অযোধ্যাৰ দীৰ্ঘদিনীয়া বিবাদ আৰু এজন অসমীয়া…

অযোধ্যাৰ দীৰ্ঘদিনীয়া বিবাদ আৰু এজন অসমীয়া…

মৃদুল কুমাৰ সন্দিকৈ

এয়া কোনো পক্ষৰ জয় বা পৰাজয় নহয়। তথ্য প্ৰমাণৰ আধাৰত এক ঐতিহাসিক গোচৰৰ ৰায়দান। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বাধীন ৫জনীয়া বিচাৰপীঠে দেশৰ আটাইতকৈ পুৰণি গোচৰটোৰ ঐতিহাসিক ৰায়দান কৰিলে ৯ নৱেম্বৰ, ২০১৯ত।

এই ৰায়দানত কেইবাটাও উল্লেখযোগ্য দিশ উনুকিয়ালে বিচাৰপীঠে। বিশ্বাস আৰু আস্থাৰ নহয়, তথ্য প্ৰমাণৰ ভিত্তিত আইনী দৃষ্টিকোণেৰে উচ্চতম ন্যায়ালয়ে অযোধ্যা গোচৰৰ ৰায়দান কৰাৰ লগে লগে বিবাদিত অযোধ্যাৰ মন্দিৰ-মছজিদৰ বিতৰ্কৰ অন্ত পৰিব বুলি এতিয়া সকলোৱে আশা কৰিছে।

উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কি ৰায় দিলে

উচ্চতম ন্যায়ালয়ৰ ৫জনীয়া বিচাৰপীঠে ৯ নৱেম্বৰ, ২০১৯ত অযোধ্যা গোচৰৰ ৰায়দান কৰে। ১০৪৫ পৃষ্ঠাৰ এই ঐতিহাসিক ৰায়দানত উচ্চতম ন্যায়ালয়ে বিবাদমান ভূমি ন্যাস গঠনেৰে মন্দিৰ নিৰ্মাণৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক দিবলৈ নিৰ্দেশ দিয়ে। এই নিৰ্দেশত ন্যায়ালয়ে কয়- 'The Central Government shall, within a period of three months from the date of this judgment, formulate a scheme pursuant to the powers vested in it under sections 6 and 7 of the Acquisition of Certain Area at Ayodhya Act 1993. The scheme shall envisage the setting up of a trust with a Board of Trustees or any other appropriate body under Section 6. The scheme to be framed by the Central Government shall make necessary provisions in regard to the functioning of the trust or body including on matters relating to the management of the trust, the powers of the trustees including the construction of a temple and all necessary, incidental and supplemental matters.

উচ্চতম ন্যায়ালয়ৰ মূল নিৰ্দেশনা

ঐতিহাসিক ৰায়দানৰ নিৰ্দেশনাটোৰ ৯২৬ পৃষ্ঠাত এই কথা উল্লেখ কৰিছে বিচাৰপীঠে। এই ৰায়দানত লগতে উল্লেখ কৰিছে যে চৰকাৰে মন্দিৰ নিৰ্মাণৰ বাবে ভূমি আবন্টন অযোধ্যা এক্ট, ১৯৯৩ বা ৰাজ্য চৰকাৰে অযোধ্যাত সঠিক বুলি ভৱা স্থানত চুন্নী ৱাকফ বোৰ্ডকো মছজিদ নিৰ্মাণৰ বাবে ৫ একৰ মাটি আবন্টন দিব লাগিব।

ঐতিহাসিক ৰায়দানৰ ৯২৭নং পৃষ্ঠা

অৰ্থাৎ অযোধ্যাৰ বিবাদিত বিষয়টো সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ মূল কথাখিনি হ'ল- অযোধ্যাৰ বিবাদমান ভূমিত ৰাম মন্দিৰ নিৰ্মাণ হ'ব। সেই মন্দিৰ নিৰ্মাণৰ বাবে ৰাম জন্মভূমি ন্যাসে এই বিবাদিত ভূমি লাভ কৰিব আৰু কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে ৩ মাহৰ ভিতৰত ন্যাস গঠন কৰিব লাগিব।

গোচৰৰ আনটো পক্ষ অৰ্থাৎ মুছলমান পক্ষক অযোধ্যাতে মছজিদ নিৰ্মাণৰ বাবে ৫ একৰ ভূমি আৱন্টন চৰকাৰে দিব লাগিব।

