অযোধ্যাৰ ৰায়দানৰ পূৰ্বে ৫০ টা ডাঙৰ খবৰ

অযোধ্যাৰ ৰায়দানৰ পূৰ্বে ৫০ টা ডাঙৰ খবৰ

১. অযোধ্যাৰ ৰায়দানৰ দিনা মধ্যপ্ৰেদশৰ ভূপালটো বন্ধ থাকিব সকলো চৰকাৰী আৰু বে চৰকাৰী বিদ্যালয়। জিলা দণ্ডাধীশে জাৰি কৰিছে ভূপালত ১৪৪ ধাৰা।

২. অযোধ্যা বিবাদৰ গোচৰৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ টুইট। সকলো পক্ষকে শান্তি শৃংখলা বজাই ৰখাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ।

৩. কেৰেলাতো অযোধ্যা বিবাদৰ গোচৰক লৈ প্ৰশাসন তৎপৰ। ৰাজ্যখনত জাৰি কৰা হৈছে হাই এলাৰ্ট।

৪. মুম্বাই আৰক্ষীয়েও অযোধ্যা ৰায়দানৰ পূৰ্বে সাজু হৈছে। সমগ্ৰ বিষয়টোক লৈ মুম্বাই আৰক্ষীয়ে কঠোৰ দৃষ্টি ৰখাৰ লগতে ব্যৱস্থা কৰিছে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ ব্যৱস্থা কৰিছে।

৫. অযোধ্যা গোচৰৰ ৰায়দানৰ পূৰ্বে শিৱসেনাৰ বিবৃতি। বিবৃতিত উল্লেখ কৰিছে- 'আমি চৰকাৰক ৰাম মন্দিৰ নিৰ্মাণৰ বাবে এখন আইন প্ৰণয়নৰ কথা কৈছিলো। কিন্তু চৰকাৰে সেয়া নকৰিলে। এতিয়া উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত চৰকাৰে কোনো কৃতিত্ব লোৱাৰ চেষ্টা নকৰিব।'

৬. কৰ্ণাটকৰ গাদাগ জিলাত প্ৰশাসনে লৈছে ব্যৱস্থা। অযোধ্যা গোচৰৰ ৰায়দানৰ দিনা বন্ধ থাকিব জিলাখনৰ সকলো শিক্ষানুষ্ঠান।

৭. উত্তৰাখণ্ডৰ ১৩ খন জিলাত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে চৰকাৰে। অযোধ্যা বিবাদৰ গোচৰৰ প্ৰতি লক্ষ্য ৰাখি ডেৰাডুণ, হৰিদ্বাৰ, নাইনিটালত অতিৰিক্ত নিৰাপত্তাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে।

৮. কৰ্ণাটক চৰকাৰে অযোধ্যা বিবাদৰ ৰায়দানৰ দিনা ৰাজ্যখনৰ সকলো বিদ্যালয় বন্ধ ঘোষণা কৰিছে। এই সন্দৰ্ভত জাৰি কৰিছে নিৰ্দেশনা।

৯. অযোধ্যাত অভূতপূৰ্ব নিৰাপত্তা ব্যৱস্থা। যিকোনো পৰিস্থিতি মোকাবিলা কৰিবলৈ উত্তৰ প্ৰদেশ চৰকাৰে সাজু কৰি ৰাখিছে ২খনকৈ হেলিকপ্টাৰ।

১০. অযোধ্যা গোচৰৰ ৰায়দানৰ পূৰ্বে মুখ্য ন্যায়াধীশক সাক্ষাৎ কৰিলে উত্তৰ প্ৰদেশৰ ২ শীৰ্ষ বিষয়াই। মুখ্য ন্যায়াধীশক সাক্ষাৎ কৰা দুই শীৰ্ষ বিষয়া হ'ল ৰাজ্যখনৰ মুখ্য সচিব আৰ কে টিৱাৰী আৰু আৰক্ষী সঞ্চালক প্ৰধান ওম প্ৰকাশ সিং।

১১. উত্তৰ প্ৰদেশৰ গাঁও আৰু সৰু চহৰবোৰত হিন্দু আৰু মুছলমান উভয় পক্ষৰ প্ৰতিনিধিৰে শান্তি ৰক্ষা কমিটি গঠন। পৰিস্থিতি মোকাবিলা কৰাৰ বাবে প্ৰশাসনক এই কমিটিসমূহে কৰিব সহায়।

