱ…

আজি ৰামৰ বনবাস শেষ হৈছেঃ যোগগুৰু ৰামদেৱ…

ডিজিটেল ডেস্কঃ শতিকাজোৰা অযোধ্যাৰ ভূমি বিবাদ শনিবাৰে অৱসান ঘটালে দেশৰ উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ ৰায়দানত মুছলমান পক্ষই সন্তুষ্টি প্ৰকাশ কৰা নাই যদিও আদালতৰ সিদ্ধান্তক সকলোৱে আকোৱালি লৈছে। ৰায়দানৰ পাছতে যোগগুৰু বাবা ৰামদেৱে সংবাদমাধ্যমৰ সন্মুখত সমগ্ৰ বিষয়ৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

উচ্চতম ন্যায়ালয়ৰ ৰায়দানক লৈ সন্তুষ্টি প্ৰকাশ কৰি যোগগুৰু গৰাকীয়ে কয়, ' আজি আমি যথেষ্ট সুখী, কিয়নো আজি ৰামৰ বনবাস শেষ হৈছে। এতিয়া অযোধ্যাতে নিৰ্মাণ হব ৰাম মন্দিৰ। বৰ্তমান সময়ত দেশত যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি আমি সাৱধান হোৱা উচিত।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in