অযোধ্যা ভূমি বিবাদৰ অৱসান ঘটোৱা ৫ পৰমেশ্বৰ…

অযোধ্যা ভূমি বিবাদৰ অৱসান ঘটোৱা ৫ পৰমেশ্বৰ…

শতিকাজোৰা অযোধ্যা ভূমি বিবাদৰ অৱসান ঘটোৱা ৰঞ্জন গগৈৰ সৈতে ৫জনীয়া বিচাৰপীঠত থকা ন্যায়াধীশ সকলক লৈ ডিম্পুল বৰগোহাঁইৰ বিশেষ প্ৰতিবেদন

অসম সন্তান মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বতে ২০১৯ৰ ৯ নৱেম্বৰত অন্ত পৰিল শতিকাজোৰা ধৰি চলি অহা অযোধ্যা ভূমি বিবাদৰ গোচৰ। বিবাদিত ভূমিত ৰাম মন্দিৰৰ নিৰ্মাণৰ লগতে মছজিদৰ বাবে বিকল্প মাটিৰ আৱন্টন দিয়াৰ নিৰ্দেশ প্ৰদান কৰে ন্যায়ালয়ে। ৰাজনৈতিক তথা ধৰ্মীয়ভাৱে অতি সংবেদনশীল এই গোচৰটোৰ ওপৰত ন্যায়ালয়ে ৰায়দানক লৈ সমগ্ৰ দেশতে মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা হৈছে। কিন্তু সকলোৱে ন্যায়ালয়ৰ এই নিৰ্দেশক সন্মান সহকাৰে আদৰি লোৱাৰ কথাও ব্যক্ত কৰিছে।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত গঠিত এই গোচৰৰ ৰায়দান কৰা ৫ জনীয়া বিচাৰপীঠত থকা আন ন্যায়াধীশসকল হৈছে- এছ এ বোবড়ে, ডি ৱাই চন্দ্ৰচূড়, অশোক ভূষণ আৰু আব্দুল নাজিৰ। এই পাঁচোজন অভিজ্ঞ ন্যায়াধীশে শনিবাৰে অৱসান ঘটায় অযোধ্যা ভূমি বিবাদ প্ৰসংগ। নিশ্চিতভাৱে কব পাৰি যে, দীৰ্ঘদিন ধৰি অমিমাংসিত হৈ থকা গোচৰটোৰ সকলো দিশ অতি সুক্ষ্মভাৱে পৰ্যালোচনা কৰি পাঁচোজন ন্যায়াধীশে প্ৰদান কৰে এই ঐতিহাসিক ৰায়।

ঐতিহাসিক এই ৰায়দানৰ পাছতে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে সতীৰ্থ ৪ জন ন্যায়াধীশৰ বাবে শনিবাৰে নিশা আয়োজন কৰিছে নৌশভোজৰ। দিল্লীৰ তাজমান সিং হোটেলত এই ভোজৰ আয়োজন কৰিছে মুখ্য ন্যায়াধীশগৰাকীয়ে। সকলোৰে জ্ঞাত যে, চলিত বৰ্ষৰে ১৭ নৱেম্বৰত মুখ্য ন্যায়াধীশ পদৰ পৰা অৱসৰ লব ৰঞ্জন গগৈয়ে।

ৰঞ্জন গগৈৰ নেতৃত্বত ৫ জনীয়া বিচাৰপীঠত আছিল ৪ জনকৈ অভিজ্ঞ ন্যায়াধীশ। প্ৰত্যোকজন ন্যায়াধীশেই নিজৰ কাৰ্যকালত কৰিছে বহুকেইটা গুৰুত্বপূৰ্ণ ৰায়দান। চাৰিওগৰাকী ন্যায়াধীশৰ চমু পৰিচয়ঃ

'তিন তালাক'ক অসাংবিধানিক বুলি ৰায় দিয়া ন্যায়াধীশ এছ আব্দুল নজীৰঃ

ন্যয়াধীশ নজীৰৰ জন্ম হৈছিল ১৯৫৮ চনৰ ৫ জানুৱাৰীৰ কৰ্ণাটকৰ বেলুৱই গাঁৱত। মহাবীৰ কলেজৰ পৰা বি কম ডিগ্ৰী লাভ কৰাৰ পাছত এছ ডি এম আইন মহাবিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে। ১৯৮৩ চনত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ পৰা উকালতি জীৱন আৰম্ভ কৰে এছ আব্দুল নজীৰে। কৰ্ণাটক উচ্চ ন্যায়ালয়তে অতিৰিক্ত ন্যায়াধীশ আৰু পাছলৈ ন্যায়াধীশ হিচাপে কাৰ্যনিবাহ কৰা নজীৰ ২০১৭ চনৰ ১৭ ফেব্ৰুৱাৰীত দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। ন্যায়াধীশ এছ আব্দুল নজীৰ হৈছে দেশৰ এনে এজন ন্যায়াধীশ যি কোনো এখন উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিবাহ নকৰাকৈ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল।