১২. ছ'চিয়েল মিডিয়াতো আৰক্ষীয়ে ৰাখিব দৃষ্টি। কোনো পক্ষই যাতে অপপ্ৰচাৰ চলাব নোৱাৰে তাৰ বাবে শনিবাৰে ৰায়দানৰ দিনা বিশেষ দৃষ্টি ৰাখিব আৰক্ষী প্ৰশাসনে।

১৩. বাংগালুৰুতো অযোধ্যা গোচৰৰ ৰায়দানৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা। জাৰি কৰিছে ১৪৪ ধাৰা। পুৱা ৭ বজাৰ পৰা ৰাতি ১২ বজাৰ লৈকে ছ'চিয়েল মিডিয়াক বিশেষ নজৰত ৰাখিব বাংগালুৰু আৰক্ষীয়ে।

১৪. উত্তৰ প্ৰদেশত জাৰি কৰা হৈছে ১৪৪ ধাৰা। কোনো স্থানত ৪ জনতকৈ অধিক ব্যক্তিক সমাগম হোৱাত প্ৰশাসনৰ বাধা আৰোপ।

১৫. জম্মু-কাশ্মীৰৰ ১০খন জিলাত অযোধ্যা গোচৰৰ প্ৰতি লক্ষ্য ৰাখি ১৪৪ ধাৰা জাৰি। সকলো ধৰণৰ ব্যক্তিগত খণ্ডৰ লগতে চৰকাৰী বিদ্যালয় বন্ধ ঘোষণা ৰাজ্যখনত।

১৬. অযোধ্যা গোচৰৰ ৰায়দানৰ দিনা সুৰা বিপণী বন্ধ থাকিব মধ্য প্ৰদেশত। এই সন্দৰ্ভত নিৰ্দেশনা জাৰি প্ৰশাসনৰ।

১৭. অযোধ্যা গোচৰৰ কি হ'ব ৰায়দান তাক লৈ অধীৰ অপেক্ষাত দেশবাসী। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বাধীন ৫জনীয়া বিচাৰপীঠৰ ৰায়দানক লৈ উৎকণ্ঠা সকলোৰে।

১৮. অযোধ্যা গোচৰৰ ৰায়দানৰ সন্দৰ্ভত বাতৰি প্ৰকাশৰ ক্ষেত্ৰতো সংযম হ'ব লাগিব সংবাদ মাধ্যম। সংবাদমাধ্যমৰ খবৰৰ সন্দৰ্ভতো চকু ৰাখিব প্ৰশাসনে।

১৯. পুৱা ১০.৩০ বজাত উচ্চতম ন্যায়ালয়ত আৰম্ভ হ'ব অযোধ্যা ৰায়দানৰ পৰ্ব। উচ্চঃ ন্যায়ালয়ৰ চৌহদটো কঠোৰ নিৰাপত্তা বেষ্টনী।

২০. ১৬ অক্টোবৰত এই গোচৰৰ ৰায়দানৰ পৰ্ব সংৰক্ষণ ৰাখিছিল উচ্চঃ ন্যায়ালয়ে। ৪০ দিন ধৰি হৈছিল এই গোচৰৰ ৰায়দান পৰ্ব।

২১. অযোধ্যা গোচৰৰ ৰায়দানৰ সন্দৰ্ভত অযথা মন্তব্য নকৰিবলৈ সতীৰ্থক প্ৰধানমন্ত্ৰীৰ সকীয়নি। সকলো পক্ষকে ন্যায়ালয়ৰ সিদ্ধান্তক মানি লবলৈ আহ্বান।

২২. লক্ষ্ণৌতো অযোধ্যাৰ বিবাদমান গোচৰৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। প্ৰয়োজনত ফ্লেগমাৰ্ছ কৰিবলৈ সাজু সেনা।

২৩. শনিবাৰে পুৱা ১০ বজাতে উচ্চঃ ন্যায়ালয়ত মুখ্যা ন্যায়াধীশসহ অযোধ্যা গোচৰৰ ৰায়দান কৰিবলগীয়া ৫ ন্যায়াধীশ আহি উপস্থিত হ'বহি। ১০-১০.৩০ বজাত আৰম্ভ হ'ব আনুষ্ঠানিক ৰায়দান পৰ্ব।

২৪. উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ আহ্বান- 'সকলো পক্ষই বজাই ৰাখক শান্তি-সম্প্ৰীতি।

২৫. অযোধ্যা বিবাদমান গোচৰৰ ৰায়দানৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীটো কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। যিকোনো পৰিস্থিতি চম্ভালিবলৈ সাজু দিল্লী আৰক্ষী।