ৰায়দানত সংলগ্ন বিবাদমান ভূমিৰ চাইড মেপ

ইয়াৰ লগে লগে অযোধ্যা গোচৰৰ সামৰণি পৰিব বুলি ভৱা হৈছে। এই চূড়ান্ত ৰায়দান প্ৰদান কৰা সময়ত বহুকেইটা দিশ উচ্চতম ন্যায়ালয়ে ৰায়দানৰ লগত সংগতি ৰাখি উল্লেখ কৰিছিল। এলাহাবাদ উচ্চ ন্যায়ালয়ে বিবাদিত ভূমি ৩ ভাগত বিভক্ত কৰি ৩ পক্ষৰ মাজত দিবলৈ দিয়া নিৰ্দেশ খাৰিজ কৰি উচ্চতম ন্যায়ালয়ে সেই নিৰ্দেশ ভুল আছিল বুলি কয়।

অযোধ্যাত যে ৰামৰ জন্ম হৈছিল সেই বিশ্বাসৰ প্ৰতি কাৰো দ্বিমত নাই বুলিও ন্যায়ালয়ে এই ৰায়দানত উল্লেখ কৰিলে। লগতে ৫জনীয়া বিচাৰপীঠৰ আটাইকেইজন ন্যায়াধীশে সহমতৰ ভিত্তিত এই ৰায়দান প্ৰদান কৰে।

অযোধ্যা বিবাদৰ আৰম্ভ ক'ত?

হিন্দু সকলে বিশ্বাস কৰে, তেওঁলোকৰ আৰোধ্য দেৱতা ৰামৰ জন্ম হৈছিল অযোধ্যাত। ৰামায়ণত এই বিষয়ে সবিশেষ আছে। যুগ যুগ ধৰি চলি অহা সেই বিশ্বাসৰ বাবেই অযোধ্যা হিন্দু সকলৰ বাবে এক পবিত্ৰ ভূমি। ইতিহাসত উল্লেখ থকা মতে, ১৫২৭ চনত ৰামকোটত এটা মছজিদ নিৰ্মাণৰ বাবে নিৰ্দেশ দিছিল তেতিয়াৰ মোগল সম্ৰাট বাবৰে। সেই মছজিদটোকে পৰৱৰ্তী সময়ত মীৰ বাল্কীয়ে বাবৰি মছজিদ আখ্যা দিছিল।

১৮৫৩ চনত অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণক লৈ প্ৰথমটো সংঘাতৰ সৃষ্টি হৈছিল। মুছলমান আৰু হিন্দু পক্ষৰ মাজত সৃষ্টি হোৱা সেই সংঘাতৰ পাছতেই তেতিয়া ইংৰাজ চৰকাৰে ৰাম মন্দিৰ বেৰ তাঁৰেৰে বেঢ়ি দিছিল।

১৮৮৫ চনত মহন্ত ৰঘুবীৰ দাসে ইংৰাজ চৰকাৰক আবেদন জনাইছিল। ফৈজাবাদ জিলা আদালতত হিন্দু ভক্ত সকলৰ পূজাৰ বাবে মন্দিৰৰ বাহিৰত চাদ নিৰ্মাণৰ বাবে জনোৱা আবেদন ইংৰাজ চৰকাৰে মানি লোৱা নাছিল। পৰৱৰ্তী সময়ত ইংৰাজৰ বিৰুদ্ধে স্বাধীনতা আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰাত ৰাম জন্মভূমিত বাবৰি মছজিদ আৰু ৰাম মন্দিৰ বিতৰ্ক তল পৰে।

১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত হিন্দু ভক্ত সকলে ভাৱিছিল- স্বাধীন দেশৰ চৰকাৰে উক্ত স্থানত ৰাম মন্দিৰ নিৰ্মাণ কৰিব। ১৯৪৯ চনত বাবৰি মছজিদৰ ভিতৰত ৰাম আৰু সীতাৰ মূৰ্তি উদ্ধাৰ হোৱাৰ ঘটনাই এই বিতৰ্কটোক নতুন মাত্ৰা প্ৰদান কৰে। কোনেও জনা নাছিল মছজিদৰ ভিতৰত আচলতে কোনে ৰামৰ মূৰ্তি থৈছিল।

১৯৫০ চনৰ ৫ জানুৱাৰীত এই বিবাদক লৈ অযোধ্যাত অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি হয়। তাৰ পাছত চৰকাৰে বাবৰি মছজিদ বন্ধ কৰি দিয়ে। সেই বছৰে গোপাল ছিমলা বিশাৰদে ফৈজাবাদ আদালতত এক আবেদন দাখিল কৰে। পৰমহংস ৰামচন্দ্ৰ দাসেও উক্ত স্থানত মন্দিৰ নিৰ্মাণৰ বাবে আবেদন দাখিল কৰে।