নিজৰ কাৰ্যকালত বহুকেইটা গুৰুত্বপূৰ্ণ ৰায়দান কৰা নজীৰৰ সবাতোকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে তিন তালাক। তিন তালাকক ন্যয়াধীশ নজীৰৰ বিচাৰপীঠেই অসাংবিধানিক বুলি ৰায় প্ৰদান কৰিছিল। উল্লেখ্য যে, তিন তালাক বিলক লৈ গঠিত হোৱা ৫ জনীয়া বিচাৰপীঠৰ ৩ গৰাকীয়ে বিপক্ষে আৰু দুগৰাকীয়ে সপক্ষে ৰায় প্ৰদান কৰিছিল। বিলৰ বিৰুদ্ধে ৰায়দান কৰা ৩ গৰাকীৰ ন্যায়াধীশৰ ভিতৰত ন্যায়াধীশ এছ আব্দুল নজীৰ আছিল অন্যতম। ২০১৯ৰ ৯ নৱেম্বৰত অযোধ্যা ভূমি বিবাদক লৈ উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া বিচাৰপীঠত থকা অন্যতম এজন ব্যক্তি হ'ল ন্যায়াধীশ এছ আব্দুল নজীৰ।

সবৰিমালা মন্দিৰৰ গোচৰৰ বিচাৰপীঠত থকা ন্যায়াধীশ ধনঞ্জয় চন্দ্ৰচোডঃ

১৯৫৯ চনত ১১ নৱেম্বৰত মুম্বাইত জন্ম হৈছিল ন্যায়াধীশ ধনঞ্জয় চন্দ্ৰচোড। দেশৰ উচ্চতম ন্যায়ালয়ত অধিক সময় মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিবাহ কৰা যশোৱন্ত চন্দ্ৰচোডৰ পুত্ৰ হৈছে ধনঞ্জয় চন্দ্ৰচোড। দিল্লীৰ চেন্ট ষ্টেফিনছ কলেজৰ লগতে হাৰ্বাড বিশ্ববিদ্যালয়ত আইন বিষয়ৰ পঢ়া-শুনা কৰিছিল ন্যায়াধীশ ধনঞ্জয় চন্দ্ৰচোডে।

১৯৯৮ চনত বোম্বে হাই কৰ্টৰ পৰা অধিবক্তা হিচাপে কৰ্মজীৱনৰ আৰম্ভ কৰে ধনঞ্জয় চন্দ্ৰচোডে। ২০০০ চনত বোম্বে হাইকৰ্টৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে তেওঁ। ২০১৬ চনৰ ১৩ মেত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে ন্যায়াধীশ ধনঞ্জয় চন্দ্ৰচোডে। এলাহাবাদ হাইকৰ্টৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিবাহ কৰা ধনঞ্জয় চন্দ্ৰচোডে সবৰিমালা, ভীমা কাণ্ড, সমলিংগ আদি ভিন্ন বিষয়ত কৰা ৰায়দানৰ বিচাৰপীঠৰ অংগ আছিল ধনঞ্জয় চন্দ্ৰচোড।

প্ৰশাসনিক সেৱা পৰীক্ষাত শাৰিৰীকভাৱে অক্ষম লোকসকল সকলৰ বিপক্ষে কৰা আবেদন খাৰিজ কৰা ন্যায়াধীশ অশোক ভূষণঃ

১৯৫৬ চনৰ ৫ জুলাইত উত্তপ প্ৰদেশৰ জৈনপুৰত জন্ম ন্যায়াধীশ অশোক ভূষণৰ। ১৯৭৯ চনত উত্তৰ প্ৰদেশ বাৰ কাউন্সিলৰ সৈতে জড়িত হৈ এলাহাবাদ হাইকৰ্টত উকালতিৰ প্ৰেক্টিচ আৰম্ভ কৰে। ২০০১ চনত এলাহাবাদ হাইকৰ্টৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয় অশোক ভূষণক। ২০১৪ চনত কেৰালা হাইকৰ্টৰ ন্যয়াধীশ আৰু ২০১৫ চনত তাৰে মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হয়।