২৬. উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্যনাথৰ ঘোষণা- 'কোনোবাই আইন হাত ল'লে আৰক্ষীয়েও ল'ব কঠোৰ ব্যৱস্থা।'

২৭. পশ্চিম বংগটো অযোধ্যাৰ বিবাদমান গোচৰক লৈ প্ৰশাসন তৎপৰ। ৰাজ্যখনৰ আৰক্ষীয়ে সমগ্ৰ ৰাজ্যখনতে ৰাখিছে বিশেষ দৃষ্টি।

২৮. ১৭ নৱেম্বৰত মুখ্য ন্যায়াধীশ পদৰ পৰা অৱসৰ ল'ব ৰঞ্জন গগৈয়ে। তাৰ পূ্ৰ্বে এই গোচৰৰ ৰায়দান হ'ব বিশেষ তাৎপৰ্যপূৰ্ণ।

২৯. আলিগড় জিলা দণ্ডাধীশৰ ঘোষণা, "৯ নৱেম্বৰ, ২০১৯ৰ পুৱা ৯.৩০ বজাৰ পৰা ২৪ ঘন্টাৰ বাবে জিলাখনত কৰ্টন হ'ব ইন্টাৰনেট সেৱা।"

৩০. অযোধ্যা বিবাদমান গোচৰৰ সন্দৰ্ভত দেশৰ বিভিন্ন ৰাজ্যৰ প্ৰশাসনে লৈছে কঠোৰ ব্যৱস্থা। পৰিস্থিতি চম্ভালিবলৈ নিৰাপত্তাৰক্ষীৰ লগতে ইন্টাৰনেট সেৱা আৰু ছ'চিয়েল মিডিয়াতো ৰাখিছে বিশেষ নজৰ।

৩১. বিহাৰটো অযোধ্যা বিবাদমান গোচৰ সন্দৰ্ভত আৰক্ষীৰ তৎপৰতা। হাই এলাৰ্ট জাৰি কৰি আৰক্ষীক সতৰ্ক মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ।

৩২. লক্ষ্ণৌত উত্তৰ প্ৰদেশৰ উচ্চপদস্থ বিষয়াৰে সৈতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বৈঠক। বৈঠকত পৰিস্থিতি চম্ভালিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ।

৩৩. গৃহমন্ত্ৰী অমিত শ্বাহেও সমগ্ৰ বিষয় সন্দৰ্ভত ৰাখিছে চোকা দৃষ্টি। গৃহ মন্ত্ৰণালয়ক পৰিস্থিতি মোকাবিলা কৰিবলৈ সাজু থাকিবলৈ নিৰ্দেশ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ।

৩৪. উচ্চতম ন্যায়ালয়ৰ আশে পাশে জাৰি কৰা হৈছে ১৪৪ ধাৰা। ৪জনতকৈ অধিক লোক একেলগ হোৱাত বাধা প্ৰশাসনৰ।

৩৫. তামিলনাডুতো অযোধ্যা বিবাদমান গোচৰক লৈ প্ৰশাসনে গ্ৰহণ কৰিছে ব্যৱস্থা। সতৰ্ক কৰি ৰাখিছে আৰক্ষীৰ লগতে অতিৰিক্ত নিৰাপত্তা বাহিনী।

৩৬. কৰ্ণাটকত অযোধ্যাৰ বিবাদমান গোচৰৰ ৰায়দানৰ পিছত সৃষ্টি হ'ব পৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সাজু কৰি ৰখা হৈছে কৰ্ণাটক ষ্টেট ৰিজাৰ্ভ পুলিচৰ ১৭০ প্লাটুন। ২ পেৰা মিলিটাৰী কোম্পানীও সষ্টম হৈ আছে বাংগালুৰুত।

৩৭. অসমতো অযোধ্যা ভূমি বিবাদ গোচৰৰ ৰায়দানৰ দিনাৰ বাবে সষ্টম কৰি ৰখা হৈছে আৰক্ষীক। সকলো পক্ষকে শান্তি শৃংখলা বজাই ৰখাৰ আহ্বান দল-সংগঠনৰ।

৩৮. অন্ধ্ৰ প্ৰদেশতো ৰাজ্য প্ৰশাসনে অযোধ্যা গোচৰৰ ৰায়দানৰ সন্দৰ্ভত গ্ৰহণ কৰিছে ব্যৱস্থা। স্পৰ্শকাতৰ অঞ্চলসমূহত শিক্ষানুষ্ঠান বন্ধিৰ নিৰ্দেশ প্ৰশাসনৰ।