১৯৫৯ চনত নিৰ্মোহী আখৰাই উক্ত বিবাদমান স্থানত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে দাবী জনাই তেওঁলোকক ভূমি আৱন্টন দিবৰ বাবে আদালতৰ কাষ চাপে। ১৯৮১ চনত উত্তৰ প্ৰদেশৰ চুন্নী চেন্ট্ৰেল ৱাকফ বোৰ্ডেও সেই ভূমিৰ অধিকাৰ বিচাৰি আদালতৰ কাষ চাপিছিল।

১৯৮৬ চনৰ ১ ফেব্ৰুৱাৰীত জিলা আদালতে বন্ধ কৰি থোৱা বিবাদমান স্থানৰ তলা খুলিবলৈ দি হিন্দু ভক্তসকলক পূজা কৰাৰ সুবিধা দিবলৈ নিৰ্দেশ দিয়ে। তাৰ মাজতেই মন্দিৰ নিৰ্মাণৰ প্ৰসংগ আৰু অন্যন্য বিষয়বোৰে অযোধ্যা উত্তপ্ত কৰি ৰাখিছিল।

১৯৬১ চনত এই বিবাদত সোমাই পৰে মুছলমান পক্ষ। তেওঁলোকে অযোধ্যাত বাবৰি মছজিদ নিৰ্মাণৰ দাবী তুলিলে। ১৯৮৪ চনত বিশ্ব হিন্দু পৰিষদে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কথা ঘোষণা কৰি তাৰ দায়িত্ব গ্ৰহণ কৰিলে। এক গণসমাৱেশত এই ঘোষণা কৰিলে বিশ্ব হিন্দু পৰিষদে।

১৯৮৬ চনত হিন্দু সকলক পূজাৰ অনুমতি দিয়াত মুছলমানসকল ক্ষুণ্ণ হয়। তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ মুছলমান পক্ষই গঠন কৰিলে বাবৰি মছজিদ একশ্যন কমিটী। ৰাম মন্দিৰ নিৰ্মাণক লৈ দুই পক্ষৰ মাজত চলা এই বাক বিতণ্ডাৰ সুযোগ ল'লে ৰাজনৈতিক পক্ষই।

১৯৮৯ চন! পালনপুৰত অনুষ্ঠিত হৈছিল বিজেপিৰ ৰাষ্ট্ৰীয় অধিবেশন। সেই অধিবেশনতে দলটোৱে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰিব বুলি এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। লগতে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে বিশ্ব হিন্দু পৰিষদক সমৰ্থন কৰিব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে বিজেপিয়ে। সেই সময়তে উক্ত স্থানত মন্দিৰ স্থাপনৰ অনুমতি দিছিল ৰাজীৱ গান্ধীয়ে। তেতিয়া আছিল তেওঁ দেশৰ প্ৰধানমন্ত্ৰী।

প্ৰধানমন্ত্ৰীৰ এই অনুমতিৰ পাছতেই হিন্দু-মুছলমান পক্ষৰ মাজত অযোধ্যাত ৰাম মন্দিৰ আৰু বাবৰি মছজিদ নিৰ্মাণৰ প্ৰসংগক লৈ হোৱা মতবিৰোধ তুংগত উঠে। ১৯৯০ চনত বিজেপিৰ তেতিয়াৰ সভাপতি লালকৃষ্ণ আদৱানী প্ৰত্যক্ষভাৱে ৰাম মন্দিৰ নিৰ্মাণক লৈ সক্ৰিয় হৈ পৰে। সোমনাথৰ পৰা অযোধ্যালৈ আদৱানীয়ে উলিয়ালে ৰথযাত্ৰা। ১৯৯০ চনৰ ২৫ ছেপ্তেম্বৰত আৰম্ভ হৈছিল আদৱানীৰ এই ৰথযাত্ৰা।

এই ৰথযাত্ৰাই ৰাম মন্দিৰ নিৰ্মাণৰ আন্দোলনক তীব্ৰতৰ কৰি তুলিলে। গুজৰাট, ৰাজস্থান, দিল্লী হৈ এই ৰথযাত্ৰা আগবাঢ়ি যাওতে দেশৰ কেইবাখনো ৰাজ্যত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। আনকি সেই সময়ত গুজৰাট, কৰ্ণাটক, উত্তৰ প্ৰদেশ, অন্ধ্ৰ প্ৰদেশ আদি ৰাজ্যৰ বিভিন্ন স্থানত সান্ধ্য আইন জাৰি কৰিবলগা হৈছিল। বিহাৰত গ্ৰেপ্তাৰ কৰা হৈছিল আদৱানীক। তেতিয়া বিহাৰৰ মুখ্যমন্ত্ৰী আছিল লালুপ্ৰসাদ যাদৱ। বিহাৰৰ সমষ্টিপুৰত গ্ৰেপ্তাৰ কৰা হৈছিল লালকৃষ্ণ আদৱানীক।

