অসম জাতীয় বিদ্যালয়ত সৃজনীমূলক লিখনী বিষয়ক কৰ্মশালা সম্পন্ন…

অসম জাতীয় বিদ্যালয়ত সৃজনীমূলক লিখনী বিষয়ক কৰ্মশালা সম্পন্ন…

ডিজিটেল সংবাদ, গুৱাহাটীঃ শিক্ষাৰ্থীসকলৰ মাজত সৃজনশীলতাৰ বিকাশৰ লক্ষ্যৰে অসম জাতীয় বিদ্যালয়ৰ অসমীয়া আৰু সাংস্কৃতিক বিভাগৰ উদ্যোগত সৃজনীমূলক লিখনীৰ এখন কৰ্মশালা অনুষ্ঠিত হয়। বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ৫২ গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাত ৰাজ্যখনৰ ৩ গৰাকী বিশিষ্ট লেখক সমল ব্যক্তি হিচাপে উপস্থিত থাকে। প্ৰথম দিনৰ কাৰ্যসূচীত সমল ব্যক্তি হিচাপে উপস্থিত থাকি বিশিষ্ট গল্পকাৰ তথা প্ৰবন্ধকাৰ, সাহিত্য অকাডেমিৰ যুৱ বঁটা বিজয়ী ড০ সঞ্জীৱ পল ডেকাই গল্প লেখনৰ বিভিন্ন দিশ, কৌশল তথা উৎকৃষ্ট সাহিত্য পঠনৰ অভ্যাসৰ প্ৰয়োজনীয়তাৰ কথা শিক্ষাৰ্থীসকলক অৱগত কৰে।

দ্বিতীয় দিনা সমল ব্যক্তি হিচাপে উপস্থিত থাকি সাংবাদিক তথা গল্পকাৰ ৰত্না ভৰালী তালুকদাৰে শিক্ষাৰ্থীসকলক প্ৰৱন্ধ লিখাৰ সময়ত মন কৰিবলগীয়া বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰে। কৰ্মশালাত আন এগৰাকী সমল ব্যক্তি জোনমণি দাসে শিক্ষাৰ্থীসকলক শিশুপদ্য আৰু কবিতা লিখাৰ বিভিন্ন দিশ আলোকপাত কৰি শব্দচয়ন তথা ভাল কবিতা পঠনৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায়।তিনিওগৰাকী সমল ব্যক্তিয়ে শিক্ষাৰ্থীসকলৰ বিভিন্ন লেখাৰ ভুল-ক্ৰুটিসমূহ আঙুলিয়াই দেখুৱাই পৰামৰ্শ আগবঢ়ায়। দুয়োদিনৰ কাৰ্যসূচীত বিদ্যালয়ৰ সচিব ডা নাৰায়ণ শৰ্মা, সভাপতি দিলীপ কুমাৰ দত্ত চৌধুৰী, শৈক্ষিক বিষয়া নৰেন্দ্ৰ মোহন গোস্বামী, উপাধ্যক্ষা অপৰাজিতা বৰা, অসমীয়া বিভাগৰ মুৰব্বী কবিতা পাটগিৰিকে আদি কৰি সকলো শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in