পাকিস্তানৰ উচ্চতম ন্যায়ালয়ত প্ৰথমগৰাকী মহিলা ন্যায়াধীশ : সৌন্দৰ্য আৰু শিক্ষাগত অৰ্হতাই দৃষ্টি কাঢ়িছে সকলোৰে…

পাকিস্তানৰ উচ্চতম ন্যায়ালয়ত প্ৰথমগৰাকী মহিলা ন্যায়াধীশ : সৌন্দৰ্য আৰু শিক্ষাগত অৰ্হতাই দৃষ্টি কাঢ়িছে সকলোৰে…

ডিজিটেল ডেস্কঃ ইছলামিক ৰাষ্ট্ৰ পাকিস্তানে লাভ কৰিলে দেশখনৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা ন্যায়াধিশ। ৰক্ষণশীল মুছলমান দেশখনত ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ত নাছিল কোনো এগৰাকী মহিলা ন্যায়াধীশ।কিন্তু দেশখনৰ উচ্চতম ন্যায়ালয়ত লাহোৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আয়েশা মালিকক নিযুক্তি প্ৰদান কৰা হৈছে।

পাকিস্তানৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গুলজাৰ আহমেদৰ নেতৃত্বত পাকিস্তানী ন্যায়িক আয়োগে সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত আয়েশা মালিকৰনিযুক্তিত অনুমোদন জনাইছে। আয়েশাই ৫ টা ভোটৰ ভিতৰত ৪ টা ভোটেই লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে পাকিস্তানৰ ন্যায়িক আয়োগে দ্বিতীয়বাৰৰ বাবে আয়েশা মালিকৰ পদোন্নতিৰ কথা বিবেচনা কৰিছিল। পূৰ্বে ২০২১ চনৰ ৯ ছেপ্টতম্বৰত তেওঁক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধিশ হিচাপে নিযুক্তিৰ বাবে বিবেচনা কৰিছিল।

আয়েশাই পেৰিছ আৰু নিউয়ৰ্কৰ বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা আৰু পাকিস্তানৰ কৰাচী গ্ৰামাৰ স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ কৰাচীৰ চৰকাৰী বাণিজ্য আৰু অৰ্থনীতি মহাবিদ্যালয়ৰ পৰা বাণিজ্য বিভাগত স্নাতক ডিগ্ৰীলাভ কৰিছিল।

এইগৰাকী যুৱ আইনজ্ঞই লাহোৰৰ পাকিস্তান কলেজ অৱ ল'ত প্ৰাথমিক আইনী শিক্ষা সম্পূৰ্ণ কৰিছে। পিছত তেওঁ হাৰ্ভাৰ্ড ল স্কুল আৰু কেমব্ৰিজ, মেচাচুচেটছৰ পৰা এলএলএম কৰিছিল। আয়েশাই শৈক্ষিক ক্ষেত্ৰত লাভ কৰা সফলতাৰ বাবে ১৯৯৮-৯৯ চনত লণ্ডন এইচ গেমন ফেলো লাভ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in