আদৱানীক গ্ৰেপ্তাৰ কৰাৰ পাছতেই বিজেপিয়ে তেতিয়া ভি পি সিঙৰ চৰকাৰক দিয়া সমৰ্থন প্ৰত্যাহাৰ কৰিছিল। পতন ঘটিছিল সিঙৰ চৰকাৰৰ। ইয়াৰ পাছতেই অযোধ্যা প্ৰতিবাদমুখৰ হৈ পৰিছিল। সেই প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ তেতিয়াৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী মুলায়েম সিঙে প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰিবলৈ নিৰ্দেশ দিছিল। এই ঘটনাত বহু লোকৰ মৃত্যু হৈছিল। ১৯৯১ চনত উত্তৰ প্ৰদেশত মুলায়েম সিঙৰ চৰকাৰৰ পতন ঘটাত শাসনলৈ আহে বিজেপি। কল্যান সিং হৈছিল ৰাজ্যখনৰ বিজেপি মুখ্যমন্ত্ৰী।

বিশ্ব হিন্দু পৰিষদে মন্দিৰ নিৰ্মাণৰ বাবে কৰ সংগ্ৰহৰ ব্যৱস্থা কৰে। ন্যায়ালয়ক কল্যান সিঙে আশ্বাস দিছিল যে অযোধ্যাৰ নিৰাপত্তাৰ দায়িত্ব তেওঁ ল'ব। বিশ্ব হিন্দু পৰিষদৰ আহ্বানতে অযোধ্যালৈ আগবাঢ়ি গৈছিল কৰ সেৱকসকল।

কংগ্ৰেছৰ শাসন চলিছিল কেন্দ্ৰত। প্ৰধানমন্ত্ৰী নৰসিংহ ৰাওৱে কৰ সেৱকসকলৰ এই আগ্ৰাসনক লৈ শংকিত হৈ পৰে। কেন্দ্ৰই উত্তৰ প্ৰদেশত বিজেপি চৰকাৰ ভংগ কৰি ৰাষ্ট্ৰপতি শাসনৰ চিন্তা চৰ্চা কৰিছিল। উচ্চতম ন্যায়ালয়ৰ শৰণাপন্ন হৈ কল্যান সিঙে অযোধ্যাত মন্দিৰ নিৰ্মাণৰ কোনো অনুমতি দিয়া হোৱা নাই বুলি ন্যায়ালয়ক জনায়।

১৯৯২ চনৰ ৫ নৱেম্বৰত কল্যান সিঙৰ শপত নামাৰ পাছতে ন্যায়ালয়ে অযোধ্যালৈ কৰ সেৱকসকলক যাবলৈ অনুমতি দিছিল। ৫ ডিচেম্বৰ, ১৯৯২ চন। কৰ সেৱকসকলে সমবেত হৈছিলগৈ অযোধ্যাত। লাখ লাখ কৰ সেৱক গৈ ভৰি পৰিছিল অযোধ্যা। আৰক্ষী, প্ৰশাসনৰ নিৰাপত্তা বেহু ফালি অযোধ্যা বিবাদমান স্থানলৈ আগবাঢ়ি যোৱা কৰ সেৱকসকলে ৬ ডিচেম্বৰ, ১৯৯২ চনৰ পুৱা ১১.৫০ বজাত ধ্বংসলীলা চলায় বাবৰি মছজিদত। ভাঙি পেলালে কৰ সেৱকসকলে বাবৰি মছজিদৰ মীনাৰ।

ইয়াৰ পাছতেই পদত্যাগ কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী কল্যাণ সিঙে। কেৱল উত্তৰ প্ৰদেশতে নহয়, আন ৩ খন ৰাজ্যতো বিজেপি চৰকাৰ ভংগ কৰি দিয়ে কেন্দ্ৰই। তাৰ পাছতেই ৰাম মন্দিৰ নিৰ্মাণক এক ৰাজনৈতিক বিষয় হিচাপে লৈ আগবাঢ়িছিল। কিন্তু এই অনাকাংক্ষিত পৰিস্থিতিৰ বাবে বিভিন্ন পক্ষৰ মজাত ভুল বুজাবুজিৰ সৃষ্টি হৈছিল।

ন্যায়ালয়ৰ কাষ চাপিছিল এই বিষয়টো। ১৯৯৩ চনত কেন্দ্ৰই ৬৭ একৰ মাটি নিজৰ অধীনলৈ আনি উক্ত স্থানত ৰাম মন্দিৰ আছিল নে নাই সেই সন্দৰ্ভত মতামত বিচাৰিলে। ইয়াৰ বিৰুদ্ধে বহু কেইখন আবেদন দাখিল কৰিলে বিভিন্নজনে।