২০১৬ চনৰ ১৩ মেত উচ্চতম ন্যায়ালয়ৰ ন্যয়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে তেঁও। উচ্চতম ন্যায়ালয়ত অশোক ভূষণৰ এখন বিচাৰপীঠে এখন গুৰুত্বপূৰ্ণ আবেদন খাৰিজ কৰিছিল। যি আবেদনত প্ৰশাসনিক সেৱা পৰীক্ষাত শাৰিৰীকভাৱে অক্ষম লোকসকলৰ নম্বৰ ৭ পৰা বৃদ্ধি কৰি ১০ কৰিবলৈ অনুৰোধ জনোৱা হৈছিল। অশোক ভূষণৰ বিচাৰপীঠে এই আবেদন খাৰিজ কৰিছিল।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ উত্তৰাধিকাৰী তথা দেশৰ ৪৭ সংখ্যক মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ বোবডেঃ

১৯৫৬ চনৰ ২৪ এপিলত নাগপুৰত জন্ম হৈছিল বোবডেৰ। নাগপুৰৰে এছ এফ এছ কলেজৰ পৰা তেও বিএ পাছ কৰে। ১৯৭৮ চনত নাগপুৰ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে। ১৯৭৮ চনৰে ১৩ ছেপ্তেম্বৰত অধিবক্তাৰ জীৱন আৰম্ভ কৰে তেঁও। নাগপুৰ আদালততে প্ৰাৰম্ভিক কাম-কাজ শিকে।

নেকৈয়ে নিজৰ কৰ্মদক্ষতাৰে চিনাকি মুখ হৈ পৰে শৰদ অৰবিন্দ বোবডে। ২০০০ চনৰ ১৩ ছেপ্তেম্বৰত বম্বে হাইকৰ্টৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে তেওক নিযু্ক্তি দিয়া হয়। ২০১২ চনৰ ১৬ অক্টোবৰত মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰু ২০১৩ চনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। ২০২১ চনৰ ২৩ এপিলত অৱসৰ গ্ৰহণ কৰিব শৰদ অৰবিন্দ বোবডেই।

অসম সন্তান তথা দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈঃ

ৰঞ্জন গগৈৰ জন্ম হৈছিল ১৯৫৪চনৰ ১৪ নবেম্বৰত। ডিব্ৰুগড়ৰ ডনবস্কত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল ৰঞ্জন গগৈয়ে। তাৰপাছত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ছেইন্ট ষ্টিফেনছ কলেজত অধ্যয়ন কৰিছিল। মুখ্য ন্যায়াধীশ হিচাপে ৰঞ্জন গগৈয়ে ২০১৯ৰ ১৭ নবেম্বৰলৈকে মুঠ ১৩মাহ কাৰ্যনিৰ্বাহ কৰিব।

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ পুত্ৰ ৰঞ্জন গগৈ। ১৯৭৮চনত তেখেতে অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। তেওঁ উচ্চ ন্যায়ালয়ত সাংবিধানীক কৰ আৰু কোম্পানী বিষয়ক গোচৰৰ ওকালতিৰে এই  কেৰিয়াৰত ভৰি দিছিল। ২০০১চনৰ ২৮ ফেব্ৰুৱাৰীত ৰঞ্জন গগৈয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানীয় ন্যায়াধীশ নিযুক্তি লাভ কৰে।

২০১০চনৰ ছেপ্টেম্বৰত ৰঞ্জন গগৈক বদলি কৰা হৈছিল পঞ্জাৱ আৰু হাৰিয়ানাৰ উচ্চ ন্যায়ালয়লৈ। ২০১১চনৰ ১২ ফেব্ৰুৱাৰীত তেওঁ পঞ্চাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে নিযুক্তি লাভ কৰে। তাৰপাছত ২০১২চনৰ ২৩ এপ্ৰিলত ৰঞ্জন গগৈয়ে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে নিযুক্তি লাভ কৰিছিল।

দেশৰ ৪৬সংখ্যক মু্খ্য ন্যায়াধীশ ৰঞ্জন গগৈ। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণ, ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰে জড়িত অপৰাধীৰ কাৰাবাস হ্ৰাস, লোক আয়ুক্ত নিযুক্তি আদি বিষয়ত তেখেতে গুৰুত্বপূৰ্ণ ৰায়দান কৰাৰ লগতে শেহতীয়াকৈ শতিকাজোৰা বিবাদিত অযোধ্যা গোচৰক লৈ কৰা ৰায়দানৰ নেতৃত্বত আছিল অসম সন্তানগৰাকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in