অযোধ্যা ৰায়দানৰ বিৰুদ্ধে পুনৰ বিবেচনাৰ আবেদন দাখিল কৰিব মুছলিম পাৰ্ছনেল ল’ বোৰ্ডে

অযোধ্যা ৰায়দানৰ বিৰুদ্ধে পুনৰ বিবেচনাৰ আবেদন দাখিল কৰিব মুছলিম পাৰ্ছনেল ল’ বোৰ্ডে

ডিজিটেল ডেস্কঃ যোৱা ৯ নৱেম্বৰত অযোধ্যাৰ বিবাদিত ভূমি গোচৰত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ৰ প্ৰত্যাহ্বান জনাব অল ইণ্ডিয়া মুছলিম পাৰ্ছনেল ল' বোৰ্ড (এআইএমপিএলবি)-এ। বোৰ্ডৰ সদস্য চৈয়দ কাচিম ৰচুলে দেওবাৰে জানিবলৈ দিয়া মতে, বোৰ্ডে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পুনৰ বিবেচনাৰ আবেদন দাখিলৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

লক্ষ্ণৌত অনুষ্ঠিত এআইএমপিএলবিৰ বৈঠকত গ্ৰহণ কৰা এই সিদ্ধান্তৰ বিষয়ে জানিবলৈ দি বোৰ্ডৰ সচিব জফৰয়াব জিলানীয়ে কয় যে এমাহৰ ভিতৰত অযোধ্যা গোচৰত উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পুনৰ বিবেচনাৰ আবেদন দাখিল কৰা হ'ব। আনহাতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি চৰকাৰে অযোধ্যাত মছজিদ নিৰ্মাণৰ বাবে প্ৰদান কৰিবলগা ৫ একৰ ভূমি ল'বলৈও অস্বীকাৰ কৰে এআইএমপিএলবিয়ে।

এআইএমপিএলবিৰ কাৰ্যকৰী সমিতিৰ বৈঠকৰ পিছত এক সংবাদ মেল আয়োজন কৰি সচিব জফৰয়াব জিলানীয়ে কয় যে যোৱা ৯ নৱেম্বৰত অযোধ্যাৰ বাবৰি মছজিদ-ৰাম জন্মভূমি বিবাদিত ভূমি গোচৰৰ উচ্চতম ন্যায়ালয়ে যি ৰায়দান কৰিছে, তাৰ পুনৰ বিবেচনাৰ বাবে আবেদন দাখিল কৰিবলৈ মুছলিম পাৰ্ছনেল ল' বোৰ্ডে সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ কয়, 'বোৰ্ডে সিদ্ধান্ত গ্ৰহণ কৰা অনুসৰি, মছজিদৰ ভূমি আল্লাহৰ বাবে আৰু সেই ভূমি আন কাকো প্ৰদান কৰিব নোৱাৰি। সেই ভূমিৰ বাবে আমি মৃত্যু পৰ্যন্ত আইনী যুঁজ কৰি যাম।' আনহাতে অযোধ্যাৰ বাবৰি মছজিদৰ ভূমিৰ অইন কোনো বিকল্প থাকিব নোৱাৰে বুলি উল্লেখ কৰি বোৰ্ডে অযোধ্যাত ৫ একৰ ভূমি গ্ৰহণ কৰিবলৈ অসন্মতি প্ৰকাশ কৰা বুলিও জানিবলৈ দিয়ে জিলানীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in