২০০২ চনৰ এপ্ৰিলত এলাহাবাদ উচ্চ ন্যায়ালয়ত আৰম্ভ হ'ল এই বিবাদমান স্থানক লৈ গোচৰৰ শুনানি। ২০০৩ চনৰ ১৩ মাৰ্চত এক গোচৰৰ আধাৰত উক্ত বিবাদিত স্থানত কোনো ধৰণৰ ধৰ্মীয় কৰ্মসূচী অনুষ্ঠিত কৰাত বাধা প্ৰদান কৰে। ২০১০ চনৰ ৩০ ছেপ্তেম্বৰত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ বিশেষ বিচাৰপীঠে ৰায়দান কৰি এই বিবাদমান ভূমি ৩ ভাগত বিভক্ত কৰাৰ নিৰ্দেশ প্ৰদান কৰে।

অযোধ্যাৰ বিবাদমান ভূমিস্থলীৰ নক্সা

ৰাম মন্দিৰ বনাম বাবৰি মছজিদৰ ঘটনাক্ৰমঃ

১৫২৮ চনঃ মোগল সম্ৰাট বাবৰে ১৫২৭ চনত দিছিল নিৰ্দেশ। ৰামকোট পাহাৰত নিৰ্মাণ কৰিব লাগে বাবৰি মছজিদ। সেই নিৰ্দেশ মানি উত্তৰ প্ৰদেশৰ ফৈজাবাদৰ অযোধ্যাত নিৰ্মাণ কৰা হৈছিল মছজিদ। বাবৰে নিৰ্মাণ কৰা বাবেই এই মছজিদৰ নাম দিয়া হৈছিল বাবৰি মছজিদ।

মছজিদ স্থাপন হোৱা প্ৰায় ডেৰশ বছৰৰ পাছত অৰ্থাৎ মন্দিৰ-মছজিদক লৈ বিৰ্তকৰ সূত্ৰপাত হোৱাৰ পূৰ্বেই উক্ত স্থানত বৈৰাগী তথা সন্যাসীয়ে স্থাপন কৰিছিল এটা প্ৰাৰ্থনাৰ বাবে মন্দিৰ সদৃশ এটা স্তূপ।

১৮৮৫ চনত ৰঘুবৰ দাসে অযোধ্যাত মন্দিৰ স্থাপনৰ বাবে আবেদন জনাইছিল। কিন্তু সেই আবেদন নাকচ কৰিছিল ইংৰাজ চৰকাৰে।

১৯৪৯ চনৰ জুলাইত সেই সময়ৰ ৰাজ্য চৰকাৰে মছজিদৰ সন্মুখভাগত ৰামৰ প্ৰতিমূৰ্তিৰ লগতে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে সিদ্ধান্ত লৈছিল যদিও সফল হ'ব পৰা নাছিল।

১৯৪৯ চনৰ ২২-২৩ ডিচেম্বৰত বাবৰি মছজিদৰ বাহিৰত কিছু লোকে ৰাম-সীতাৰ প্ৰতিমূৰ্তি আনি স্থাপনৰ চেষ্টা চলাইছিল।

১৯৪৯ চনৰ ২৯ ডিচেম্বৰত প্ৰশাসনে মছজিদৰ বাহিৰত থকা প্ৰতিমূৰ্তিসমূহ জব্দ কৰি আৰক্ষীক চমজাই দিছিল।

১৯৫০ চনত গোপাল ছিমলা বিশাৰদ নামৰ এজন ব্যক্তিয়ে মছজিদৰ বাহিৰত ৰামৰ প্ৰতিমূৰ্তিত পূজা কৰাৰ বাবে অনুমতি বিচাৰি ফৈজাবাদ জিলা আদালতত কৰিছিল আবেদন।

আদালতে ৰায় প্ৰদান কৰিছিল যে, মূৰ্তি সেই স্থানৰ পৰা আঁতৰ কৰা নহয় যদিও কোনো লোকে পূজাৰ বাবে তাত প্ৰৱেশ কৰিব নোৱাৰিব।