৩৯. অযোধ্যাৰ বিবাদমান গোচৰৰ ৰায়দানৰ পূৰ্বে প্ৰশাসনে লৈছে আন এক ব্যৱস্থা। ৰাম জন্মভূমিৰ মন্দিৰৰ দিশে যাব লগা সকলো বাট পথ বন্ধ কৰি দিছে নিৰাপত্তাৰক্ষীয়ে।

৪০. অযোধ্যা বিবাদমান গোচৰৰ ৰায়দান শনিবাৰে দিব বুলি খবৰ ৰাজহুৱা হোৱাৰ পিছত দেশজুৰি হাই এলাৰ্ট। এই সন্দৰ্ভত অৱশ্যে কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই হিন্দু দল-সংগঠনে।

৪১. হিমাচল প্ৰদেশতো অযোধ্যা বিবাদমান গোচৰক লৈ সতৰ্ক প্ৰশাসন। পৰিস্থিতি চম্ভালিবলৈ অতিৰিক্ত নিৰাপত্তাৰক্ষী মোটায়েন।

৪২. ৰাজস্থান চৰকাৰো তৎপৰ। গৃহমন্ত্ৰণালয়ৰ নিৰ্দেশৰ পিছতে সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ সংশ্লিষ্ট প্ৰশাসনক।

৪৩. ৰে'ল বা আন যাতায়ত ব্যৱস্থাৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো পদক্ষেপ গ্ৰহণৰ সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰা নাই সংশ্লিষ্ট কৰ্তৃপক্ষই। প্ৰয়োজন অনুসৰি ব্যৱস্থা গ্ৰহণৰ বাবে সষ্টম ৰে'লকে ধৰি আন বিভাগ সমূহ।

৪৪. অযোধ্যা বিবাদমান ভূমি গোচৰৰ ৰায়দানৰ সন্দৰ্ভত দেশৰ প্ৰধান বিৰোধী ৰাজনৈতিক দলসমূহেও প্ৰকাশ কৰা নাই প্ৰতিক্ৰিয়া। সকলোৱে সংশ্লিষ্ট বিষয়তো সন্দৰ্ভত ৰাখিছে নজৰ।

৪৫. হাৰিয়ানা চৰকাৰে অযোধ্যা বিবাদমান গোচৰৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰিছে পদক্ষেপ। ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিৰ সন্দৰ্ভত চোকা দৃষ্টি ৰাখিবলৈ আৰক্ষী সঞ্চালক প্ৰধানক মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ।

৪৬. অযোধ্যা বিবাদমান ভূমি গোচৰৰ ৰায়দানৰ এদিনৰ পূৰ্বে লালকৃষ্ণ আদৱানীয়ে পালন কৰিলে জন্মদিন। উল্লেখ্য যে, বাবৰি মছজিদ ধ্বংস আৰু অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে এসময়ত তৎপৰ আছিল এইগৰাকী ৰাজনীতিবিদ।

৪৭. অযোধ্যা বিবাদমান গোচৰৰ ৰায়দানৰ লগতে সংগতি ৰাখি দেশৰ বিভিন্ন প্ৰান্তত নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্টি হ'ব পৰা ব্যক্তিৰো কৰা হৈছে কটকটীযা নিৰাপত্তা ব্যৱস্থা।

৪৮. কলকাতাত অযোধ্যা গোচৰৰ ৰায়দানৰ পূৰ্বে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। কলকাতাৰ লগতে দেশৰ প্ৰধান মহানগৰ সমূহতো স্থানীয় প্ৰশাসনে লৈছে বিশেষ পদক্ষেপ।

৪৯. অযোধ্যা বিবাদমান গোচৰৰ উচ্চতম ন্যয়ালয়ত শুনানি গ্ৰহণ কৰিছিল ৫জনীয়া বিচাৰপীঠে। এই বিচাৰপীঠত থকা এছ এ বোবডে হ'ব ৰঞ্জন গগৈৰ পিছত মুখ্য ন্যয়াধীশ।

৫০. দীৰ্ঘদিন ধৰি অযোধ্যা বিবাদ আৰু ৰাম মন্দিৰ নিৰ্মাণক লৈ বিভিন্ন পক্ষই কৰি আছিল ৰাজনীতি। এই ৰায়দানৰ পিছতে এই বিষয়তো তল পৰিব বুলি আশা ব্যক্ত কৰিছে বহুজনে। ৰায়দানৰ ৮ দিনৰ পিছতে অৱসৰ ল'ব দেশৰ মুখ্য ন্যায়াধীশ তথা অসম সন্তান ৰঞ্জন গগৈয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in