১৯৫৯ চনত নিৰমৌহী অখাড়াই এই ভূমি দখল কৰাৰ আহ্বান কৰে।

১৯৮১ চনত UP Sunni Central Waqf Board য়ে আদালত মছজিদৰ সপক্ষে এক আবেদন দাখিল কৰে।

১৯৮৬ চনৰ ১ ফেব্ৰুৱাৰীত ফৌজাবাদ জিলা আদালতে মছজিদৰ বাহিৰত থকা ৰামৰ প্ৰতিমূৰ্তিত ৰাইজে পূজা কৰিব পাৰিব বুলি ৰায় প্ৰদান কৰে। ন্যায়ালয়ৰ এই নিৰ্দেশৰ বিৰুদ্ধে ১৯৮৬ চনত বাবৰি মছজিদ একশ্যন কমিটী গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

১৯৮৯ চনত বি এছ পি নেতা দৈবকীনন্দন আগৰৱালে হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ হৈ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে আদালতত মোকদৰ্মা তৰিছিল।

১৮৮৯ চনৰ ৯ নৱেম্বৰত মছজিদৰ সমীপতে স্থাপন কৰা হৈছিল ৰাম মন্দিৰৰ আধাৰশিলা।

১৯৯০ চনৰ ২৫ ছেপ্তেম্বৰত বিজেপি নেতা লালকৃষ্ণ আদৱাণিয়ে সোমনাথত আৰম্ভ কৰিছিল এক ৰথ যাত্ৰা। এই যাত্ৰা অযোধ্যাৰ লৈকে যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এই ৰথযাত্ৰাক লৈ সমগ্ৰ দেশত ৰাম মন্দিৰৰ নিৰ্মাণৰ বাবে এই যো জা কৰা হৈছে বুলি চৰ্চা হৈছিল। এই ৰথযাত্ৰাক লৈ গুজৰাট, কৰ্ণাটক, উত্তৰ প্ৰদেশ আৰু অন্ধ্ৰ প্ৰদেশত অতি উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। বহু ঠাইত সান্ধ্য আইন জাৰি কৰা হয়। এই ৰথযাত্ৰাৰ মাজতে বিহাৰত লালকৃষ্ণ আদৱাণিক গ্ৰেপ্তাৰ কৰোৱায় লালু প্ৰসাদ যাদৱে।

১৯৯০ চনত পৰিস্থিত অধিক উত্তপ্ত হৈ পৰে। মছজিদ ধ্বংসৰ বাবে একাংশ লোক উত্তাৱল হৈ পৰে। মছজিদৰ কিছু অংশ ধ্বংস কৰাৰ লগতে মছজিদৰ ওপৰত তেওঁলোকে উৰুৱায় ৰঙা পতাকা।

১৯৯১ চনত উত্তৰ প্ৰদেশৰ বিধান সভা নিৰ্বাচনত চৰকাৰ গঠন কৰে বিজেপিয়ে। তাৰ পিছতে ১৯৯২ চনত বিজেপি মুখ্যমন্ত্ৰী কল্যাণ সিঙে মছজিদ ৰক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি আদালতক আবেদন জনায়।

১৯৯২ চনৰ ৬ ডিচেম্বৰত কৰ সেৱকে বাবৰি মছজিদ ধ্বংস কৰে। মছজিদৰ সুৰক্ষাৰ দায়িত্ব লোৱা মুখ্যমন্ত্ৰী কল্যাণ সিঙে এই ঘটনাৰ পাছতে পদত্যাগ কৰে।

২০০৩ চনত অযোধ্যাৰ সেই স্থানত ন্যায়ালয়ৰ নিৰ্দেশত চলিছিল খনন কাৰ্য। এই খননৰ জৰিয়তে উক্ত স্থানত ৰাম মন্দিৰ আছিল নে নাই সন্দৰ্ভত কৰে পৰীক্ষা।

২০০৫ চনত সেই স্থানত সন্ত্ৰাসবাদীৰ আক্ৰমণ। কোনো ক্ষয়ক্ষতি কৰিব নোৱাৰিলে সন্ত্ৰাসবাদীয়ে।

২০১০ চনৰ ৩০ ছেপ্তেম্বৰত এলাহাবাদ উচ্চ ন্যায়ালয়ে অযোধ্যাৰ বিবাদিত ভূমি ৰাম মন্দিৰ, নিৰমৌহী অখাড়া আৰু UP Sunni Central Waqf Boardৰ মাজত সমানে ভগাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যদিও সকলোৱে ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰে।

২০১৬ চনৰ ২৬ ফেব্ৰুৱাৰীত সুব্ৰমণিয়াম স্বামীয়ে উচ্চতম ন্যায়ালত বিবাদিত ভূমিত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অনুৰোধ জনাই আবেদন দাখিল কৰে।

২০১৭ চনৰ ২১ মাৰ্চত দেশৰ মুখ্য ন্যায়াধীশে দুয়োটা পক্ষকে আউট-অফ-কৰ্ট বুজাবুজি কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে।

২০১৭ চনৰ ৭ আগষ্টত উচ্চতম ন্যায়ালয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ২০১০ চনৰ সিদ্ধান্তক বিৰোধিতা কৰি কৰা আবেদন সমূহৰ শুনানিৰ বাবে ৩ জনীয়া বিচাৰপীঠ গঠন কৰে।

২০১৮ চনৰ ৮ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে আবেদন সমূহৰ শুনানি প্ৰক্ৰিয়া আৰম্ভ কৰে।

২০১৮ চনৰে ২০ জুলাইত উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি ৰায় স্থগিত ৰাখে।

২০১৮ চনৰ ২৭ ছেপ্তেম্বৰত সমগ্ৰ বিষয়ৰ দায়িত্ব অৰ্পণ কৰে উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া বিচাৰপীঠৰ ওপৰত।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত গঠিত এই ৫ জনীয়া বিচাৰপীঠত থকা আন ন্যায়াধীশসকল হ'ল- এছ এ বোবড়ে, ডি ৱাই চন্দ্ৰচূড়, অশোক ভূষণ আৰু আব্দুল নাজিৰ।

২০১৯ৰ ফেব্ৰুৱাৰীত এক পত্ৰৰ যোগে জনোৱা হৈছিল যে ২৬ ফেব্ৰুৱাৰীত অযোধ্যা পীঠত সকলো পক্ষক একলগ কৰা হব।

২০১৯ৰ ২৬ ফেব্ৰুৱাৰীত হিন্দু আৰু মুছলমান পক্ষক আদালতৰ দ্বাৰা মধ্যস্থতাৰে বিষয়টো সমাধান কৰাৰ প্ৰস্তাৱ ৰখা হয়।

২০১৯ৰ ৮ মাৰ্চত উচ্চতম ন্যায়ালয়ৰ মধ্যস্থতাকাৰী দলটোত থকা লোকসকল যায় অযোধ্যালৈ। এই দলটোত প্ৰাক্তন ন্যায়াধীশ, অধিবক্তাৰ লগতে আছিল আধ্যাত্মিক গুৰু শ্ৰী শ্ৰী ৰবিশংকৰ।

২০১৯ৰ ২ আগষ্টত অযোধ্যা বিবাদৰ সন্দৰ্ভত দুয়ো পক্ষৰ মাজত বুজাবুজি প্ৰক্ৰিয়া বিফল হয়।

২০১৯ৰ ১৩ আগষ্টত উচ্চতম ন্যায়ালয়ে কয় যে- অযোধ্যা বিবাদক লৈ কোনো খৰখেদা নকৰে ন্যায়ালয়ে।

২০১৯ৰ ১৪ আগষ্টত হিন্দু পক্ষৰ অধিবক্তাক সোধপোচ কৰে উচ্চতম ন্যায়ালয়ে।

২০১৯ৰ ১৪ ছেপ্তেম্বৰত উচ্চতম ন্যায়ালয়ে কয় যে, ভক্তৰ আস্থাক লৈ কোনেও প্ৰশ্ন তুলিব নোৱাৰে।

২০১৯ৰ ১৬ ছেপ্তেম্বৰত এই বিষয়ৰ সন্দৰ্ভত দুয়োপক্ষৰ সৈতে আলোচনা কৰাৰ পোষকতা কৰে উচ্চতম ন্যায়ালয়ে।

২০১৯ৰ ১৫ অক্টোবৰত ৪০ দিনৰ মাৰাথান শুনানিৰ পাছত অযোধ্যা বিবাদৰ ৰায় সংৰক্ষিত ৰাখে। মধ্যস্থতা পেনেলে দাখিল কৰে প্ৰতিবেদন।

২০১৯ৰ ৮ নৱেম্বৰত অযোধ্যা বিবাদৰ গোচৰৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ টুইট। সকলো পক্ষকে শান্তি শৃংখলা বজাই ৰখাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ।

ছ'চিয়েল মিডিয়াৰ যোগে যাতে কোনেও এই বিবাদমান গোচৰ সন্দৰ্ভত অপপ্ৰচাৰ চলাব নোৱাৰে তাৰ বাবে দৃষ্টি দিবলৈও ১৬ হাজাৰ লোকক নিয়োজিত কৰাৰ লগতে সমগ্ৰ দেশতে জাৰি কৰা হয় হাই এলাৰ্ট

২০১৯ ৰ ৯ নৱেম্বৰত (শনিবাৰ) পুৱা ১০.৩০ বজাত অন্ত পৰে দীৰ্ঘ দিনৰ অপেক্ষাৰ। দীঘলীয়া শুনানিৰ অন্তত উচ্চতম ন্যায়ালয়ৰ ৫জনীয়া বিচাৰপীঠে ৰায়দান কৰে অযোধ্যা বিবাদ গোচৰৰ।

২০১৯ ৰ ৯ নৱেম্বৰৰ পুৱা প্ৰায় ১০.২৫ মিনিটত উচ্চতম ন্যায়ালয়ত প্ৰৱেশ কৰে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ।

২০১৯ৰ ৯ নৱ্ম্বৰৰ ১০.৩০ বজাৰ পৰা লিখিত ৰায়দান পাঠ কৰে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে।

দীৰ্ঘদিনীয়া অমিমাংসিত বিবাদৰ সমাধান দিলে অসম সন্তানেঃ

উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা অযোধ্যা গোচৰৰ ঐতিহাসিক ৰায়দানৰ পাছত পুনৰ চৰ্চালৈ আহিছে অসম সন্তান মুখ্য ন্যাীয়াধীশ ৰঞ্জন গগৈৰ নাম। কেশৱানন্দ ভাৰতী গোচৰৰ পাছত অযোধ্যা গোচৰেই হ'ল দেশৰ ইতিহাসৰ আটাইতকৈ দীৰ্ঘদিন ধৰি শুনানি চলা গোচৰ। এই গোচৰৰ শুনানি অনুষ্ঠিত হৈছিল ৪০ দিন ধৰি।

২০১৯ চনৰ ১৭ নৱেম্বৰত অৱসৰ গ্ৰহণৰ পূৰ্বে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বাধীন ৫জনীয়া বিচাৰপীঠে প্ৰদান কৰা এই গুৰুত্বপূৰ্ণ গোচৰটোৰ ৰায়দান আছিল অতি স্পৰ্শকাতৰ। এন আৰ চিৰ পাছত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বাধীন উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে দিয়া এই ৰায়ৰ প্ৰতি বিভিন্ন পক্ষই আদৰণি জনাইছে। মুছলমান পক্ষই উচ্চতম ন্যায়ালয়ৰ ৰায় পুনৰ বিবেচনাৰ্থে আবেদন দাখিল কৰাৰ ইংগিত প্ৰদান কৰিছে।

এই জটিল আৰু অতি গুৰুত্বপূৰ্ণ ৰায়দানৰ পাছত কেইবাদশকজুৰি বিচাৰাধীন হৈ থকা অযোধ্যা বিবাদমান বিষয়টো সমাধানৰ দিশে আগবাঢ়িব বুলি সকলোৱে আশা ব্যক্ত কৰিছে। এনে এক গুৰুত্বপূৰ্ণ গোচৰৰ ৰায়দানৰ বাবে সকলো পক্ষৰ মতামত তথ্যৰ আধাৰত এক পৰিৱেশ ৰচনা কৰাই নহয়, ন্যায়ালয়ৰ প্ৰতি যাতে সকলো পক্ষৰ আস্থা আৰু বিশ্বাস অটুত থাকে তাৰ প্ৰতিও এই বিচাৰপীঠে অধিক সতৰ্কতাৰে আগবঢ়া বুলি বিভিন্নজনে মত প্ৰকাশ কৰিছে।

মুখ্য ন্যায়াধীশৰূপে ৩ অক্টোবৰ, ২০১৮ত শপত গ্ৰহণ কৰা ৰঞ্জন গগৈৰ জন্ম হৈছিল ১৯৫৪ চনৰ ১৮ নৱেম্বৰত। অৰ্থাৎ এই ঐতিহাসিক গোচৰৰ ৰায়দান কৰি ১৭ নৱেম্বৰত অৱসৰ গ্ৰহণৰ পিছদিনাই তেওঁ উদযাপন কৰিব জন্মদিন।

প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ পুত্ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ১৯৭৮ চনত অধিবক্তাৰূপে গুৱাহাটী উচ্চ ন্যায়ালয়ত কৰ্মজীৱনৰ পাতনি মেলিছিল। ২০০১ চনৰ ২৮ ফেব্ৰুৱাৰীত তেওঁ স্থায়ী ন্যায়াধীশৰূপে নিযুক্তি লাভ কৰিছিল। ২০১০ চনৰ ৯ ছেপ্তেম্বৰত পঞ্জাৱ-হাৰিয়ানা উচ্চ ন্যায়ালয়লৈ বদলি হোৱা ৰঞ্জন গগৈয়ে ২০১১ চনৰ ১২ ফেব্ৰুৱাৰীত এই ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে দায়িত্ব গ্ৰহণ কৰিছিল। ২০১২ চনৰ ২৩ এপ্ৰিলত তেওঁৰ পদোন্নতি হৈছিল উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ পদলৈ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in